Sunday 18 July 2021

গুপ্ত সাম্ৰাজ্যৰ উত্থান || Chapter 10 || Social Science Class 7 || Assamese Medium || New Book of SCERT || Assam

গুপ্ত সাম্ৰাজ্যৰ উত্থান || Chapter 10 || Social Science Class 7 || Assamese Medium || New Book of SCERT || Assam

Class 7 Social Science in Assamese Medium

গুপ্ত সাম্ৰাজ্যৰ উত্থান

সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 10
অধ্যায়ঃ 10

১। উত্তৰ দিয়া-

(ক) শুংগবংশৰ পিছত উত্তৰ ভাৰতত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল?
উত্তৰ:-
কান্ব নামৰ এটা ৰাজবংশ।

(খ) সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল?
উত্তৰ:-
দক্ষিণ ভাৰতত ৰাজত্ব কৰিছিল।

(গ) কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায়?
উত্তৰ:-
উৰিষ্যা।

(ঘ)‘ত্ৰিৰাজ্য' বুলিলে কোন কেইখন ৰাজ্যক বুজায়?
উত্তৰ:-
চোল,চেৰা,পান্ডসকলক ‘ত্ৰিৰাজ্য’ বোলে।

(ঙ) কৃষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল?
উত্তৰ:-
কণিষ্ক।

২। উত্তৰ লিখা-
(ক) সাতবাহনসকলৰ ৰাজত্বকালত কাৰ কাৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন হৈছিল?
উত্তৰ:-
ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়া।

(খ) কণিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম কেইটা ভাগত ভাগ হৈছিল? নাম দুটা উল্লেখ কৰা।
উত্তৰ:-
দুটা ভাগত ভাগ হৈছিল। ভাগ দুটা হ'ল- হীনযান আৰু মহাযান।

(গ) সংগম সাহিত্য কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰ:-
সংগম সাহিত্য দুই প্ৰকাৰৰ-
     ১। নীতিশিক্ষামূলক আৰু
     ২। বৰ্ণনামূলক।

(ঘ) কুষাণ যুগৰ দুটা শিল্প-কলাৰ নাম।
উত্তৰ:-
মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা।

(ঙ) মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম।
উত্তৰ:-
পুখুৰী আৰু কৃত্ৰিম জলাশয়।

(চ) মৌৰ্যসকলৰ পৰৱৰ্তী যুগৰ গাঁৱবিলাকত কি কি বৃত্তিজীৱি লোক বাস কৰিছিল? দুটা বৃত্তিৰ নাম উল্লেখ কৰা।
উত্তৰ:-
মৃৎশিল্পি,কমাৰ,বাঢ়ৈ আৰু শিপিনী আদি।

৩।‘ক' অংশৰ লগত ‘খ' অংশ মিলাই চোৱা-
(ক) মহামেঘ বাহন        (ক) মিনান্ডাৰ
(খ) অন্ধ্ৰৰ আন এটা     (খ) গান্ধাৰ শিল্পৰ নাম
(গ) ইন্দো-গ্ৰীক সকলৰ    (গ) তামিল কবি   
 বিখ্যাত ৰজা।            সন্মিলনৰ সাহিত্য আছিল
(ঘ) কণিষ্কৰ দৃষ্টি আকৰ্ষণ  (ঘ) সাতবাহন   
 কৰিছিল
(ঙ) সংগম সাহিত্য        (ঙ) কলিংগ
উত্তৰ:- ক আৰু ঙ।
       খ আৰু ঘ।
       গ আৰু ক।
       ঘ আৰু খ।
       ঙ আৰু গ।

৪। শুদ্ধ উত্তৰ বাছি উলিওৱা-
(ক) সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল জয়দ্ৰথে/সিমুকে/বাসুদেৱে।
উত্তৰ:-
সিমুকে।

(খ) যবন বুলি শুংগ/ইন্দো-গ্ৰীক/কান্বসকলক কোৱা হৈছিল।
উত্তৰ:-
ইন্দো-গ্ৰীক।

(গ ) গান্ধাৰ শিল্পৰ মূল বিষয়-বস্তু আছিল হিন্দুধৰ্ম/বৌদ্ধধৰ্ম/জৈনধৰ্ম।
উত্তৰ:-
বৌদ্ধধৰ্ম।

(ঘ) গন্ডোফৰ্ণিছ কুষাণ/পহ্লৱ/শক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল।
উত্তৰ:-
পহ্লৱ।

(ঙ) জাতক হৈছে গল্প/কবিতা/উপন্যাস।
উত্তৰ:-
গল্প।

৫।সত্য নে অসত্য বাছি উলিওৱা-
(ক) কাতন্ত্ৰ আছিল সাতবাহনসকলৰ দিনৰ এখন উল্লেখযোগ্য গ্ৰন্থ।
উত্তৰ:-
সত্য।

(খ) অশ্বঘোষ শক ৰাজসভাৰ এজন পন্ডিত আছিল।
উত্তৰ:-
অসত্য।

(গ) সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল।
উত্তৰ:-
অসত্য।

(ঘ) মিনান্ডাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল।
উত্তৰ:-
অসত্য।

(ঙ) প্ৰাচীন ভাৰতলৈ ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল।
উত্তৰ:-
সত্য।

Contributed by: Sagar Chetry

No comments:

Post a Comment