Saturday 9 October 2021

পৰীক্ষিতৰ ব্ৰহ্মশাপ || পাঠ ১০ || Class 8 || Assamese Questions & Answers as per NEW SCERT TEXTBOOK

পৰীক্ষিতৰ ব্ৰহ্মশাপ || পাঠ ১০ || Class 8 || Assamese Questions & Answers as per NEW SCERT TEXTBOOK

Class 8 Assamese Solutions

পৰীক্ষিতৰ ব্ৰহ্মশাপ

অষ্টম শ্ৰেণীৰ অসমীয়া সমাধান
Questions & Answers

পৰীক্ষিতৰ ব্ৰহ্মশাপ
১। তলৰ বাক্যকেইটা পঢ়া আৰু উত্তৰ দিয়া।
ক) দেখন্তঃ মুনি চক্ষু মুদি সমাধি কৰি আচন্ত। এমন মুনিত তৃষ্ণায়ে আকুল হৈয়ো জল খুজিলা।
১) মুনিয়ে চকু মুদি কি কৰি আছিল?
উত্তৰ:-
ধ্যান কৰি আছিল।

২) মুনিজনৰ নাম কি?
উত্তৰ:-
শমীক মুনি।

৩) পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল?
উত্তৰ:-
ৰজা পৰীক্ষিত।

খ) পাচে তান‌ পুত্ৰ শৃংগী বাৰ্তা পায়া ক্ৰোধে ছবালসৱৰ আগতে বোলন্তঃ অহো ৰজাৰ অন্যায় দেখ।
১) কি খবৰ পাই মুনি পুত্ৰ শৃংগীৰ খং উঠিছিল?
উত্তৰ:-
ৰজায়ে মৰি থকা সাপ মুনীৰ ডিঙিত মেৰিয়াই দিলে। সেইবাবে মুনি পুত্ৰ শৃংগীৰ খং উঠিছিল।

২) ৰজাই কি অন্যায় কৰা কথা কৈছে?
উত্তৰ:-
ৰজাক কৌষিকীয়ে অভিশাপ দিছিল সেইবাবে ৰজাই অন্যায় কৰাৰ কথা কৈছে।

গ) আজি মঞিঁ দণ্ডিবোঃ মোৰ বল দেখ।এহি বুলি কৌষিকী জলত আচন্ত কৰি ৰজাক সপ্ত দিনত তক্ষকে দংশোক বুলি শাপ দিলা।
১) উক্ত কথাফাকি কোনে কৈছিল আৰু কিয় কৈছিল?
উত্তৰ:-
কৌষিকীয়ে কৈছিল। কাৰণ পৰীক্ষিত ৰজাই কৌষিকীৰ পিতৃ শমিক মুনিৰ ডিঙিত সাপ মেৰিয়াই দিছিল।

২) শৃংগীয়ে কৌষিকীজলত গা ধুই ৰজাক কি বুলি অভিশাপ দিছিল?
উত্তৰ:-
সাতদিনৰ পিছত তক্ষক নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিছিল।

ঘ) অহো দুষ্ট পুত্ৰ কি অন্যায় কৰিলি।
১) শমীক মুনিয়ে শৃংগীক দুষ্ট পুত্ৰ বুলি কিয় কৈছিল আৰু কি অন্যায় কৰাৰ কথা কৈছে?
উত্তৰ:-
কাৰণ শৃংগীয়ে পৰীক্ষিত ৰজাক অভিশাপ দিছিল।
   ৰাজ্যৰ অৱস্থা বেয়ালৈ যাব আৰু চোৰ-ডকাইতৰ উৎপাত বাঢ়িব বুলি অন্যায় কৰাৰ কথা কৈছে।

ঙ) মহাশ্ৰান্ত হৈয়ো আমাক জল খুজিলন্ত। আংক কেনে শাপ দিলি।ই পাপৰ আন প্ৰায়শ্চিত্ত নেদেখি কৃষ্ণক প্ৰাৰ্থন্ত।
১) শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শমীক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত কি বুলি প্ৰাৰ্থনা কৰিছিল?
উত্তৰ:-
শমীক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যে হে কৃষ্ণ অনা-অপৰাধী তোমাৰ ভক্তিক অবোধ ছৱালে অপকাৰ কৰিলে। তাক সৰ্ব্বাত্মা তুমি ক্ষমা কৰা বুলি প্ৰাৰ্থনা কৰিছিল।

২। উত্তৰ দিয়া।
ক) পৰীক্ষিত ৰজাৰ মৃত্যু হ'লে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি শমীক মুনিয়ে পুতেকক কৈছিল?
উত্তৰ:-
পৰীক্ষিত ৰজাৰ মৃত্যু হ'লে ৰাজ্যত বেয়ালৈ যাব আৰু চোৰ-ডকাইতৰ উৎপাত বাঢ়িব বুলি শমীক মুনিয়ে পুতেকক কৈছিল।

No comments:

Post a Comment