Sunday 10 October 2021

বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া || Lesson 14 || Class 8 Science || New SCERT Textbook || All Textual Solutions in Assamese Medium

class 8 science chapter 14

Class 8 Science in Assamese Medium

বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া

অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 14
অধ্যায়ঃ ১৪

 ১/ খালী ঠাই পূৰ কৰা-

(ক) বিদ্যুৎ পৰিবহণ কৰা বেছি ভাগ জুলীয়া পদাৰ্থই ____ , ____ ,___ৰ দ্ৰৱ।
উত্তৰ:-
  এছিড , ক্ষাৰক , লৱণ ।

(খ) দ্ৰৱ এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে ____ ক্ৰিয়াৰ সৃষ্টি কৰে।
উত্তৰ:-
ৰাসায়নিক।

(গ)  কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত কৰিলে বেটাৰিৰ ____ মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব।
উত্তৰ:-
ঋণাত্মক।

(ঘ) বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক____বোলে।
উত্তৰ:-
বিদ্যুৎ লেপন।

২/ তিনিবিধ জুলীয়া পদাৰ্থৰ নাম লিখা।
উত্তৰ:-
  ছডিয়াম ক্লৰাইড , হাইড্ৰক্লৰিক এছিড , আৰু নিমখ পানী।

৩/ চিত্ৰ পৃষ্ঠা নং (১৮৩) দিয়া আছে। দেখুওৱা বালবটো জ্বলা নাই । সম্ভৱপৰ কাৰণবোৰ লিখা। তোমাৰ উত্তৰ ব্যাখ্যা কৰিবা।
উত্তৰ:-
বালবটো নজলাৰ কাৰণবোৰ হ'ল-
 (ক)  বালবটো বেয়া হ'ব পাৰে।
 (খ) বেটাৰীৰ কোষ বোৰে কাম নকৰিব পাৰে।
 (গ)  তাঁৰৰ   সংযোগ ভালকৈ  নহ'ব পাৰে অৰ্থাৎ  ঢিলা হ'ব পাৰে।

৪/ যেতিয়া টেষ্টাৰৰ মুক্ত  মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপণ দেখুৱায়। তুমি কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে?
উত্তৰ:-
যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপণ দেখুৱায়। ইয়াৰ কাৰণ টেষ্টাৰৰ মুক্ত মূৰটো দ্ৰৱত দিয়াৰ পাছত  দ্ৰৱৰ  মাজেৰে বৰ্তনীটো সম্পূৰ্ণ কৰিব , ফলত বিদ্যুৎ চালিত হ'ব আৰু টেষ্টাৰ মাজেৰে বিদ্যুৎ চালিত হোৱাৰ লগে লগে চুম্বক শলাই বিক্ষেপণ দেখুৱাৱ ।

৫/ “A” আৰু “B” বুলি চিহ্নিত দুটা জুলীয়া পদাৰ্থৰ পৰিবাহিতা পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে। দেখা গ'ল যে জুলীয়া পদাৰ্থ “A” ৰ ক্ষেত্ৰত বাল্বটো উজ্বলকৈ জ্বলিছে , আনহাতে “B” ৰ ক্ষেত্ৰত ই নিষ্পভ। তুমি সিদ্ধান্ত ল'বা যে-
(ক) জুলীয়া পদাৰ্থ “B” তকৈ জুলীয়া পদাৰ্থ “A” উন্নত পৰিবাহী।
(খ) জুলীয়া পদাৰ্থ “ A” তকৈ জুলীয়া পদাৰ্থ “B”

No comments:

Post a Comment