Thursday 4 November 2021

গতি আৰু সময় || Lesson 13 || Class 7 Science All Textual Questions & Answers in Assamese Medium

Class 7 Science in Assamese Medium

গতি আৰু সময়

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 13
অধ্যায়ঃ ১৩

১)তলৰ গতিসমূহ সৰল  ৰৈখিক,  বৃত্তীয় বা দোলন গতিত শ্ৰেণীভূক্ত কৰা।
(ক) দৌৰি থকা অৱস্থাত তোমাৰ হাতৰ গতি।
(খ) এটা পোন ৰাস্তাৰে বাগী টানি থকা ঘোঁৰাৰ গতি।
(গ) ঘূৰণ -দোলনাত উঠি থকা অৱস্থাত শিশু এটাৰ গতি।
(ঘ) ঢেঁকী   পাতত উঠি থকা অৱস্থাত শিশু এটাৰ গতি।
(ঙ) বৈদ্যুতিক ঘণ্টাৰ হাতুৰীৰ গতি ।
(চ) এখন পোন দলঙত ৰেলৰ গতি।

উত্তৰ:- (ক) দোলন গতি।
                (খ) সৰল ৰৈখিক গতি।
                (গ) বৃত্তীয় গতি।
                (ঘ) দোলন গতি।
                (ঙ) দোলন গতি।
                (চ) সৰল ৰৈখিক গতি।

২/ তলৰ কোনবোৰ উক্তি শুদ্ধ / অশুদ্ধ বিচাৰ কৰা।
(ক) সময়ৰ মৌলিক একক ছেকেণ্ড।
(খ) প্ৰত্যেক বস্তৱে ধ্ৰুৱক দ্ৰুতিৰে গতি কৰে।
(গ) দুখন চহৰৰ মাজৰ দূৰত্ব কিলোমিটাৰত জোখা হয় ।
(ঘ) এটা প্ৰদত্ত দোলকৰ পৰ্যায়কাল ধ্ৰুৱক নহয়।
(ঙ) এখন ৰেলৰ দ্ৰুতি মি./ঘ.ত প্ৰকাশ কৰা হয়।

উত্তৰ:- (ক) শুদ্ধ।
               (খ) অশুদ্ধ।
               (গ) শুদ্ধ।
               (ঘ) অশুদ্ধ।
               (ঙ) শুদ্ধ।
               
৩/ এটা সৰল দোলকে ২০বাৰ দুলিবলৈ ৩২ছেকেণ্ড সময় লয়। দোলকটোৰ পৰ্য্যায়কাল নিৰ্ণয়  কৰা ।
উত্তৰ:- ইয়াত দিয়া আছে,
                         দোলকৰ সংখ্যা =২০ বাৰ
                           দোলনৰ সময় = ৩২ছেকেণ্ড
 আমি জানো যে  , পৰ্যায়কাল= দোলনৰ  সময় /  দোলনৰ সংখ্যা
                  এতেকে নিৰ্ণয় পৰ্যায়কাল = ২০/১৬
                  পৰ্যায়কাল = ১.৬ ছেকেণ্ড।

৪/ দুটা আস্থানৰ মাজৰ দূৰত্ব ২৪০ কি.মি .। এখন ৰেলে এই দূৰত্ব অতিক্ৰম কৰিবলৈ ৪ ঘণ্টা সময় লয়। ৰেলখনৰ দ্ৰুতি নিৰ্ণয় কৰা।
উত্তৰ:- দিয়া আছে ,
                                    আস্থানৰ মাজৰ দূৰত্ব= ২৪০ কি.মি
                                    সময়                      = ৪ঘণ্টা
                                    ৰেলখনৰ দ্ৰুতি        = ?
  আমি জানো যে,       দ্ৰুতি =  দূৰত্ব/ সময়
                                           দ্ৰুতি = ২৪০/৪ কি.মি./ঘণ্টা
                                           দ্ৰুতি = ৬০ কি.মি./ঘণ্টা ।

