Sunday 18 July 2021

মানৱ সৃষ্ট পৰিৱেশ || Chapter 5 || Social Science || Class 7 SCERT Textbook || Questions & Answers in Assamese Medium

মানৱ সৃষ্ট পৰিৱেশ || Chapter 5 || Social Science || Class 7 SCERT Textbook || Questions & Answers in Assamese Medium

Class 7 Social Science in Assamese Medium

মানৱ সৃষ্ট পৰিৱেশ

সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 5
অধ্যায়ঃ 5

১। কেৱল উত্তৰ লিখা-

(ক) পৰিৱেশক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি?
উত্তৰ:-
পৰিৱেশক ঘাইকৈ দুটা ভাগত ভগাব পাৰি।

(খ) মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলে?
উত্তৰ:-
মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক সম্পদ বোলে।

(গ) ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰাণালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা-চিতা কৰে।
উত্তৰ:-
‘মানৱ উন্নয়নৰ মন্ত্ৰাণালয়ে।'

(ঘ) ভূ-প্ৰকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগোৱা হৈছে?
উত্তৰ:-
ভূ-প্ৰকৃতিৰ ভিত্তিত অসমক দুটা ভাগত ভগোৱা হৈছে।

(ঙ) উত্তৰ কাছাৰ পাৰ্বত্য জিলাক বৰ্তমান কি নামেৰে জনা যায়?
উত্তৰ:-
উত্তৰ কাছাৰ পাৰ্বত্য জিলাক বৰ্তমান ডিমা-হাছাও নামেৰে জনা যায়।

২। খালী ঠাই পূৰ কৰা-
(ক) মানৱ সৃষ্ট পৰিৱেশক___ পৰিৱেশো বোলা হয়।
উত্তৰ:-
সাংস্কৃতিক।

(খ) শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক___ সম্পদ বোলে।
উত্তৰ:-
মানৱ।

(গ) আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ ___ সম্পদ।
উত্তৰ:-
শ্ৰেষ্ঠ।

(ঘ) অসম দক্ষিণ ___ মৌছুমী জলবায়ুৰ গতি পথত অৱস্থিত।
উত্তৰ:-
পশ্চিম।

(ঙ) অসমৰ কৃষি উৎপাদিত শস্যক ___ প্ৰধান ভাগত ভাগ কৰিব পাৰি।
উত্তৰ:-
তিনিটা।

৩। শুদ্ধ উত্তৰটো বাছি লিখা-
(ক) মানৱ সৃষ্ট পৰিৱেশৰ উপাদান এটা হ'ল গছ-গছনি/বাসগৃহ।
উত্তৰ:-
বাসগৃহ।

(খ) জাপান পৃথিৱীৰ ভিতৰত উল্লেখযোগ্য উদ্যোগ প্ৰধান/কৃষি প্ৰধান দেশ।
উত্তৰ:-
উদ্যোগ প্ৰধান।

(গ) অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা চাকৰি/ কৃষি।
উত্তৰ:-
কৃষি।

(ঘ) পাহাৰীয়া অঞ্চলত জনবসতি ঘন/ সেৰেঙা।
উত্তৰ:-
সেৰেঙা।

(ঙ) কাৰ্বি আংলং/উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা-হাছাও।
উত্তৰ:-
উত্তৰ কাছাৰ।

৪। শুদ্ধ/ অশুদ্ধ লিখা-
(ক) মানৱ সৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায়।
উত্তৰ:-
অশুদ্ধ।

(খ) প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰা হয়।
উত্তৰ:-
শুদ্ধ।

(গ) মানৱ সৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল।
উত্তৰ:-
শুদ্ধ।

(ঘ) শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকল মানৱ সম্পদ।
উত্তৰ:-
শুদ্ধ।

(ঙ) ভূ-প্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভূ-খন্ডত বিভক্ত কৰিব পাৰি।
উত্তৰ:-
শুদ্ধ।

৫। চমু উত্তৰ লিখা-
(ক) সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা।
উত্তৰ:-
যি সকল ব্যক্তিক শাৰীৰিক আৰু মানসিকভাৱে কোনো উৎপাদনমুখী কাম কৰি সমাজৰ বিকাশৰ অৰিহনা আগবঢ়াবলৈ সক্ষম সেই সকল ব্যক্তি মানৱ সম্পদ। মানুহৰ বিভিন্ন কাম-কাজে মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে। মানুহে উদ্ভাৱন কৰা বিভিন্ন সা-সামগ্ৰীয়ে আমাৰ জীৱন-ধাৰণৰ মান উন্নত কৰি তুলিছে।

(খ) অসমৰ জনবসতি বিস্তাৰৰ ওপৰত নদী উপত্যকাৰ সমভূমিৰ প্ৰভাৱ।
উত্তৰ:-
ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইয়াৰ উপনৈৰে গঠিত উপত্যকা অঞ্চলৰ ভূ-প্ৰকৃতি প্ৰায় সমান। এই দুয়োটা উপত্যকা নদীৰ পলসুৱা মাটিৰে গঠিত আৰু কৃষি-কাৰ্যৰ উপযোগী। ইয়াত মানুহৰ মুখ্য জীৱিকা কৃষি। এই অঞ্চলত পৰিবহণ  উন্নত।ঠায়ে ঠায়ে কিছুসংখ্যক শিল্প-উদ্যাগ গঢ়ি উঠিছে।

৬। উত্তৰ লিখা-
(ক)মানৱ সৃষ্ট পৰিৱেশ কাক বোলে আৰু ইয়াৰ উপাদানসমূহ কি কি?
উত্তৰ:-
কোনো এখন ঠাইত যি এক সুকীয়া পৰিস্থিতি সৃষ্টি কৰে তাকে সেই ঠাইখনৰ মানৱ সৃষ্ট পৰিৱেশ বোলে। ইয়াৰ উপাদানসমূহ হ'ল- ৰাস্তা,ঘাট,দলং, বাসগৃহ, উদ্যোগ, পৰিয়াল, সামাজিক ৰীতি-নীতি,কৃষ্টি-সংস্কৃতি, ধৰ্মীয় আচৰণ, শিক্ষা-ব্যৱস্থা, ৰাজনৈতিক কাম-কাজবোৰো মানৱ সম্পদৰ উপাদান।

(খ) কি কি কাৰণত অসমত বানপানী হয়।
উত্তৰ:-
১।অসমৰ নদীসমূহে পাহাৰীয়া উপতি অঞ্চলত হোৱা ভূমি ক্ষয়ৰ মাটি,শিল বালিবোৰ বোৱাই আনি সমভূমি অংশৰ তলি ভাগত জমা কৰে।এই ধৰণে নদীসমূহ বাম হৈ পৰিছে আৰু পানী বহন ক্ষমতা হ্ৰাস পাইছে। ইয়াৰ বাবে সঘনাই বানপানীৰ সৃষ্টি হয়।
২। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণৰ পানীৰ উপৰিও হিমালয়ৰ বৰফগলা অতিৰিক্ত পানী বহন কৰে,যাৰ বাবে দুয়োপৰ উপচিপৰি বানপানীৰ সৃষ্টি হয়।

Contributed by: Sagar Chetry

No comments:

Post a Comment