Sunday 18 July 2021

আমাৰ পৰিৱেশ || Chapter 4 || Class 7 Social Science || Textual Questions & Answers in Assamese Medium || SCERT

আমাৰ পৰিৱেশ || Chapter 4 || Class 7 Social Science || Textual Questions & Answers in Assamese Medium || SCERT

Class 7 Social Science in Assamese Medium

আমাৰ পৰিৱেশ

সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 4
অধ্যায়ঃ 4

১। কেৱল উত্তৰ লিখা-

ক।পৰিৱেশ মানে কি?
উত্তৰ:-
পৰিৱেশ হ'ল আমাৰ চাৰিওফালৰ উপাদানবিলাকৰ সম্বন্বয়ত গঢ়ি উঠা এক স্বাভাৱিক অৱস্থা।

খ।পৰিৱেশ কেই প্ৰকাৰৰ আৰু কি কি? উদাহৰণ
দি লিখা।
উত্তৰ:-
পৰিৱেশ দুই প্ৰকাৰৰ-:
       ১। প্ৰাকৃতিক পৰিৱেশ আৰু
       ২।মানৱ সৃষ্ট পৰিৱেশ।

গ।পৰিৱেশৰ প্ৰধান উপাংশসমূহ কি কি?
উত্তৰ:-
পৰিৱেশৰ প্ৰধান উপাংশসমূহ দুটা ভাগত ভগোৱা হৈছে-
         ১। জৈৱিক উপাংশ আৰু
         ২। অজৈৱিক উপাংশ।

ঘ।মানৱ সৃষ্ট পৰিৱেশ কেনেদৰে সৃষ্টি হয়?
উত্তৰ:-
মানুহে নিজৰ সুবিধা মতে গঢ়ি তোলা পৰিৱেশেই হ'ল মানৱ সৃষ্ট পৰিৱেশ।

২। শুদ্ধ উত্তৰটো বাছি লিখা-
ক। কোনটো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান নহয়?
১। মাটি
২। শিক্ষানুষ্ঠান
৩। পৰিবহণ ব্যৱস্থা
উত্তৰ:-
মাটি।

খ। কোনটো প্ৰাকৃতিক পৰিৱেশৰ উপাদান নহয়?
১। পৰ্বত
২। ঘৰ
৩। নদী
উত্তৰ:-
ঘৰ।

গ।তলৰ কোনবোৰে পৰিৱেশত ক্ষতি কৰে?
১। গছ-গছনি
২।কল-কাৰখানাৰ আৱৰ্জনা
৩।খাদ্য শস্যৰ বৃদ্ধি
৪। জনসংখ্যা বৃদ্ধি
৫। জীৱ-জন্তু নি:শেষ হ'লে
উত্তৰ:-
২। কল-কাৰখানাৰ আৱৰ্জনা,
       ৪। জনসংখ্যা বৃদ্ধি আৰু
       ৫। জীৱ-জন্তু নি:শেষ হ'লে।

৩। বাওঁফালৰ সৈতে সোঁফালৰ মিল থকা অংশ চিনেৰে মিলোৱা।
    বাওঁফাল                 সোঁফাল
ক।আমাৰ চৌপাশ।         ক। মাটি
খ।জলমন্ডল।              খ। বায়ু
গ।স্থলমন্ডল।               গ। পৰিৱেশ
ঘ।জীৱমন্ডল।              ঘ। পানী
ঙ। বায়ুমণ্ডল।             ঙ। জীৱজল
উত্তৰ:-
ক আৰু গ।
       খ আৰু ঘ।
       গ আৰু ক।
       ঘ আৰু ঙ।
       ঙ আৰু খ।

৪। জৈৱিক উপাংশৰ উপাদানসমূহ কেনেদৰে পৰিৱেশৰ বৰ্তি থাকে ৮০টা মান শব্দৰ ভিতৰত লিখা।
উত্তৰ:-
জৈৱিক উপাংশৰ সকলো উপাদানেই এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰি পৰিৱেশত বাচি থাকে। উদাহৰণস্বৰূপে- সেউজীয়া উদ্ভিদ সৌৰশক্তি (সূৰ্যৰ,তাপ,পোহৰ)ৰ সহায়ত জীয়াই থাকে। তৃণভোজী প্ৰাণীয়ে ইহঁতক খাদ্য হিচাপে গ্ৰহণ কৰে।সেই প্ৰাণী মাংসাহাৰী প্ৰাণীয়ে খায়।যেনে-গৰু, ছাগলী,হৰিণা আদিয়ে ঘাঁহ খায়।

৫।  তুমি কেনেকুৱা পৰিৱেশত থাকিব বিচৰা চমুকৈ লিখা।(১০০টা মান শব্দৰ ভিতৰত লিখা।)
উত্তৰ:-
১। পৰিৱেশত থকা প্ৰতিটো জীৱিত উপাদান যেনেকৈ ইটো সিটোৰ লগত পৰস্পৰ সম্পৰ্ক ৰক্ষা কৰি চলে। আমিও প্ৰত্যেক তেনেকৈ আমাৰ চৌপাশৰ পৰিৱেশৰ লগত সহমৰ্মিতা দেখুওৱাটো উচিত।
২।আমি সম্পদৰ বহনক্ষমতাৰ ওপৰতো দৃষ্টি ৰখা উচিত। আমাৰ হাতত থকা সমল বা সম্পদবোৰ
এনেধৰণে। ব্যৱহাৰ কৰা উচিত যাতে সেইয়া ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত হৈ থাকে।

Contributed by: Sagar Chetry

No comments:

Post a Comment