Sunday 29 August 2021

যুগমীয়া শৰাইঘাট || পাঠ ২ || অসমীয়া সমাধান || Assamese Questions & Answers || Lesson 2

Class 8 Assamese Solutions

যুগমীয়া শৰাইঘাট

অষ্টম শ্ৰেণীৰ অসমীয়া সমাধান
Questions & Answers

১। পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া।
২। উত্তৰ দিয়া।

ক) অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল?
উত্তৰ:-
সামৰিক।

খ) বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি?
উত্তৰ:-
সামাজিক, অৰ্থনৈতিক আৰু ঐতিহ্যিক।

গ) ৰামসিংহ কোন আছিল?
উত্তৰ:-
ৰামসিংহ ৰাজপুত ৰজা আছিল।

ঘ) তেওঁ কিয় অসমলৈ আহিছিল?
উত্তৰ:-
তেওঁ অসমখন আক্ৰমণ কৰি মোগলৰ দখললৈ আনিবৰ বাবে অসমলৈ আহিছিল।

ঙ) শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?
উত্তৰ:-
মোগল আৰু আহোমৰ মাজত হৈছিল।

চ) লাচিতৰ অধীনত কিমান সৈন্য আছিল?
উত্তৰ:-
এক লক্ষ্য সেনা আছিল।

ছ) মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি?
উত্তৰ:-
কোৱামৃদ্ধা হাজৰিকা।

জ) মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল?
উত্তৰ:-
কটকী ৰামচৰণক।

ঝ) ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল?
উত্তৰ:-
মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ বিচাৰিছিল।

ঞ) লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্য ৰামসিংহলৈ কি পঠিয়াইছিল?
উত্তৰ:-
এচুঙা বালি পঠিয়াইছিল।

৩।পাঠটোত থকা কঠিন শব্দবোৰৰ অৰ্থ শব্দ-সম্ভাৰ আৰু অভিধান চাই জানি লোৱা।


৪।পাঠত থকাৰ দৰে সংলাপবোৰ লিখা।
ক) কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিল?
উত্তৰ:-
কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে কৈছিল যে- অসমীয়া ৰণুৱাসকল মই যুজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছো, তাতে মোৰ শতো থবা,নাইবা মোক বঙালে ধৰি লৈ যাওক,তোমালোকে সুখেৰে ঘৰলৈ উভতি যাবা।

খ) অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল?
উত্তৰ:-
ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা।অকল এজন মানুহে সকলো সৈন্য চলায়,ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈয়ো একোটা সুবিধা নাপাও বুলি কৈছিল।

গ) কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোঁসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল?
উত্তৰ:-
যুদ্ধৰ কামত পাছ হুহঁকিলে মই এই হেংদাঙেৰে তাক দুডোখৰ কৰি কাটিম,পাছতহে স্বৰ্গদেউক জনাম বুলি ঘোষণা কৰিছিল।

ঘ) বৰ আই-কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল?
উত্তৰ:-
বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব। ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত বুলি স্বৰ্গদেউক উপদেশ দিছিল।

No comments:

Post a Comment