Sunday 29 August 2021

এন্ ফ্ৰাঙ্কৰ ডায়েৰি || পাঠ ৩ || অসমীয়া || অষ্টম শ্ৰেণীৰ প্ৰশ্নোত্তৰ || Class 8 Question & Answers || Assamese || Lesson 3

Class 8 Assamese Solutions

এন্ ফ্ৰাঙ্কৰ ডায়েৰি

অষ্টম শ্ৰেণীৰ অসমীয়া সমাধান
Questions & Answers

১।পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা।

ক) জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল?
উত্তৰ:-
ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল।

খ) এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল?
উত্তৰ:-
অট'ফ্ৰাংক।

গ) নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল?
উত্তৰ:-
এটা পণ্যাগাৰত লুকাই আছিল।

ঘ) এন ফ্ৰাংক কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল?
উত্তৰ:-
এন ফ্ৰাংকে ১৯৪২ চনৰ জুন মাহৰ পৰা ১৯৪৪ চনৰ ১ আগষ্টলৈকে দিনলেখা লিখিছিল।

ঙ) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি?এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল?
উত্তৰ:-
এডলফ হিটলাৰ। এই সেনাধ্যক্ষজনে ইহুদীসকলক নিজে আৰু সেনাৰ হতুৱাই নৃংশসভাৱে হত্যা কৰিছিল।

চ) এন ফ্ৰাংকে কিয়  দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল?
উত্তৰ:-
এন ফ্ৰাংকে দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল কাৰণ তেওঁৰ কোনো বন্ধু নাছিল।

জ) অট' ফ্ৰাংকে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল?
উত্তৰ:-
নাজী বাহিনীৰ পৰা নিজৰ লগতে পৰিয়ালটোক ৰক্ষা কৰিবলৈ দুবছৰকাল  অট'ফ্ৰাংকে পৰিয়ালসহ পণ্যাগাৰত আত্মগোপন কৰি আছিল।

ঝ) মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধ কৰিছিল। কিয়? বুজাই লিখা।
উত্তৰ:-
মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে সেইদিনা বৰকৈ অনুভৱ কৰিছিল যিদিনা তেওঁৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশাত ভুগিছিল। তেওঁৰ এজন প্ৰকৃত অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিল যাৰ লগত অন্তৰ উজাৰি সকলো কথা আদান প্ৰদান কৰিব পাৰি। তেওঁৰ মনৰ ভিতৰত অহা ভাৱবোৰ কাৰো আগত প্ৰকাশ কৰিব নোৱাৰি ভাবিছিল যে-মানুহতকৈ কাগজৰ ধৈৰ্য বেছি, আৰু যেতিয়ালৈ এগৰাকী প্ৰকৃত বন্ধু নাপায় তেতিয়ালৈকে তেওঁৰ নিজৰ ভাৱনা চিন্তাবোৰ ডায়েৰিত লিখি যাবলৈ থিৰাং কৰিছিল।

ঞ) এন ফ্ৰাংকে কিয় নিজকে অকলশৰীয়া বুলি অনুভৱ কৰিছিল?
উত্তৰ:-
অন্তৰ উজাৰি সকলো কথা আদান প্ৰদান কৰিব পৰাকৈ এজন বন্ধুৰ অভাৱ অনুভৱ কৰিছিল।


২। নিজৰ শব্দসমূহৰ অৰ্থ শব্দ-সম্ভাৰত চাই নিজৰ বহীত লিখা।
উত্তৰ:-
শব্দ
অৰ্থ
গণ্য-লেখত লবলগীয়া।
বৰ্বৰ-নীচ।
অধীগৃহীত-আইনৰ সহায়েৰে দখল কৰা।
আড়ম্বৰ-জাক-জমকতা।
পুঞ্জীভূত-থূপ খাই থকা।
গতানুগতিক-নতুনত্ববিহীন।
পৰিত্যক্ত-ত্যাগ কৰা।
থিৰাং-নিশ্চিত।
প্ৰত্যাশিত-আশা কৰা।
শামকটা-উপশম হোৱা।
অস্ত্ৰোপচাৰ-অপাৰেচন।
প্ৰবাদ-প্ৰবচন।
উৎসৰ্গা-দান কৰা।
ভাবমূৰ্তি-কোনো ব্যক্তিৰ জনমানসত থকা ছবি।
সন্নিবিষ্ট-অন্তৰ্ভুক্ত।

৩।‘কিটি’কোন? এন ফ্ৰাংকে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা।
উত্তৰ:-
কিটি হৈছে এন ফ্ৰাংকৰ ডায়েৰিখনৰ নাম।
    এন ফ্ৰাংকে তেওঁৰ জীৱনত এজন প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। তেওঁৰ বহুতো লগ- লগৰীয়া আছিল যদিও হিয়া উজাৰি ভাৱৰ আদান প্ৰদান কৰিবলৈ এজন বন্ধু নাছিল। সেয়েহে তেওঁৰ মনৰ কথাবোৰ ডায়েৰিখনত লিপিবদ্ধ কৰিছিল আৰু ডায়েৰিখনক প্ৰকৃত বন্ধু বুলি গণ্য কৰি নাম ৰাখিছিল কিটি। কিটি নামৰ কাল্পনিক বন্ধু গৰাকীলৈ সম্বোধন কৰি ডায়েৰিৰ পাততে হিয়া উজাৰি মনৰ কথা প্ৰকাশ কৰি থৈ গৈছে।

৪। এন ফ্ৰাংকৰ ডায়েৰিখন পুথি আকাৰে প্ৰকশ হোৱাত কোনে আগভাগ লৈছিল? তেখেতে এই ডায়েৰিখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল?
উত্তৰ:-
দেউতাক অট ফ্ৰাংকে।
       এন ফ্ৰাংকে ডায়ৰি লিখিছিল কাৰণ তেওঁৰ কোনো বন্ধু নাছিল। যুদ্ধ শাম কটাৰ পাছত তেখেতে জীয়েকৰ সেই দিনলেখামান পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে আৰু সম্পাদনা কৰি পুথি আকাৰে প্ৰকাশ কৰে।

৫। এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল?
উত্তৰ:-
এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ মধুৰ আছিল। তেওঁ আইতাকক খুব ভাল পাইছিল।
আইতাকৰ স্মৃতিৰ বাবে তেওঁৰ স্মৃতিৰ বাবে তেওঁৰ নিজৰ জন্ম দিনত জ্বলোৱা মমবাতি বোৰৰ লগত আইতাকৰ বাবেও এডাল মমবাতি জ্বলাইছিল।

৬।পাঠটো পঢ়ি এন ফ্ৰাংকৰ সেই সময়ত হোৱা মনৰ ভাবৰ বিষয়ে লিখা।
উত্তৰ:-
১৯২৯চনতৰ জুন মাহত জন্ম লাভ কৰা এই গ্ৰন্থৰ ৰচয়িতা এন ফ্ৰাংকে মাত্ৰ তেৰ বছৰ বয়সতে দিনলেখা লিখি পৰৱৰ্তী জীৱনত খ্যাতি লাভ কৰে। এন ফ্ৰাংকৰ চিন্তাৰ পৰিধি বিশাল আছিল। তেওঁ নিজৰ মনৰ ভাব-চিন্তাবোৰ ডায়েৰিৰ পাতত হিয়া উজাৰি লিপিৱদ্ধ কৰিছিল। তেওঁ ডায়েৰিৰ পৰাই নাজীবাহিনীৰ ইহুদীসকলৰ বৰ্বৰ অত্যাচাৰৰ বিষয়ে বিশ্বাসীয়ে জানিবলৈ পাইছিল।

1 comment: