Class 7 Social Science in Assamese Medium
অসমৰ সম্পদসপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 7
অধ্যায়ঃ 7
১। উত্তৰ দিয়া-
(ক) কাঠ-বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি?
উত্তৰ:- কাগজকল(জাগীৰোড) আৰু জূইশালা (ধুবুৰী)।
(খ) অসমত থকা ব্যঘ্ৰ প্ৰকল্প দুটাৰ নাম।
উত্তৰ:- নামেৰি আৰু মানাহ।
(গ) অসমৰ কোনখন জিলাত সৰ্বাধিক লোকে বাস কৰে।
উত্তৰ:- নগাঁও (২৮,২৬,০০৬) জন।
(ঘ) বৰ্তমান অসমৰ মুঠ শিক্ষিতৰ হাৰ কিমান?
উত্তৰ:- ৭৩.১৮ শতাংশ।
(ঙ) অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি?
উত্তৰ:- কৃষি।
২। সঁচা -মিঁছা লিখা-
উত্তৰ:- সঁচা।
(খ) শিমলু গছ পৰ্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত।
উত্তৰ:- সঁচা।
(গ) বিভিন্ন বনজ আৰু খনিজ সম্পদত চহকী কাৰ্বি আংলং জিলাৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক।
উত্তৰ:- মিছা।
(ঘ) কপিলী বৰাক নৈৰ এখন উপ -নৈ।
উত্তৰ:- মিছা
(ঙ) অসমত মহিলাতকৈ পুৰুষৰ শিক্ষিতৰ হাৰ কম।
উত্তৰ:- মিছা।
৩। উদ্ভিদ পৰা আমি কি কি পাওঁ? এখন তালিকা কৰা।
উত্তৰ:- (i) মানুহ আৰু পশু-পক্ষী উশাহৰ বাবে অক্সিজেনৰ যোগান,
(ii) তাঁত শালৰ বিভিন্ন সামগ্ৰী,
(iii) ইন্ধনৰ উৎস (কাঠ,খৰি) আৰু
(iv) বিভিন্ন ঔষধ।
৪। বণ্য প্ৰাণী সমূহৰ বাবে অভয়াৰণ্যৰ কিয় প্ৰয়োজন (৫০টা মান শব্দৰ ভিতৰত লিখা)।
উত্তৰ:- মানুহৰ প্ৰয়োজনীয়তাবোৰ দিনক দিনে বৃদ্ধি পাই অহাৰ ফলত অৰণ্যবোৰ সংকটৰ সন্মুখীন হ'ল। ঠাই বিশেষ কিছুমান জীৱ-জন্তু আৰু উদ্ভিদ পৃথিৱীৰ পৰা বিলুপ্ত হ'ল। তাৰে পৰিপ্ৰেক্ষিতত উদ্ভিদ আৰু বন্য প্ৰাণীৰ সুৰক্ষিত ৰখাৰ স্বাৰ্থত অভয়াৰণ্যবোৰ গঢ়ি উঠিল। অভয়াৰণ্যসমূহত প্ৰাণীবোৰ সুৰক্ষিত হৈ থাকে। সেইবাবে বণ্য প্ৰাণী সমূহৰ বাবে অভয়াৰণ্যৰ প্ৰয়োজন।
৫। অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লা খনি থকা ঠাই সমূহৰ নাম লিখা।
উত্তৰ:- খাৰুৱা তেলৰ পুং থকা ঠাই- নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, লাকুৱা,গেলেকী, বৰহোলা, দিহিং উপত্যকা,ডিগবৈ।
কয়লাখনি থকা ঠাইসমূহৰ নাম- উজনি অসমৰ মাৰ্ঘেৰিটা, লিডু, নাফুক, নাগিনিমৰা,কাৰ্বি আংলংৰ কয়লাজান, শিলভেটা, লংলৈ, শিঙিমাৰী আদি।
৬। ভূ তলজৰ ব্যৱহাৰ সম্পৰ্কে প্ৰায় ৫০টা শব্দৰ ভিতৰত লিখা।
উত্তৰ:- ভূ-গৰ্ভৰ ভিতৰত সঞ্চিত থকা পানীয়ে ভূ-তলজল। ই দেশ এখনৰ অন্যতম প্ৰাকৃতিক সম্পদ। দেশ এখনৰ খোৱাপানী আৰু গৃহকাৰ্যৰ চাহিদাৰ প্ৰায়ভাগ অংশই পূৰণ কৰে ভূ-তলজল। উদ্যোগ আৰু কলকাৰখানা বোৰতো ভূ-তলজল ব্যৱহাৰ হয়। কৃষি কাৰ্যত জলসিঞ্চনৰ বাবে ভূ-তলজল অতি প্ৰয়োজনীয়।
৭। অসমৰ এখন নক্সা অংকণ কৰি পাঠত দিয়া মানচিত্ৰ আৰু ভূ চিত্ৰাৱলীৰ সহায়ত তলত দিয়াবোৰ বহুওৱা।
(ক) ৩টা খাৰুৱা তেলৰ পুং।
(খ) ৩টা কয়লা খনি ।
(গ) ২টা তেল শোধনাগাৰ।
(ঘ) চূণশিল পোৱা এখন ঠাই।
(ঙ) তাৰা বিল, শিৱসাগৰ পুখুৰী।
(চ) এটি নদী বন্দৰ।
(ছ) সোৱণশিৰি, পাগলাদিয়া , দিখৌ, ধনশিৰি, জাতিঙ্গা, ধলেশ্বৰী , উপনৈ।
উত্তৰ:- চিত্ৰ ৭.১ আৰু ৭.২ চোৱা।
Contributed by: Sagar Chetry
No comments:
Post a Comment