Sunday 18 July 2021

ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা || Chapter 9 || Social Science || Class 7 || SCERT Textbook Assamese Medium

ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা || Chapter 9 || Social Science || Class 7 || SCERT Textbook Assamese Medium

Class 7 Social Science in Assamese Medium

ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা

সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 9
অধ্যায়ঃ 9

১। শুদ্ধ অশুদ্ধ বিচাৰি উলিওৱা-

(ক) ভাৰতত দুই ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয়।
উত্তৰ:-
শুদ্ধ।

(খ) জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত প্ৰথম।
উত্তৰ:-
অশুদ্ধ।

(গ) ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে।
উত্তৰ:-
শুদ্ধ।

(ঘ) দক্ষিণ ভাৰতৰ ক'লা মাটি অঞ্চল চাহ খেতিৰ বাবে উপযোগী।
উত্তৰ:-
অশুদ্ধ।

(ঙ) মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়।
উত্তৰ:-
অশুদ্ধ।

২। শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা-
(ক) দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰশান্ত মহাসাগৰ/আৰৱ সাগৰ/লোহিত সাগৰৰ ওপৰেদি প্ৰবাহিত হয়।
উত্তৰ:-
আৰৱ সাগৰ।

(খ) ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিল'মিটাৰত ৩৮০/৩৮২/৩২৪ জন।
উত্তৰ:-
৩৮২ জন।

(গ) ফলমূল উৎপাদনত পাঞ্জাব/জম্মু-কাশ্মীৰ/হিমাচল প্ৰদেশৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম।
উত্তৰ:-
জম্মু-কাশ্মীৰ।

(ঘ) মৰুভূমি অঞ্চলত চিৰসেউজীয়া/কাঁইটীয়া/তৃণজাতীয় উদ্ভিদ পোৱা যায়।
উত্তৰ:-
কাঁইটীয়া উদ্ভিদ।

(ঙ) ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ/মহাৰাষ্ট্ৰ/উত্তৰ প্ৰদেশ।
উত্তৰ:-
উত্তৰ প্ৰদেশ।

৩।‘ক' অংশৰ লগত ‘খ' অংশ মিলোৱা-
   ‘ক' অংশ।                 ‘খ' অংশ
(ক) মৌচুমীয় উদ্ভিদ।  (ক) ২০০ চেন্টিমিটাৰতকৈ অধিক বৰষুণ হয়
(খ) তৃণজাতীয় উদ্ভিদ    (খ) বছৰি ৫০ চেন্টিমিটাৰ- তকৈ কম বৰষুণ হয়    
(গ) কাঁইটীয়া মৰুজ উদ্ভিদ   (গ) বছৰি ৫০ চেন্টিমিটাৰৰ পৰা ১০০ চেন্টিমিটাৰত বৰষুণ হয়।
(ঘ) চিৰসেউজীয়া উদ্ভিদ   (ঘ) বছৰি ১০০ চেন্টিমিটাৰৰ‌ পৰা ২০০ চেন্টিমিটাৰত বৰষুণ হয়।
উত্তৰ:- ক আৰু ঘ।
       খ আৰু গ।
       গ আৰু খ।
       ঘ আৰু ক।

৪। চমু উত্তৰ লিখা-
(ক) জনসংখ্যা হ্ৰাস-বৃদ্ধি কি কি কাৰণত হ'ব পাৰে?
উত্তৰ:-
জনসংখ্যা হ্ৰাস হোৱা কাৰণ হ'ল-
(i) প্ৰাকৃতিক দুৰ্যোগ,
(ii) বিভিন্ন ৰোগ ব্যাধি,
(iii) যুদ্ধ-বিগ্ৰহ আৰু
(iv) মহামাৰী।
      জনসংখ্যা বৃদ্ধি হোৱা কাৰণ হ'ল- জন্মৰ হাৰ বেছি।

(খ) ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ কি কি?
উত্তৰ:-
ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ হ'ল- দেশখনৰ বিশালতা, বেলেগ ভূ-প্ৰকৃতি, বিষুৱৰ পৰা দূৰত্ব, উচ্চতাৰ পাৰ্থক্য, মৌচুমী বতাহ আদিৰ প্ৰভাৱে ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰে।

(গ) ভাৰতবৰ্ষৰ ক'ত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়?
উত্তৰ:-
পশ্চিমঘাট পৰ্বতৰ পশ্চিমঢাল, উজনি অসম, অৰুণাচল, হিমালয়ৰ নামনি অংশ, মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কিছু অংশত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়।

(ঘ) ভাৰতবৰ্ষত কপাহ খেতি হোৱা ঠাইসমূহ কি কি?
উত্তৰ:-
ভাৰতবৰ্ষত কপাহ খেতি হোৱা ঠাইসমূহ হ'ল- মধ্য প্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত কলা মাটি অঞ্চল।

Contributed by: Sagar Chetry

No comments:

Post a Comment