Sunday 18 July 2021

উত্তৰ-পূৱ ভাৰত || Chapter 8 || Class 8 Social Science || SCERT Textbook || Solutions in Assamese Medium

উত্তৰ-পূৱ ভাৰত || Chapter 8 || Class 8 Social Science || SCERT Textbook || Solutions in Assamese Medium

Class 7 Social Science in Assamese Medium

উত্তৰ-পূৱ ভাৰত

সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 8
অধ্যায়ঃ 8

১। উত্তৰ লিখা-
(ক) উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল?
উত্তৰ:-
অৰুণাচল প্ৰদেশক।

(খ) কোনখন ৰাজ্যৰ ঠেক সমভূমি অংশই উত্তৰ-পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে?
উত্তৰ:-
পশ্চিমবংগৰ।

(গ) উত্তৰ-পূব ভাৰতৰ প্ৰধান নদী কেইখন আৰু কি কি?
উত্তৰ:-
  লুইত, সোৱণশিৰি, ছিয়াং, জীয়াভৰলী।

(ঘ) পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষি কাৰ্যত আগবঢ়া কিয়?
উত্তৰ:-
কাৰণ সমভূমি অঞ্চলত নদী-পুখুৰী, জলাশয় আদিৰ পৰা পানী যোগান ধৰাৰ সুবিধা থাকে। কিন্তু পাহাৰীয়া অঞ্চলত এইবোৰ সুবিধা নাথাকে। তাৰোপৰি পাহাৰীয়া অঞ্চলত মাটি ওখোৰা মোখোৰা থাকে।

(ঙ) উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া?
উত্তৰ:-
অসম ৰাজ্য।

২। পাহাৰীয়া অঞ্চলত কেনে ধৰণে খেতি কৰা হয়?
উত্তৰ:-
পাহাৰীয়া জনগোষ্ঠীৰ লোকসকলে  ঝুম খেতি পদ্ধতিৰে খেতি কৰে। প্ৰতি বছৰে পাহাৰৰ হাবি-বন কাটি জুই লগাই ঝুম খেতি পথাৰ মুকলি কৰা হয়। মাটিখিনি মুকলি কৰাৰ পিছত তাত পৰম্পৰাগত সা-সঁজুলিৰে মাটি চহাই কৃষি কাৰ্য কৰা হয়।

৩। খালী ঠাই পূৰ কৰা-
(ক) উত্তৰ-পূব ভাৰতৰ সাতখন‌ ৰাজ্যৰ মুঠ মাটিকালি ____ বৰ্গ কিল'মিটাৰ।
উত্তৰ:-
২,৫৫,০৮৩।

(খ) ভাৰতৰ উত্তৰ-পূব অঞ্চল ___ উত্তৰ অক্ষাংশৰ পৰা ____ উত্তৰ অক্ষাংশলৈকে বিস্তৃত।
উত্তৰ:-
২০ ডিগ্ৰী আৰু ২৯ ডিগ্ৰী ৩০।

(গ) উত্তৰ পূব মৌচুমী বতাহ ____ কালত হয়।
উত্তৰ:-
শীত।

(ঘ) উত্তৰ-পূব ভাৰতত মুঠতে ___ খন‌ ৰাজ্য আছে।
উত্তৰ:-
৭।

(ঙ) ____ উত্তৰ-পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য।
উত্তৰ:-
মিজোৰাম।

৪। উত্তৰ-পূব ভাৰতৰ মানচিত্ৰ এখন আঁ‌কি  তলত দিয়াবোৰ যথাস্থানত বহুওৱা-
(ক) উত্তৰ-পূব ভাৰতৰ চাৰিসীমা
(খ) ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী
(গ) অসম, মেঘালয়, মণিপুৰৰ ৰাজধানী
(ঘ) নামৰূপ সাৰ কাৰখানা
(ঙ) পৰ্যটন ক্ষেত্ৰ টাৱাং
উত্তৰ:- চিত্ৰ ৮.১ চোৱা।

Contributed by: Sagar Chetry

No comments:

Post a Comment