Monday 18 October 2021

উদ্ভিদৰ প্ৰজনন

Class 7 Science in Assamese Medium

উদ্ভিদৰ প্ৰজনন

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 12
অধ্যায়ঃ ১২

১/ খালী ঠাই পূৰ কৰা-
(ক) উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাক ____বোলে ।
(,খ) এপাহ ফুলত পুং বা স্ত্ৰী জনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক ____বোলে।
(গ) একে ধৰণৰ ফুল এপাহৰ পুং কেশৰৰ পৰা পৰাগ ৰেণু একেপাহ বা একেধৰণৰ আন এপাহৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হোৱাকে ____বুলি জনা যায়।
(ঘ) পুং আৰু স্ত্ৰী জনন কোষ মিলনক ____ বোলে।
(ঙ) বীজৰ বিস্তাৰণ _____ ,_____ আৰু_____জৰিয়তে হয়।     

উত্তৰ:- (ক) অংগজ প্ৰজনন।
               (খ) এক লিংগী ফুল।
               (গ) পৰাগযোগ।
               (ঘ) নিষেচন ।
               (ঙ) বতাহ, পানী আৰু প্ৰাণী।
 

২/ অযৌন প্ৰজননৰ বিভিন্ন পদ্ধতিবোৰ বৰ্ণনা কৰাৰ লগতে উদাহৰণ দিয়া।  
উত্তৰ:- অযৌন প্ৰজননৰ বিভিন্ন পদ্ধতিবোৰ হ'ল-  
(ক) অংগজ বংশ বিস্তাৰ- ই এক ধৰণৰ অযৌন প্ৰজনন যত নতুন উদ্ভিদবোৰ শিপা, কাণ্ড, পাত আৰু মুকুলৰ পৰা পোখা মেলি সৃষ্টি হয়।
(খ) মুকুলন - এককোষী জীৱ ইষ্ট ,হাইড্ৰাইড মুকুলৰ পদ্ধতিৰে বংশ বিস্তাৰ কৰে। ইষ্টকোষটোৰ পৰা  সৰু টেমুনাৰ দৰে ওলাই অহা অংশ বোৰক মুকুল বোলে।
(গ) বিভাজন - সৰ্পিল শেলাই বোৰে এই প্ৰক্ৰিয়াৰ বংশ বিস্তাৰ কৰে। যেতিয়া পানী আৰু পোষক দ্ৰব্য যথেষ্ঠ পৰিমানে পায় তেতিয়া শেলাইবোৰৰ বৃদ্ধি হয় আৰু বিভাজনৰ দ্বাৰা ইহঁত খৰতকীয়াকৈ সংখ্যাত বাঢ়ি যায়। কোনো এবিধ শেলাই দুই বা ততোধিক টুকুৰালৈ বিভাজন হ'ব পাৰে।
(ঘ) ৰেণু গঠন - ঢেকীয়াই  ৰেণু গঠনৰ দ্বাৰা প্ৰজনন কৰে। এই ৰেণুবোৰ হ'ল অযৌন প্ৰজনন অংগ। প্ৰতিটো ৰেণু প্ৰতিকূল অৱস্থা যেনে উচ্চ উষ্ণতা আৰু নিম্ন আদ্ৰতা আদি পৰা ৰক্ষা পাবলৈ এখন কঠিন ৰক্ষাকাৰী আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে।

৩/ যৌন প্ৰজনন বুলিলে  তুমি কি বুজা বহলাই লিখা।
উত্তৰ:-
যৌন প্ৰজননত পুংজনন আৰু স্ত্ৰী জনন কোষৰ মিলন ঘটে। পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক নিষেচন বোলে আৰু ইয়াৰ ফলত যোজন কোষ গঠন হয় পৰৱৰ্তী  সময়ত যোজন কোষটো ভ্ৰণলৈ বিকশিত হয়।

প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ

Class 7 Science in Assamese Medium

প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 11
অধ্যায়ঃ ১১
১) ১ নং স্তম্ভৰ লগত ২ নং স্তম্ভ মিলোৱা
স্তম্ভ-১ স্তম্ভ - ২
(1) পত্ৰৰন্ধ্ৰ(a)পানী শোষণ
(2) জাইলেম (b) প্ৰস্বেদন
(3) চুলি শিপা। (c) আহাৰ পৰিবহণ
(4) ফ্ল'ৱেম(d)পানী পৰিবহণ
উত্তৰ:-
স্তম্ভ-১ স্তম্ভ - ২
(1) পত্ৰৰন্ধ্ৰ(b) প্ৰস্বেদন
(2) জাইলেম (d) পানী পৰিমাণ
(3) চুলি শিপা। (a) পানী শোষণ
(4) ফ্ল'ৱেম(c) আহাৰ পৰিবহণ
 
২)  খালী ঠাই পূৰ কৰা ।
(1) ____ ৰ দ্বাৰা হৃদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয় ।
(2) ____ কোষত হিম' গ্লবিন পোৱা যায় ।
(3) ধমনী আৰু সিৰাবোৰ ____ জালিকাৰ দ্বাৰা সংলগ্ন ।
(4) হৃদযন্ত্ৰৰ সুসংসত প্ৰসাৰশ আৰু প্ৰসাৰণ আৰু সংকোচন____ বোলা হয়।
(5) মানুহৰ প্ৰধান বৰ্জিত দ্ৰব্য হ'ল ____  ।
(6) ঘামত পানী আৰু ____ থাকে
(7) জুলীয়া অৱস্থাত বৃক্কই অপহৰণ কৰা বৰ্জিত দ্ৰব্যক ____ বোলা হয় ।
(8) শোষণ টানৰ জৰিয়তে পানী গেছৰ উচ্চতালৈ পৰিবহণ  হোৱা কাৰণ হ' ল ____ ।

উত্তৰ:- (1) ধমনী।
               (2) লোহিত ৰক্ত ।
               (3) কৌশিক।
               (4) হৃদস্পদন                                                                        
               (5) ইউৰিয়া        
               (6) নিমখ
               (7) মুত্ৰ
               (8) প্ৰস্বেদন

৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
(A) উদ্ভিদত পানী পৰিবহণ হয় ,
(1) জাইলেম      (2) ফ্ল'ৱেম    (3) পত্ৰৰন্ধ্ৰ
(4) চুলি শিপাৰ দ্বাৰা
উত্তৰ :
1) জাইলেম ।

(B) শিপাৰ দ্বাৰা পানীৰ শোষণ বৃদ্ধি কৰিব যদিহে উদ্ভিদক ৰখা হয় -
(1)  ছাঁত.   (2) কম পোহৰত  (3) ফেনৰ তলত
উত্তৰ:
3) ফেনৰ তলত ।

৪) উদ্ভিদ আৰু প্ৰাণীৰ উপাদানসমূহৰ পৰিবহণৰ কিয় প্ৰয়োজন ব্যাখ্যা কৰা।
উত্তৰ:-
উদ্ভিদ বা প্ৰাণীৰ উপাদানসমূহৰ পৰিবহণৰ  প্ৰয়োজন হ'ল-
(১) জীৱৰ প্ৰয়োজনীয়  পানী আৰু খাদ্য সমূহ  বিভিন্ন অংশলৈ পৰিবহণ কৰা হয়।
(২) শৰীৰত সৃষ্টি হোৱা অপ্ৰয়োজনীয় দ্ৰব্য সমূহ বৰ্জনৰ বাবে নিৰ্দিষ্ট অংগলৈ পৰিবহণ কৰা হয়।
(৩) যদি তেজত অনুচক্ৰিকা নাথাকে তেতিয়া কি হ'ব?

