Saturday 9 October 2021

শব্দ || পাঠ 13 || CLASS 8 || SCIENCE || LESSON 13 || New SCERT Textbook

শব্দ ||  পাঠ 13 || CLASS 8 || SCIENCE || LESSON 13 || New SCERT Textbook

Class 8 Science in Assamese Medium

শব্দ

অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 13
অধ্যায়ঃ ১৩

১/ শুদ্ধ উত্তৰ বাছি উলিওৱা।
শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যম হৈছে-
(ক) একমাত্ৰ গেছ                (খ) গোটা পদাৰ্থ মাত্ৰ
(গ) একমাত্ৰ জুলীয়া পদাৰ্থ (ঘ) গোটা, জুলীয়া, গেছীয় পদাৰ্থ।     
উত্তৰ:-
(ঘ) গোটা, জুলীয়া, গেছীয় পদাৰ্থ।


২/ কাৰ মাত কম কম্পনাংকৰ হ'ব -
(ক) কেঁচুৱা ছোৱালী।            (খ) কেঁচুৱা ল'ৰা।
(গ) পুৰুষ।                                  (ঘ) মহিলা।
উত্তৰ:-
(গ) পুৰুষ।


৩/ তলৰ শুদ্ধ উক্তি সমূহত“ শু" আৰু ভূল উক্তি সমূহত “অ" লিখা।
(ক) বায়ুশূণ্য স্থানত শব্দ সঞ্চাৰিত হ'ব নোৱাৰে।(শু/ অ)
উত্তৰ:-
শু।


(খ) এটা কম্পমান বস্তৰ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাকেই ইয়াৰ পৰ্যায়কাল বোলে। (শু/ অ)
উত্তৰ:-
অ।


গ/ কম্পনৰ বিস্তাৰ বেছি হ'লে শব্দ দুৰ্বল হয় । ( শু/ অ)
উত্তৰ:-
অ।


(ঘ)  মানুহৰ বাবে শ্ৰাব্য সীমা ২০Hz ৰ পৰা ২০,০০০Hz । (শু/ অ)
উত্তৰ:-
শু।


(ঙ) কম্পনৰ কম্পনাংক কম হ'লে , তীক্ষ্ণতা বেছি হয়।(শু/ অ) ।
উত্তৰ:-
অ।


(চ) অবাঞ্চিত বা অস্বস্তিকৰ  শব্দকেই  সংগীত বুলি কোৱা হয়।(শু/ অ)।
উত্তৰ:-
অ।


(ছ) শব্দ প্ৰদূষণে আংশিক শ্ৰৱণ বিসংগতি  সৃষ্টি কৰিব পাৰে।(শু/ অ)।
উত্তৰ:-
শু। 


৪/ উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা।
(ক) এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ত বস্তুৰ ___ বোলে।
উত্তৰ:-
পৰ্যায়কাল ।


(খ)  কম্পনৰ___দ্বাৰা তীব্ৰতা হয় ।
উত্তৰ:-
বিস্তাৰৰ।


(গ) কম্পনাংকৰ একক হৈছে_____।
উত্তৰ:-
হাৰ্টজ। 


(ঘ) অবাঞ্চিত শব্দক _____বোলে।  
উত্তৰ:-
কোলাহল। 


(ঙ) কম্পনৰ____দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰুপণ হয়। 

উত্তৰ:- কম্পনাংকৰ।


৫/ এটা দোলকে ৪ ছেকেণ্ডত ৪০ টা দোলন সম্পূৰ্ণ কৰে। ইয়াৰ পৰ্যায়কাল আৰু কম্পনাংক নিৰ্ণয় কৰা।
উত্তৰ:-
              
            
কম্পনাংক=দোলনৰ/মূঠ সংখ্যা
                                          =৪০/৪ হাৰ্টজ
                                          =১০ হাৰ্টজ ।
   পৰ্যায়কাল=  ১/ কম্পনাংক
                           =১/১০ ছেকেণ্ড
                           = ০.১ ছেকেণ্ড।
                           
৬/ মাহে প্ৰতি ছেকেণ্ডত গড়ে ৫০০ বাৰকৈ পাখি কপাই  শব্দৰ সৃষ্টি কৰে।


No comments:

Post a Comment