Sunday 29 August 2021

নিয়ৰ || পাঠ ১ || অসমীয়া || অষ্টম শ্ৰেণী || Class 8 Assamese Questions & Answers || Lesson 1 || Niyor

Class 8 Assamese Solutions

নিয়ৰ

অষ্টম শ্ৰেণীৰ অসমীয়া সমাধান
Questions & Answers

১। কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা।
২। উত্তৰ দিয়া।

ক) মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে?
উত্তৰ:-
মুকুতা মণিটি বুলি কবিয়ে নিয়ৰৰ কণিকাবোৰক বুজাইছে।


খ) নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?
উত্তৰ:-
নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুতা মণিৰ লগত তুলনা কৰিছে।


গ) নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?
উত্তৰ:-
নিয়ৰে নিজম আকাশৰ নিচুক কথাটি সাঁচি থোৱাৰ কথা কৈছে।


ঘ) ফুলনিত কি ছিগি ৰৈ গ'ল?
উত্তৰ:-
ফুলনিত মণি ছিগি ৰৈ গ'ল।


ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?
উত্তৰ:-
নিশাৰ তৰা এটি সৰি থকাৰ কথা কৈছে।

৩। কবিতাটোৰ মূলভাৱ চমুকৈ লিখা।
উত্তৰ:-
প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাৰ আজানিতে দি যায় আশাৰ বতৰা।এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলী পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক। কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা, নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা একটোপাল চকুপানীৰ লগত তুলনা কৰিছে।

৪।শব্দ-সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।


উত্তৰ:-   শব্দ                    অৰ্থ

    ফটিক                 পৰিষ্কাৰ
    শোভে                 শুৱনি কৰি থোৱা
    হেঙুলি                হেঙুল বৰণীয়া
    নিজম                 নিমাও মাও
    নিচুক                 কান্দোন সামৰি          
                            স্থিৰ সহ

৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা
   “নিজম আকাশৰ নিচুক কথাটি
         হিয়াত থৈছে সাঁচি
     কোন কাহানিৰ সপোন দেখিছে
         কোনে হাঁহিছিল নাচি।"
উত্তৰ:-
উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত
প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
  ৰাতিপুৱা ৰ'দৰ পোহৰ পৰি জিলিকি উঠা নিয়ৰৰ টোপালটোক কল্পনা প্ৰবণ কবিয়ে নিশাৰ আকাশৰ পৰা সৰি পৰা তৰাৰ লগত তুলনা কৰিছে।নিস্তব্ধ আকাশত কোনোবাই যেনে হাঁহি হাঁহি নাচিছিল আৰু এই নাচোনত ছিগি পৰা মুকুতা মণিটিয়েই যেন নিয়ৰ।
         
৬।পাঠৰ পৰা অন্য মিল থকা শব্দ লিখা।
 উদাহৰণ- ধোৱা-যোৱা
 উত্তৰ:-
মণি-কণি।
       ভাহি-পাহি।
       ধোৱা-থোৱা।
       সাঁচি-নাচি।

No comments:

Post a Comment