Sunday 17 October 2021

বায়ু আৰু পানীৰ প্ৰদূষণ

Class 8 Science in Assamese Medium

বায়ু আৰু পানীৰ প্ৰদূষণ

অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 18
অধ্যায়ঃ ১৮

১) কি কি প্ৰকাৰে পানী প্ৰদূষিত হ'ব পাৰে?
উত্তৰ:-
  পানী প্ৰদূষিত হোৱাৰ কাৰণ সমূহ হ'ল -
(ক) নদীত গা- ধোৱা, কাপোৰ ধোৱা ফলত পানী প্ৰদূষিত হয়।
(খ) উদ্যোগ সমূহৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ নৈ, বিল, পুখুৰীত পৰাৰ ফলত পানী প্ৰদূষিত হয়।
(গ) খেতি পথাৰত ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ ফলত পানী প্ৰদূষিত হয়।
(ঘ) আৱৰ্জনা, মৰাশ আদি পানীত পেলোৱাৰ বাবে পানী প্ৰদূষিত হয়।

২) তোমালোকে ব্যক্তিগতভাৱে বায়ু প্ৰদূষণ কেনেকৈ হ্ৰাস কৰিবা?
উত্তৰ:-
বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ তলত দিয়া ধৰণে কাম কৰিব লাগে-
(ক) গছ -গছনি ৰোপণ কৰিব লাগিব।
(খ) আমি যিমান পাৰোঁ গাড়ী -মটৰ ব্যৱহাৰ কমাই চলিব লাগিব ।
(গ) ডিজেল পেট্ৰল , আদিৰ সলনি  CNG আৰু সীহ নথকা পেট্ৰল ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ হ্ৰাস কৰিব পাৰি।
(ঘ) জীৱাশ্ম ইন্ধনৰ সলনি বিকল্প ইন্ধনৰ  সন্ধান বিচাৰিব লাগিব।
(ঙ) বায়ু প্ৰদূষণৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব।

৩) “পৰিস্কাৰ, স্বচ্ছ ( ফটফটীয়া ) পানী খোৱাৰ উপযোগী ” - তোমাৰ মতামত আগবঢ়োৱা।
উত্তৰ:-
দেখাত “পৰিস্কাৰ  স্বচ্ছ (ফটফটীয়া) পানী" খোৱাটো উপযোগী নহয়। কাৰণ দেখাত পৰিস্কাৰ স্বচ্ছ পানীতো বহুতো বেমাৰৰ বীজাণু, বিষাক্ত পদাৰ্থ, আইৰণ, অলাগতিয়াল দ্ৰৱ্য  আদি থাকিব পাৰে। সেয়েহে, এই পানী আমাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেয়েহে আমি খোৱা পানী পৰিস্কাৰ স্বচ্ছ হ'লেও আমি সদায় পানী পৰিশোধিত কৰি খাব লাগে।

৪) ধৰি লোৱা তুমি তোমাৰ নগৰখনৰ পৌৰ নিগমৰ এজন সদস্য । তোমাৰ নগৰখনৰ সকলোবোৰ বাসিন্দাৰ  ঘৰলৈ বিশুদ্ধ পানীৰ যোগান ধৰিবলৈ কি কি ব্যৱস্থা ল'বা তাৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰ:-
বিশুদ্ধ পানী যোগান লোৱা ব্যৱস্থা সমূহ হ'ল-
(ক) পানী যোগান ধৰা পাইপসমূহ যাতে নলা- নৰ্দমা সংস্পৰ্শলৈ নাহে তাৰ বাবে চকু দিব লাগিব।
(খ) পানী টেংকি সমূহ ভালদৰে পৰিস্কাৰ কৰিব লাগিব।
(গ) ক্লৰিণ টেবলেট

