Sunday 26 September 2021

ভক্ত প্ৰহ্লাদ || পাঠ ৫ || Assamese Questions & Answers for Class 8 || SCERT Textual Solutions of Assamese Lesson 5

Class 8 Assamese Solutions

ভক্ত প্ৰহ্লাদ

অষ্টম শ্ৰেণীৰ অসমীয়া সমাধান
Questions & Answers
ভক্ত প্ৰহ্লাদ


১। উত্তৰ দিয়া।


ক) ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা?
উত্তৰ:-
হৰি, হিৰণ্যকশিপু, প্ৰহ্লাদ,ষণ্ডাৰ্মক আৰু মহাৰাণী।

খ) নাটিকাখনি কেইটা দৃশ্যত বিভক্ত?
উত্তৰ:-
নাটিকা খনি পাঁচটা দৃশ্যত বিভক্ত।

গ) প্ৰহ্লাদৰ পিতৃৰ নাম কি?
উত্তৰ:-
হিৰণ্যকশিপু।

ঘ) হিৰণ্যকশিপুৰ ভ্ৰাতৃৰ নাম কি আছিল?
উত্তৰ:-
হিৰণ্যাক্ষ।

ঙ) হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল?
উত্তৰ:-
একান্ত ভক্তি।

চ) প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল?
উত্তৰ:-
দৈত্যগুৰু শুক্ৰাচাৰ্য্যৰ দুই পুত্ৰ ষণ্ড আৰু কৰ্মকক নিয়োগ কৰিছিল।

ছ) ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল?
উত্তৰ:-
হৰি অৰ্থাৎ ভগৱান বিষ্ণুক কৈছিল।

জ) স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি?
উত্তৰ:-
নৰসিংহ।

ঝ) অসুৰৰ শাস্ত্ৰখনৰ নাম কি?
উত্তৰ:-
বামানয় শাস্ত্ৰ।

২। লিখা

ক) কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মইৰৈছোঁহি, তুমি গমেই পোৱা নাইনে? -এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল?সেইসময়ত প্ৰহ্লাদ কি ভাবত তন্ময় হৈ আছিল?
 উত্তৰ:-
এই কথাষাৰ প্ৰহ্লাদৰ জ্যষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কৈছিল। সেইসময়ত প্ৰহ্লাদ এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টি কৰ্তা হৰিৰ মহিমাৰ ভাৱত তন্ময় হৈছিল।
 
খ) স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈতসৱৰ কেনে অৱস্থা হৈছিল?
উত্তৰ:-
স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি প্ৰভু নৰসিংহ ই হিৰণ্যকশিপু সামান্য এক পতংগৰ দৰে বধ ধৰি উৰুত বহুৱাই নখেৰে বিধাৰি বধ কৰি পেলালে।
 তেওঁৰ গৰ্জনত দৈতসৱৰ ভয়ত কম্পমান হ'ল।

৩। চমুকৈ লিখা।

ক) প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্ৰমে লিখা।
উত্তৰ:-
প্ৰহ্লাদে হৰিক ত্ৰিজগতৰ পতি, সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ত্ৰানকৰ্তা বুলি কৈছে। তেওঁ কৈছে যে “ৰাখে হৰি মাৰে কোনে" অৰ্থাৎ হৰিয়ে ৰক্ষা কৰিলে আন কোনেও মাৰিব নোৱাৰে। হৰি হ'ল সকলোৰে প্ৰভু্।

খ) বামানয় শাস্ত্ৰজ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল?
উত্তৰ:-
বানাময় শাস্ত্ৰজ্ঞান ল'বলৈ প্ৰহ্লাদে আপত্তি কৰিছিল কিয়নো ই হৰি ভক্তিৰ বিৰুদ্ধ। আৰু প্ৰহ্লাদে পৰমপিতাৰ শ্ৰী চৰণত শৰণ লৈছিল।

গ) হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল?
উত্তৰ:-
হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কৈছিল কিয়নো হৰিয়ে হিৰণ্যকশিপুৰ ভায়েক হিৰণাক্ষক দাতেঁৰে খুঁচি হত্যা কৰিছিল।

ঘ) পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকুতি কৰিছিল?
উত্তৰ:-
পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কাকুতি কৰিছিল যে- হে হৰি আমাৰ সকলোকে শুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক। পিতৃৰ দুখ মাৰ্জন কৰক।

ঙ) ষণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ কি কি বুজনি দিছিল?
উত্তৰ:-
ৰামকুমাৰ প্ৰহ্লাদৰ কণ্ঠত হৰিণামে শোভা নাপায়। প্ৰহ্লাদ হ'ল দৈত্যবংশৰ পুত্ৰ। হৰি নাম লোৱাটো প্ৰহ্লাদৰ বাবে উচিত হোৱা নাই। সেয়েহে যণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ বুজনি দিছিল।

চ) প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল?
উত্তৰ:-
প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি মানি লোৱা নাছিল কিয়নো বামানয় শাস্ত্ৰ হৰি ভক্তিৰ বিৰুদ্ধ। আৰু প্ৰহ্লাদে পৰমপিতাৰ শ্ৰী চৰণত শৰণ লৈছিল।

৪। ব্যাখ্যা কৰা
‘ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ'ল এক গৌৰৱময় সংযোজন।'
উত্তৰ:-
ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম। নিজ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সৰ্বদা সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দি পৰমজনাৰ মহাত্ম্য শ্ৰৱণ কীৰ্তন কৰিছিল। শাৰীৰিক বা মানসিক সকলো নিৰ্যাতন হেলাৰঙে মূৰ পাতি লোৱা প্ৰহ্লাদ হ'ল নিষ্ঠাৰ প্ৰতীক আৰু বিনায়ৰ প্ৰতিমূৰ্ত্তি। সেইবাবে ‘ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ'ল এক গৌৰৱময় সংযোজন।'

No comments:

Post a Comment