Friday 3 September 2021

জাগা জননীৰ সন্তান || পাঠ ৪ || Assamese || Class 8 || Questions & Answers || Lesson 4

Class 8 Assamese Solutions

জাগা জননীৰ সন্তান

অষ্টম শ্ৰেণীৰ অসমীয়া সমাধান
Questions & Answers
জাগা জননীৰ সন্তান


১। গীতটো সুৰ লগাই গোৱা।
২। গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা।
৩। উত্তৰ দিয়া।
ক) কবিয়ে কাক জাগি উঠিবলৈ কৈছে?
উত্তৰ:-
কবিয়ে দেশ মাতৃৰ সন্তানক জাগি উঠিবলৈ কৈছে।

খ) দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে?
উত্তৰ:-
মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাকে দুৰ্জ্জয় অভিযান বুলি কৈছে।

গ) দুৰ্জ্জয় অভিযানেৰে  কি কৰিবলৈ  কৈছে?
উত্তৰ:-
দুৰ্জ্জয় অভিযান বুলি মৃত্যুক গছকি দেশমাতৃৰ জয়জিনি আনিবলৈ কৈছে।

ঘ) জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে?
উত্তৰ:-
কৰ্মহিনতা আৰু কাপুৰুষতাই জননীৰ সন্তানক দুৰ্বল কৰাৰ কথা কৈছে।

ঙ) “তথাপিও নাই ভয়" বুলি কিয় কৈছে?
উত্তৰ:-
দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভালপোৱাৰ আগত কৰ্মহীনতা ,কাপুৰুষতা আদি তেনেই তুচ্ছ হৈ যায়। সেয়েহে কবিয়ে স্বদেশপ্ৰেমীসকলক তথাপিও নাই ভয় বুলি কৈছে।

চ) কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে?
উত্তৰ:-
স্বদেশপ্ৰেমী জোৱান সকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে।

ছ) আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে?
উত্তৰ:-
দুৰ্ম্মদ বীৰ অজেয় নৱ-জোৱান বুলি আখ্যা দিয়ে।

৪। গীতটোৰ মূলভাৱ লিখা।
উত্তৰ:-
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ৰচনা কৰা "জাগা জনীৰ সন্তান" কবিতাটি এটা দেশ প্ৰেমমূলক কবিতা। দেশ মাতৃৰ আবাহনত দেশে দেশে যুগে যুগে সকলো শংকা আতৰাই সু- সন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ-স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসী সত্তাক। আপোন দেশক ৰক্ষা কৰিবলৈ, মাতৃৰ সন্মান অক্ষুন্ন ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা নৱ- জোৱান সকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী। কবিয়ে এই কবিতাটিৰ দ্বাৰা দেশৰ জোৱান সকল উৎসাহ আৰু কৰ্মপ্ৰেৰণা যোগাইছে।

No comments:

Post a Comment