Class 8 Science in Assamese Medium

তৰা আৰু সৌৰজগত

অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 17
অধ্যায়ঃ ১৭

প্ৰশ্ন ১-৩ ত শুদ্ধ উত্তৰটো বাছি উলিওৱা।
১) তলৰ কোনটো সৌৰজগতৰ সদস্য নহয় ?
(ক) গ্ৰহাণুপুঞ্জ ।
(খ) উপগ্ৰহ।
(গ) তাৰকাপুঞ্জ।
(ঘ) ধুমকেতু।
উত্তৰ:-
  (গ) তাৰকাপুঞ্জ ।

২) তলৰ কোনটো সূৰ্য্যৰ গ্ৰ্হ নহয় ?
(ক) লুব্ধক।
(খ) বুধ ।
(গ) শনি।
(ঘ) পৃথিৱী।
উত্তৰ:-
লুব্ধক ।

৩) চন্দ্ৰকলাৰ উৎপত্তিৰ কাৰণ
(ক) আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ।
(খ) চন্দ্ৰৰ পৰা আমাৰ দূৰত্ব সলনি হৈ থাকে।
(গ) পৃথিৱীৰ প্ৰচ্ছায়াই চন্দ্ৰ পৃষ্ঠৰ এটা অংশহে ঢাকি ৰাখে।
(ঘ) চন্দ্ৰৰ বায়ুমণ্ডলৰ ঘনত্ব স্থিৰ নহয়।
উত্তৰ:-
(ক) আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ।
 
৪/ খালী ঠাই পূৰ কৰা-
(ক)  সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা  গ্ৰহটো হ'ল  ____।
(খ) ৰঙা ৰঙৰ  গ্ৰহটো হ'ল ____।
(গ) আকাশত  বিশিষ্ট ৰূপ গঠন কৰা  তৰাৰ সমষ্টিক ____ বোলে।
(ঘ) গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক ____বোলে।
(ঙ) পপীয়া তৰাবোৰ প্ৰকৃততে _____নহয়।
(চ) ____ আৰু _____ৰ কক্ষপথৰ মাজত গ্ৰ্হাণুপুঞ্জ সমূহ পোৱা যায়।
উত্তৰ:- (ক)   নেপচুন।
            (খ) মংগল।
            (গ) তাৰকাপুঞ্জ ।
            (ঘ) উপগ্ৰহ।
            (ঙ) তৰা ।
            (চ) মংগল , বৃহস্পতি ।

৫/ তলৰ বাক্য সমূহ শুদ্ধ (শু) আৰু অশুদ্ধ (অ) হিচাপে চিহ্নিত কৰা।
(ক) ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য ।
(খ) বুধ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰ্হ ।
(গ) ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ।
(ঘ) ইনটেছ এটা কৃত্ৰিম উপগ্ৰহ ।
(ঙ) সৌৰজগতত নটা গ্ৰ্হ আছে।
(চ) কালপুৰুষ তাৰকাপুঞ্জ কেৱল দূৰবীক্ষণেৰেহে দেখা পায় ।
উত্তৰ:- (ক) অশুদ্ধ।
            (খ) শুদ্ধ।
            (গ) অশুদ্ধ।
            (ঘ) শুদ্ধ।
            (ঙ) অশুদ্ধ।
            (চ) অশুদ্ধ।

৬/  “A” স্তম্ভৰ পদসমূহৰ সৈতে “B” স্তম্ভৰ এক বা একাধিক পদৰ সম্পৰ্ক স্থাপন কৰা।
            
            A.                                B                 
              ( 1) অন্তঃ গ্ৰ্হ।                  (a) শনি
              (2) বহিঃগ্ৰ্হ।                    (b) ধ্ৰুৱ তৰা
              (3) তাৰকাপুঞ্জ।                (c) সপ্তৰ্ষিমণ্ডল

পোহৰ || Class 8 Science || Lesson 16 || Questions & Answers in Assamese Medium || SCERT Textbook

