Sunday 17 October 2021

পোহৰ || Class 8 Science || Lesson 16 || Questions & Answers in Assamese Medium || SCERT Textbook

পোহৰ || Class 8 Science || Lesson 16 || Questions & Answers in Assamese Medium || SCERT Textbook

Class 8 Science in Assamese Medium

পোহৰ

অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 16
অধ্যায়ঃ ১৬

১/ ধৰা হওঁক তুমি এটা অন্ধকাৰ কোঠালিত আছা।
কোঠালিৰ ভিতৰত বস্তুবোৰ তুমি দেখিবানে ? কোঠালিৰ বাহিৰৰ বস্তুবোৰ দেখিবানে ? ব্যাখ্যা কৰা।
উত্তৰ:-
যদি  আমি অন্ধকাৰ কোঠালিৰ ভিতৰত থাকোঁ তেতিয়া  কোঠালিৰ ভিতৰৰ বস্তুবোৰ দেখা নাপাম কিন্তু কোঠালিৰ বাহিৰৰ বস্তু দেখা পাম । কাৰণ আমি বস্তু এটাত  পোহৰ প্ৰতিফলিত হ'লে  বা বস্তুটোৱে পোহৰ নিৰ্গত কৰিলে আমি দেখা পাম । যিহেতু অন্ধকাৰ কোঠাত বস্তুবোৰে পোহৰ প্ৰতিফলিত নকৰে সেইকাৰণে দেখা নাপাওঁ। বাহিৰৰ বস্তুবোৰ দেখা পাওঁ বাহিৰত পোহৰ আছে।

২/ নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলন পাৰ্থক্যবোৰ লিখা। বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰসমূহ বিফল হোৱা বুজায় নেকি?
উত্তৰ:-
নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলনৰ পাৰ্থক্যবোৰ হ'ল -
(ক)  নিয়মিত প্ৰতিফলন দাপোণৰ দৰে মিহি পৃষ্ঠত হয়।
           আনহাতে বিক্ষিপ্ত প্ৰতিফলন অসমান বা বিষম পৃষ্ঠত হয়।
   (খ) নিয়মিত প্ৰতিফলনত প্ৰতিফলিত ৰশ্মি সমূহ সমান্তৰাল  হয়।
            আনহাতে বিক্ষিপ্ত প্ৰতিফলনত প্ৰতিফলিত ৰশ্মি  সমূহ অসমান্তৰাল হয় ।
 বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰসমূহ বিফল হোৱা নুবুজায়।

৩/ তলত উল্লেখ কৰা পৃষ্ঠ সমূহত পোহৰৰ ৰশ্মি গুচ্ছ আপতিত হ'লে নিয়মিত নে বিক্ষিপ্ত প্ৰতিফলন ঘটিব উল্লেখ কৰা।  তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিষ্ঠা কৰা।
(ক) চিকচিকীয়া কাঠৰ টেবুল।
(খ) চক পাউডাৰ ।
(গ) ডাঠ কাগজৰ পৃষ্ঠ ।
(ঘ) তিতি থকা মাৰ্বলৰ মজিয়া।
(ঙ) দাপোন।
(চ) কাগজৰ টুকুৰা।
উত্তৰ:-
(ক) চিকচিকীয়া কাঠৰ টেবুলত সুষম বা নিয়মিত প্ৰতিফলন ঘটিব। কাঠৰ  চিকচিকীয়া টেবুলৰ পৃষ্ঠখন মিহি। 

(খ) চক পাউডাৰ  ক্ষেত্ৰত বিষম বা বিক্ষিপ্ত প্ৰতিফলন ঘটিব ,চক পাউডাৰসমূহ লগ লাগি এখন মিহি পৃষ্ঠৰ সৃষ্টি কৰিব নোৱাৰে।

(গ) ডাঠ কাগজৰ পৃষ্ঠ ক্ষেত্ৰত বিষম বা বিক্ষিপ্ত প্ৰতিফলন ঘটিব কাৰণ ডাঠ কাগজৰ পৃষ্ঠ খন অসমান।

(ঘ) তিতি থকা মাৰ্বলৰ মজিয়া

No comments:

Post a Comment