Sunday 17 October 2021

বায়ু আৰু পানীৰ প্ৰদূষণ || Science || Lesson 18 || SCERT New Textbook Questions & Answers || Assamese Medium

বায়ু আৰু পানীৰ প্ৰদূষণ

Class 8 Science in Assamese Medium

বায়ু আৰু পানীৰ প্ৰদূষণ

অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 18
অধ্যায়ঃ ১৮

১) কি কি প্ৰকাৰে পানী প্ৰদূষিত হ'ব পাৰে?
উত্তৰ:-
  পানী প্ৰদূষিত হোৱাৰ কাৰণ সমূহ হ'ল -
(ক) নদীত গা- ধোৱা, কাপোৰ ধোৱা ফলত পানী প্ৰদূষিত হয়।
(খ) উদ্যোগ সমূহৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ নৈ, বিল, পুখুৰীত পৰাৰ ফলত পানী প্ৰদূষিত হয়।
(গ) খেতি পথাৰত ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ ফলত পানী প্ৰদূষিত হয়।
(ঘ) আৱৰ্জনা, মৰাশ আদি পানীত পেলোৱাৰ বাবে পানী প্ৰদূষিত হয়।

২) তোমালোকে ব্যক্তিগতভাৱে বায়ু প্ৰদূষণ কেনেকৈ হ্ৰাস কৰিবা?
উত্তৰ:-
বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ তলত দিয়া ধৰণে কাম কৰিব লাগে-
(ক) গছ -গছনি ৰোপণ কৰিব লাগিব।
(খ) আমি যিমান পাৰোঁ গাড়ী -মটৰ ব্যৱহাৰ কমাই চলিব লাগিব ।
(গ) ডিজেল পেট্ৰল , আদিৰ সলনি  CNG আৰু সীহ নথকা পেট্ৰল ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ হ্ৰাস কৰিব পাৰি।
(ঘ) জীৱাশ্ম ইন্ধনৰ সলনি বিকল্প ইন্ধনৰ  সন্ধান বিচাৰিব লাগিব।
(ঙ) বায়ু প্ৰদূষণৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব।

৩) “পৰিস্কাৰ, স্বচ্ছ ( ফটফটীয়া ) পানী খোৱাৰ উপযোগী ” - তোমাৰ মতামত আগবঢ়োৱা।
উত্তৰ:-
দেখাত “পৰিস্কাৰ  স্বচ্ছ (ফটফটীয়া) পানী" খোৱাটো উপযোগী নহয়। কাৰণ দেখাত পৰিস্কাৰ স্বচ্ছ পানীতো বহুতো বেমাৰৰ বীজাণু, বিষাক্ত পদাৰ্থ, আইৰণ, অলাগতিয়াল দ্ৰৱ্য  আদি থাকিব পাৰে। সেয়েহে, এই পানী আমাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেয়েহে আমি খোৱা পানী পৰিস্কাৰ স্বচ্ছ হ'লেও আমি সদায় পানী পৰিশোধিত কৰি খাব লাগে।

৪) ধৰি লোৱা তুমি তোমাৰ নগৰখনৰ পৌৰ নিগমৰ এজন সদস্য । তোমাৰ নগৰখনৰ সকলোবোৰ বাসিন্দাৰ  ঘৰলৈ বিশুদ্ধ পানীৰ যোগান ধৰিবলৈ কি কি ব্যৱস্থা ল'বা তাৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰ:-
বিশুদ্ধ পানী যোগান লোৱা ব্যৱস্থা সমূহ হ'ল-
(ক) পানী যোগান ধৰা পাইপসমূহ যাতে নলা- নৰ্দমা সংস্পৰ্শলৈ নাহে তাৰ বাবে চকু দিব লাগিব।
(খ) পানী টেংকি সমূহ ভালদৰে পৰিস্কাৰ কৰিব লাগিব।
(গ) ক্লৰিণ টেবলেট

No comments:

Post a Comment