Class 8 Science in Assamese Medium

পোহৰ

অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 16
অধ্যায়ঃ ১৬

১/ ধৰা হওঁক তুমি এটা অন্ধকাৰ কোঠালিত আছা।
কোঠালিৰ ভিতৰত বস্তুবোৰ তুমি দেখিবানে ? কোঠালিৰ বাহিৰৰ বস্তুবোৰ দেখিবানে ? ব্যাখ্যা কৰা।
উত্তৰ:-
যদি  আমি অন্ধকাৰ কোঠালিৰ ভিতৰত থাকোঁ তেতিয়া  কোঠালিৰ ভিতৰৰ বস্তুবোৰ দেখা নাপাম কিন্তু কোঠালিৰ বাহিৰৰ বস্তু দেখা পাম । কাৰণ আমি বস্তু এটাত  পোহৰ প্ৰতিফলিত হ'লে  বা বস্তুটোৱে পোহৰ নিৰ্গত কৰিলে আমি দেখা পাম । যিহেতু অন্ধকাৰ কোঠাত বস্তুবোৰে পোহৰ প্ৰতিফলিত নকৰে সেইকাৰণে দেখা নাপাওঁ। বাহিৰৰ বস্তুবোৰ দেখা পাওঁ বাহিৰত পোহৰ আছে।

২/ নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলন পাৰ্থক্যবোৰ লিখা। বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰসমূহ বিফল হোৱা বুজায় নেকি?
উত্তৰ:-
নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলনৰ পাৰ্থক্যবোৰ হ'ল -
(ক)  নিয়মিত প্ৰতিফলন দাপোণৰ দৰে মিহি পৃষ্ঠত হয়।
           আনহাতে বিক্ষিপ্ত প্ৰতিফলন অসমান বা বিষম পৃষ্ঠত হয়।
   (খ) নিয়মিত প্ৰতিফলনত প্ৰতিফলিত ৰশ্মি সমূহ সমান্তৰাল  হয়।
            আনহাতে বিক্ষিপ্ত প্ৰতিফলনত প্ৰতিফলিত ৰশ্মি  সমূহ অসমান্তৰাল হয় ।
 বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰসমূহ বিফল হোৱা নুবুজায়।

৩/ তলত উল্লেখ কৰা পৃষ্ঠ সমূহত পোহৰৰ ৰশ্মি গুচ্ছ আপতিত হ'লে নিয়মিত নে বিক্ষিপ্ত প্ৰতিফলন ঘটিব উল্লেখ কৰা।  তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিষ্ঠা কৰা।
(ক) চিকচিকীয়া কাঠৰ টেবুল।
(খ) চক পাউডাৰ ।
(গ) ডাঠ কাগজৰ পৃষ্ঠ ।
(ঘ) তিতি থকা মাৰ্বলৰ মজিয়া।
(ঙ) দাপোন।
(চ) কাগজৰ টুকুৰা।
উত্তৰ:-
(ক) চিকচিকীয়া কাঠৰ টেবুলত সুষম বা নিয়মিত প্ৰতিফলন ঘটিব। কাঠৰ  চিকচিকীয়া টেবুলৰ পৃষ্ঠখন মিহি। 

(খ) চক পাউডাৰ  ক্ষেত্ৰত বিষম বা বিক্ষিপ্ত প্ৰতিফলন ঘটিব ,চক পাউডাৰসমূহ লগ লাগি এখন মিহি পৃষ্ঠৰ সৃষ্টি কৰিব নোৱাৰে।

(গ) ডাঠ কাগজৰ পৃষ্ঠ ক্ষেত্ৰত বিষম বা বিক্ষিপ্ত প্ৰতিফলন ঘটিব কাৰণ ডাঠ কাগজৰ পৃষ্ঠ খন অসমান।

