Sunday 17 October 2021

তৰা আৰু সৌৰজগত || Lesson 17 || Class 8 Science || SCERT NEW TEXTBOOK || All Textual Questions & Answers

Class 8 Science in Assamese Medium

তৰা আৰু সৌৰজগত

অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 17
অধ্যায়ঃ ১৭

প্ৰশ্ন ১-৩ ত শুদ্ধ উত্তৰটো বাছি উলিওৱা।
১) তলৰ কোনটো সৌৰজগতৰ সদস্য নহয় ?
(ক) গ্ৰহাণুপুঞ্জ ।
(খ) উপগ্ৰহ।
(গ) তাৰকাপুঞ্জ।
(ঘ) ধুমকেতু।
উত্তৰ:-
  (গ) তাৰকাপুঞ্জ ।

২) তলৰ কোনটো সূৰ্য্যৰ গ্ৰ্হ নহয় ?
(ক) লুব্ধক।
(খ) বুধ ।
(গ) শনি।
(ঘ) পৃথিৱী।
উত্তৰ:-
লুব্ধক ।

৩) চন্দ্ৰকলাৰ উৎপত্তিৰ কাৰণ
(ক) আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ।
(খ) চন্দ্ৰৰ পৰা আমাৰ দূৰত্ব সলনি হৈ থাকে।
(গ) পৃথিৱীৰ প্ৰচ্ছায়াই চন্দ্ৰ পৃষ্ঠৰ এটা অংশহে ঢাকি ৰাখে।
(ঘ) চন্দ্ৰৰ বায়ুমণ্ডলৰ ঘনত্ব স্থিৰ নহয়।
উত্তৰ:-
(ক) আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ।
 
৪/ খালী ঠাই পূৰ কৰা-
(ক)  সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা  গ্ৰহটো হ'ল  ____।
(খ) ৰঙা ৰঙৰ  গ্ৰহটো হ'ল ____।
(গ) আকাশত  বিশিষ্ট ৰূপ গঠন কৰা  তৰাৰ সমষ্টিক ____ বোলে।
(ঘ) গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক ____বোলে।
(ঙ) পপীয়া তৰাবোৰ প্ৰকৃততে _____নহয়।
(চ) ____ আৰু _____ৰ কক্ষপথৰ মাজত গ্ৰ্হাণুপুঞ্জ সমূহ পোৱা যায়।
উত্তৰ:- (ক)   নেপচুন।
            (খ) মংগল।
            (গ) তাৰকাপুঞ্জ ।
            (ঘ) উপগ্ৰহ।
            (ঙ) তৰা ।
            (চ) মংগল , বৃহস্পতি ।

৫/ তলৰ বাক্য সমূহ শুদ্ধ (শু) আৰু অশুদ্ধ (অ) হিচাপে চিহ্নিত কৰা।
(ক) ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য ।
(খ) বুধ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰ্হ ।
(গ) ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ।
(ঘ) ইনটেছ এটা কৃত্ৰিম উপগ্ৰহ ।
(ঙ) সৌৰজগতত নটা গ্ৰ্হ আছে।
(চ) কালপুৰুষ তাৰকাপুঞ্জ কেৱল দূৰবীক্ষণেৰেহে দেখা পায় ।
উত্তৰ:- (ক) অশুদ্ধ।
            (খ) শুদ্ধ।
            (গ) অশুদ্ধ।
            (ঘ) শুদ্ধ।
            (ঙ) অশুদ্ধ।
            (চ) অশুদ্ধ।

৬/  “A” স্তম্ভৰ পদসমূহৰ সৈতে “B” স্তম্ভৰ এক বা একাধিক পদৰ সম্পৰ্ক স্থাপন কৰা।
            
            A.                                B                 
              ( 1) অন্তঃ গ্ৰ্হ।                  (a) শনি
              (2) বহিঃগ্ৰ্হ।                    (b) ধ্ৰুৱ তৰা
              (3) তাৰকাপুঞ্জ।                (c) সপ্তৰ্ষিমণ্ডল

No comments:

Post a Comment