Tuesday 5 October 2021

শ্ৰী শ্ৰী শংকৰদেৱ || পাঠ ৮ || Class 8 Assamese Questions & Answers || New SCERT Textbook || Lesson 8

শ্ৰী শ্ৰী শংকৰদেৱ || পাঠ ৮ || Class 8 Assamese Questions & Answers || New SCERT Textbook || Lesson 8

Class 8 Assamese Solutions

শ্ৰী শ্ৰী শংকৰদেৱ

অষ্টম শ্ৰেণীৰ অসমীয়া সমাধান
Questions & Answers

শ্ৰী শ্ৰী শংকৰদেৱ
১। কবিতাটো শুদ্ধকৈ লয়, ছন্দ ৰক্ষা কৰি পঢ়া।
২। কবিতাটো একক আৰু দলীয়ভাৱে আবৃত্তি কৰা।
৩। উত্তৰ দিয়া।
ক) কবিয়ে ‘ধ্যানমগ্ন যোগী' বুলি কাক কৈছে?
উত্তৰ:-
শ্ৰী শ্ৰী শংকৰদেৱক কৈছে।

খ) কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে?
উত্তৰ:-
কবিয়ে গুৰুজনাৰ আবিৰ্ভাৱ আৰু জ্ঞানৰ পবিত্ৰ কিৰণেৰে অসম ভূমিক পবিত্ৰ কৰাৰ কথা কৈছে।

গ) কবি কান্ধত কি বজোৱাৰ কথা কৈছে?
উত্তৰ:-
বীণা বজোৱাৰ কথা কৈছে।

ঘ) মৰতত কোনে কি বাতৰি আনি দিলে?
উত্তৰ:-
শ্ৰী শ্ৰী শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি দিলে।

ঙ) কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে?
উত্তৰ:-
শংকৰদেৱে যি ঈশ্বৰৰ জ্ঞান প্ৰদান কৰি গ'ল তাৰ মধূৰ ঝংকাৰ অসমৰ ঘৰে ঘৰে বাজি উঠাৰ কথা কোৱা হৈছে।

৫। তলৰ আঁচ টনা শব্দবোৰৰ অৰ্থ সোঁফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে। সেইবোৰৰ শুদ্ধ অৰ্থ বাছি উলিয়াই লিখা।
ক) কোন দূৰ অতীতৰ (ধ্যানমগ্ন) যোগী তুমি (তন্ময়/বিস্ময়/মহান)
উত্তৰ:-
তন্ময়।

খ) গোটেই অসমভূমি (বিস্তৃত) জীৱনী তাৰ (শিপাই যোৱা/নাইকিয়া হোৱা/বিয়পি পৰা)
উত্তৰ:-
বিয়পি পৰা।

গ) তোমাৰ (গৰিমা) গীতি হৃদয়ে বাজে (যশস্যা/গঞ্জনা/লাঞ্ছনা)
উত্তৰ:-
যশস্যা।

ঘ) স্বৰ্গৰ বাতৰি আনি দিলা দেৱ! (মৰতত) (পৃথিৱী/পাতাল/আকাশ)
উত্তৰ:-
পৃথিৱী।

৬। কবিতাটোৰ পৰা শব্দ আনি খালী ঠাই পূৰ কৰা।
উত্তৰ:-

মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে
আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে।
যি বীণৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা।
অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা।


No comments:

Post a Comment