(ঘ) তিতি থকা মাৰ্বলৰ মজিয়া

Sunday 10 October 2021

িছুমান প্ৰাকৃতিক পৰিঘটনা

Class 8 Science in Assamese Medium

কিছুমান প্ৰাকৃতিক পৰিঘটনা

অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 15
অধ্যায়ঃ ১৫

১আৰু ২নং প্ৰশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱা।

১) তলৰ কোনবিধ বস্তু ঘৰ্ষণৰ দ্বাৰা সহজে আহিত কৰিব নোৱাৰি।
(ক) প্লাষ্টিকৰ স্কেল এডাল।
(খ) তামৰ দণ্ড এডাল।
(গ) ফুলাই থোৱা বেলুন এটা।
(ঘ) ঊলৰ কাপোৰ।

উত্তৰ:- (খ) তামৰ দণ্ড এডাল।

২) এটুকুৰা পাটৰ কাপোৰেৰে কাচৰ দণ্ড এডাল ঘঁহিলে দণ্ডডাল
(ক) আৰু কাপোৰ টুকুৰা দুয়ো ধনাত্মকভাৱে আহিত হ'ব।
(খ) ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা দুয়ো ধনাত্মকভাৱে আহিত হ'ব।
(গ) আৰু কাপোৰৰ টুকুৰা দুয়ো ধনাত্মকভাৱে আহিত হ'ব।
(ঘ) ঋণাত্মকভাৱে আহিত আৰু কাপোৰ টুকুৰা ধনাত্মকভাৱে আহিত হ'ব।

উত্তৰ:- (খ) ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ধনাত্মকভাৱে আহিত হ'ব।

৩) তলৰ বাক্য কেইটা সঁচা নে মিছা লিখা।
(ক) একেজাতীয় আধানে পৰস্পৰক আকৰ্ষণ কৰে। (সঁচা / মিছা।
(খ) এডাল আহিত কাচৰ দণ্ড ই এডাল আহিত প্লাষ্টিক ষ্টপাইপক আকৰ্ষণ কৰে। (সঁচা / মিছা)
(গ) বজ্ৰ-নিৰোধক পৰিবাহী দণ্ড ই অট্টালিকা বজ্ৰপাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে। (সঁচা / মিছা)।
(ঘ) ভূমিকম্পৰ আগজাননী দিব পাৰি। ( সঁচা / মিছা
উত্তৰ :- (ক)  মিছা।
                (খ) সঁচা।
                (গ) মিছা।
                (ঘ) মিছা।

৪) জাৰকালি ছুৱেটাৰ এটা খুলিলে কেতিয়াবা ফট- ফটাই উঠা শব্দ শুনিবলৈ পোৱা যায়। কিয় এনে হয় বুজাই লিখা।
উত্তৰ:-
আমি লক্ষ্য কৰোঁ যে ঠাণ্ডা দিনত ঊলৰ কাপোৰ পিন্ধালে আমাৰ নোমবোৰ থিয় হৈ যায় । কাৰণ ঊলৰ কাপোৰ আৰু নোমত পৰস্পৰ বিপৰীত ধৰ্মী আধানৰ সৃষ্টি হয় আৰু ফলত ইহঁতৰ মাজত আকৰ্ষণীয় বলে ক্ৰিয়া কৰে । আমি ছুয়েটাৰ খুলিলে আকৰ্ষণীয় বলৰ বিপৰীতে কায্য কৰা হয় বাবে ফট-ফটাই ঊঠা শব্দ শুনিবলৈ পোৱা যায় ।

৫) আহিতবস্তু এটা হাতেৰে চুলে আধানবোৰ কিয় নাইকিয়া হয় বুজাই লিখা ।
উত্তৰ:-
  আহিতবস্তু এটা হাতেৰে চুলে আধানবোৰ নাইকিয়া হয় কাৰণ আমি হাতেৰে চুই দিয়াৰ পাছত আধানবোৰ আমাৰ শৰীৰৰ মাজেৰে ভূমিলৈ গুচি যায় । সেয়েহে আধানযুক্ত বস্তুটোৱে আধান হেৰুৱায়।

Class 8 Science Chapter 15 in Assamese Medium