Sunday 18 July 2021

সম্পদ || Chapter 6 || Social Science of Class 7 || Solved in Assamese Medium || SCERT Textbook

সম্পদ || Chapter 6 || Social Science of Class 7 || Solved in Assamese Medium || SCERT Textbook

Class 7 Social Science in Assamese Medium

সম্পদ

সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 6
অধ্যায়ঃ 6

১। সম্পদ বুলিলে কি বুজা? সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি? লিখা।
উত্তৰ:-
মানুহৰ দৈনন্দিন জীৱনৰ চাহিদা পূৰাবলৈ বিভিন্ন সা-সামগ্ৰী বা দ্ৰব্যৰ প্ৰয়োজন হয়। মানুহৰ এনে প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা আহৰণ কৰিব পৰা দ্ৰব্য বা সামগ্ৰীয়ে সম্পদ।
সম্পদ তিনি প্ৰকাৰৰ-
(i) প্ৰাকৃতিক সম্পদ
(ii) মানৱ সম্পদ আৰু
(iii) মানৱ সৃষ্ট সম্পদ।

২।‘মানৱ‌ শ্ৰেষ্ঠতম জৈৱিক সম্পদ।' যুক্তি দৰ্শাই লিখা।
উত্তৰ:-
মানুহে প্ৰকৃতিক সম্পদসমূহৰো উপযুক্ত ব্যৱহাৰ সংৰক্ষণ আদিৰ ক্ষেত্ৰত বৃদ্ধি-বৃত্তি খটুৱাই উৎকৰ্ষ সাধন কৰিব পাৰে। সেই ফালৰ পৰা চাবলৈ গ'লে ব্যক্তিৰ বুদ্ধিমত্তা,কৰ্মদক্ষতা আৰু কৌশল উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণবিধিয়ে দেশ এখনৰ সমৃদ্ধিৰ বা উন্নতিৰ প্ৰধান কাৰক বুলিব পাৰি।সেয়েহে মানৱ শ্ৰেষ্ঠতম জৈৱিক সম্পদ।

৩। তুমি জনা প্ৰাকৃতিক সম্পদবোৰ কি? সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ:-
যিবোৰ সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়, সেয়াই প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদবোৰ হ'ল-
(i) নবীঅৰণক্ষম সম্পদ,
(ii) অ-নবীকৰণক্ষম সম্পদ,
(iii) জৈৱিক সম্পদ,
(iv) অজৈৱিক সম্পদ,
(v) সৰ্বব্যাপী সম্পদ,
(vi) স্থানভিত্তিক সম্পদ,
(vii) প্ৰকৃত সম্পদ আৰু
(viii) সম্ভাৱনাপূৰ্ণ সম্পদ।

৪। দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন? লিখা।
উত্তৰ:-
  মানুহৰ জীৱনৰ প্ৰয়োজনীয়তা বৰ্তমান আৰু ভবিষ্যত উভয়তে পূৰাব পৰা ব্যৱসায়ক দীৰ্ঘম্যাদী উন্নয়ন বুজায়।
     সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু বিতৰণ নহ'লে উঠি অহা প্ৰজন্মই সেই সম্পদৰ সুবিধাখিনি নোপোৱাৰে সম্ভাৱনা অধিক। এইবোৰ বিষয় চালি জাৰি চাই কব পাৰি যে সম্পদ সংৰক্ষণৰ বাবে দীৰ্ঘম্যাদী উন্নয়ন প্ৰয়োজনীয়তা আছে।

৫। পাৰ্থক্য লিখি উলিওৱা

(ক) নবীকৰণক্ষম সম্পদ আৰু অ-নবীকৰণক্ষম সম্পদ
উত্তৰ:-
যিবোৰ সম্পদ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায়,তেনে সম্পদকেই নবীকৰণক্ষম সম্পদ বোলে। যেনে-মাটি, পানী,বায়ু।
      অনবীকৰণক্ষম সম্পদ প্ৰকৃতিৰ পৰা এবাৰ আহৰণ কৰাৰ পিছত পুনৰ সৃষ্টি নহয় আৰু প্ৰকৃতিয়েই এইবোৰ পুনৰ উৎপাদন নকৰে। যেনে-খনিজ পদাৰ্থ,তাম,লো, জীৱাশ্ম।

(খ) সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ
উত্তৰ:-
সকলোতে পোৱা সম্পদবোৰক সৰ্বব্যাপী সম্পদ বোলে। যেনে-বায়ু।
      এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থাক স্থানভিত্তিক সম্পদসমূহ পোৱা যায়। যেনে-লোৰ,আকৰ, কয়লা।

(গ) প্ৰকৃত সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদ
উত্তৰ:- মানুহে সদব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ পৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰিছে সেইবোৰেই প্ৰকৃত সম্পদ। যেনে- কয়লা।
      যিবোৰ সম্পদ আমাৰ ভবিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনীয়তা অধিক আৰু ইয়াৰ ব্যৱহাৰে তেনে সম্ভাৱনীয়তা উমান দিয়ে,তেনেবোৰক সম্ভাৱনাপূৰ্ণ সম্পদ বোলে। যেনে- বনৌষধি ক্ষেত্ৰত থকা সম্ভাৱনা।

৬। শুদ্ধ উত্তৰটো লিখা-

(ক) সম্পদ হ'বলৈ হ'লে তলৰ কোনটো প্ৰয়োজন নহয়?
(i) পৰিমাণ
(ii) প্ৰয়োজন পূৰাব পৰা সামগ্ৰী
(iii) ব্যৱহাৰৰ বাবে উপযোগী
উত্তৰ:- (i) পৰিমাণ।

(খ) তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয়?
(i) পৰ্বত-পাহাৰ
(ii) থকা ঘৰ
(iii) জলবিদ্যুৎ
উত্তৰ:- (i) পৰ্বত-পাহাৰ।

Contributed by: Sagar Chetry

No comments:

Post a Comment