Tuesday 5 October 2021

ভয় || পাঠ ৯ || Assamese Textbook Questions & Answers || Class 8 SCERT New Textbook

ভ

Class 8 Assamese Solutions

ভয়

অষ্টম শ্ৰেণীৰ অসমীয়া সমাধান
Questions & Answers

ভয়
১। ভয় গল্পটোৰ মূল কথাখিনি নিজৰ কথাৰে কোৱা।
২। উত্তৰ দিয়া।
ক) ৰবীনৰ চৌবিশ ঘন্টাৰ লগৰী কোন?
উত্তৰ:-
ভয়।

খ) ৰবীনৰ পৰিবাৰৰ নাম কি?
উত্তৰ:-
ৰমলা।

গ) ফুটবল খেলি থাকোঁতে কোন ঢুকাল?
উত্তৰ:-
সত্য খুৰাৰ ল'ৰা।

ঘ) ৰবীন কেইটা সন্তানৰ পিতৃ?
উত্তৰ:-
তিনিটা।

ঙ) জহীৰুদ্দীনৰ পেচা কি?
উত্তৰ:-
ওকালতি।

চ) ফুৰিবলৈ ওলালে ৰবীনৰ কাৰ লগত তৰ্কাতৰ্কি হয়?
উত্তৰ:-
পৰিবাৰৰ লগত তৰ্কাতৰ্কি হয়।

ছ) পোনাহঁতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে?
উত্তৰ:-
কাঠৰ বলেৰে।

জ) অফিচৰ কাম-কাজত ৰবীনে কিয় মন দিব নোৱাৰে?
উত্তৰ:-
এটা অনামি ভয়ৰ বাবে।

৩। চমু উত্তৰ দিয়া।
ক) কেনেকুৱা কথাই ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰে?
উত্তৰ:-
ৰবীনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী আৰু ল'ৰা-ছোৱালী কেইটাৰ কি হ'ব? তেওঁৰ পত্নীৰ স্বাভাৱত গভীৰতা নাই। কোনো কথাই গভীৰভাৱে ল'ব নাজানে।সোতত গা এৰি দিয়া স্বাভাৱ।সেইকাৰণে ৰবীনৰ মনত ভয়ৰ সৃষ্টি হয়।

খ) এদিন আবেলি অফিচৰ পৰা আহি ৰবীনৰ কিয় খং উঠিছিল?
উত্তৰ:-
এদিন আবেলি অফিচৰ পৰা আহি ৰবীনে দেখিলে যে ঘৰৰ সন্মুখৰ দুৱাৰখন খোলা। সৰু ছোৱালীজনী অকলে বাৰান্দাত, তেওঁৰ পত্নী বাথৰুমত আছিল। এনেদৰে দৰ্জা খুলি ছোৱালীজনী অকলে এৰি ৰমলা বাথৰুমত যোৱাৰ বাবে ৰবীনৰ খং উঠিছিল।

গ) মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি ক'লৈ যাবলৈ উলাইছিল? তেওঁ ওলাই যোৱাৰ কাৰণ কি?
উত্তৰ:-
মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি জহীৰৰ ঘৰৰ ফালে যাবলৈ ওলাইছিল। তেওঁ ভাবিছিল যে আজি যদি তেওঁ জহীৰৰ ল'ৰা ছোৱালীক উন্মত্ত জনতাৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ নাযায় তেতিয়া হ'লে কাইলৈ তেওঁৰ পৰিয়ালৰ বিপদত পৰিলে কোনেও উদ্ধাৰ কৰিবলৈ নাহিব।

ঘ) গল্পটো পঢ়ি ৰবীন আৰু ৰমলাৰ চিন্তাৰ মাজত ক'ত পাৰ্থক্য পাইছা?
উত্তৰ:-
ৰবীন আৰু ৰমলা দুয়োটা পৃথক চৰিত্ৰ। ৰবীনৰ চৰিত্ৰত আমি এক অনামি ভয়ৰ আৱৰণ অনবৰতে দেখোঁ যদিও এই ভয়ৰ আঁৰত এজন চিন্তাশীল নাগৰিকৰ দায়িত্ববোধো দেখিবলৈ পোৱা যায়।

৪।‘কোনে,কাক,কেতিয়া কৈছিল লিখা।'
ক)‘ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই।'
উত্তৰ:-
উক্ত কথাষাৰি ৰমলাই ৰবীনক কৈছিল। যেতিয়া ৰবীনে অফিচৰ পৰা আহি ঘৰৰ দৰ্জা খোলা দেখিছিল আৰু ৰমলাই ছোৱালীজনীক বাহিৰত অকলে বহুৱাই থৈ বাথৰুমত সোমাইছিল। তেতিয়া ৰবীনে ৰমলাক খং কৰাত ৰমলাই ৰবীনক উক্ত কথাষাৰ কৈছিল।

খ) হেৰা শুনিছা? কোনোবাই চিঞৰা যেন লাগিছে।'
উত্তৰ:-
ৰবীনে ৰমলাক কৈছিল। মাজৰাতি হঠাতে ৰবীনে সাৰ পাই কোনোবাই চিঞৰ বাখৰ কৰা যেন পালে আৰু ৰমলাক জগাই এই কথাখিনি কৈছিল।

গ)‘আজি মই তাৰ ল'ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে মোৰ ল'ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব?'
উত্তৰ:-
ৰবীনে ৰমলাক কৈছিল। ৰবীনে জহীৰৰ ঘৰত যাবলৈ ওলোৱাত ৰমলাই ক'লৈ যোৱা বুলি কোৱাত ৰবীনে উক্ত কথাফাকি কৈছিল।


No comments:

Post a Comment