Sunday 10 October 2021

কিছুমান প্ৰাকৃতিক পৰিঘটনা || Class 8 || SCIENCE || Lesson 15 || Questions & Answers in Assamese Medium

িছুমান প্ৰাকৃতিক পৰিঘটনা

Class 8 Science in Assamese Medium

কিছুমান প্ৰাকৃতিক পৰিঘটনা

অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 15
অধ্যায়ঃ ১৫

১আৰু ২নং প্ৰশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱা।

১) তলৰ কোনবিধ বস্তু ঘৰ্ষণৰ দ্বাৰা সহজে আহিত কৰিব নোৱাৰি।
(ক) প্লাষ্টিকৰ স্কেল এডাল।
(খ) তামৰ দণ্ড এডাল।
(গ) ফুলাই থোৱা বেলুন এটা।
(ঘ) ঊলৰ কাপোৰ।

উত্তৰ:- (খ) তামৰ দণ্ড এডাল।

২) এটুকুৰা পাটৰ কাপোৰেৰে কাচৰ দণ্ড এডাল ঘঁহিলে দণ্ডডাল
(ক) আৰু কাপোৰ টুকুৰা দুয়ো ধনাত্মকভাৱে আহিত হ'ব।
(খ) ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা দুয়ো ধনাত্মকভাৱে আহিত হ'ব।
(গ) আৰু কাপোৰৰ টুকুৰা দুয়ো ধনাত্মকভাৱে আহিত হ'ব।
(ঘ) ঋণাত্মকভাৱে আহিত আৰু কাপোৰ টুকুৰা ধনাত্মকভাৱে আহিত হ'ব।

উত্তৰ:- (খ) ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ধনাত্মকভাৱে আহিত হ'ব।

৩) তলৰ বাক্য কেইটা সঁচা নে মিছা লিখা।
(ক) একেজাতীয় আধানে পৰস্পৰক আকৰ্ষণ কৰে। (সঁচা / মিছা।
(খ) এডাল আহিত কাচৰ দণ্ড ই এডাল আহিত প্লাষ্টিক ষ্টপাইপক আকৰ্ষণ কৰে। (সঁচা / মিছা)
(গ) বজ্ৰ-নিৰোধক পৰিবাহী দণ্ড ই অট্টালিকা বজ্ৰপাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে। (সঁচা / মিছা)।
(ঘ) ভূমিকম্পৰ আগজাননী দিব পাৰি। ( সঁচা / মিছা
উত্তৰ :- (ক)  মিছা।
                (খ) সঁচা।
                (গ) মিছা।
                (ঘ) মিছা।

৪) জাৰকালি ছুৱেটাৰ এটা খুলিলে কেতিয়াবা ফট- ফটাই উঠা শব্দ শুনিবলৈ পোৱা যায়। কিয় এনে হয় বুজাই লিখা।
উত্তৰ:-
আমি লক্ষ্য কৰোঁ যে ঠাণ্ডা দিনত ঊলৰ কাপোৰ পিন্ধালে আমাৰ নোমবোৰ থিয় হৈ যায় । কাৰণ ঊলৰ কাপোৰ আৰু নোমত পৰস্পৰ বিপৰীত ধৰ্মী আধানৰ সৃষ্টি হয় আৰু ফলত ইহঁতৰ মাজত আকৰ্ষণীয় বলে ক্ৰিয়া কৰে । আমি ছুয়েটাৰ খুলিলে আকৰ্ষণীয় বলৰ বিপৰীতে কায্য কৰা হয় বাবে ফট-ফটাই ঊঠা শব্দ শুনিবলৈ পোৱা যায় ।

৫) আহিতবস্তু এটা হাতেৰে চুলে আধানবোৰ কিয় নাইকিয়া হয় বুজাই লিখা ।
উত্তৰ:-
  আহিতবস্তু এটা হাতেৰে চুলে আধানবোৰ নাইকিয়া হয় কাৰণ আমি হাতেৰে চুই দিয়াৰ পাছত আধানবোৰ আমাৰ শৰীৰৰ মাজেৰে ভূমিলৈ গুচি যায় । সেয়েহে আধানযুক্ত বস্তুটোৱে আধান হেৰুৱায়।

Class 8 Science Chapter 15 in Assamese Medium

No comments:

Post a Comment