Saturday 12 June 2021

বসতি || Chapter 3 || Social Science || Class 8 || Assamese Medium || SCERT

lesson 3, বসতি, Class 8, social science

Class 8 Social Science in Assamese Medium

বসতি

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter:3
অধ্যায়ঃ 3

Class 8 Social Science Chapter 3 in Assamese Medium Textual Questions and Answers

১। খালী ঠাই পূৰ কৰা-
ক।
___ কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে।
উত্তৰ:- কৃষি।

খ। ___ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সুবিধা ভোগ কৰে।
উত্তৰ:- পানীৰ।

গ। আলিবাট,ৰেল'পথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ____ বসতি বোলে।
উত্তৰ:- ৰৈখিক।

ঘ। বৰ্তমান অসমত গাঁৱৰ সংখ্যা হ'ল__খন।
উত্তৰ:- ২৫,৫৯০।

২। শুদ্ধ উত্তৰটো বাছি উলিওৱা-
ক।
গ্ৰাম্য বসতিৰ মূল বৃত্তি হ'ল বেপাৰ-বাণিজ্য/উদ্যোগ/কৃষি।
উত্তৰ:- কৃষি।

খ। গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম/অধিক/সমান।
উত্তৰ:- অধিক।

গ। ভাৰতৰ প্ৰায় ৭০/৮০/৬০ শতাংশ লোকে গাঁৱত বাস কৰে।
উত্তৰ:- ৭০।

ঘ। কোনো ঠাইত থূপ খাই থকা বসতিয়েই হ'ল ৰৈখিক/কেন্দ্ৰীভূত/পাতল বসতি।
উত্তৰ:- কেন্দ্ৰীভূত।

৩। উত্তৰ লিখা।(৪টা বা ৫টা বাক্যৰ ভিতৰত)
ক। মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা?
উত্তৰ:-
কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে লগে স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে। বিশেষকৈ মাটি চহোৱা,শস্যৰ চোৱা চিতা কৰাৰ স্বাৰ্থত মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। খেতি চপাই পোৱা শস্যবোৰ ভবিষ্যতৰ বাবে মজুত কৰি ৰাখিবলৈ মানুহে স্থায়ীভাৱে থাকিবলগীয়া হয়।

খ। গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা।
উত্তৰ:-
গাঁৱলীয়া বাসিন্দাসকলৰ মূল বৃত্তি হ'ল- কৃষি। বসতি পাতল আৰু বিস্তৃত।ঘৰ বাৰীৰ আৰ্হি
থলুৱা আৰু পৰম্পৰাগত হয়। এলেকাটোত যাতায়তৰ ব্যৱস্থা সুচল নহয়। অঞ্চলটোত যান-বাহনৰ সুবিধা কম। ব্যৱসায় বাণিজ্যৰ সুবিধা কম।

গ। কেন্দ্ৰীভূত বসতি কেনেধৰণে সৃষ্টি হয় লিখা।
উত্তৰ:-
কোনো কোনো  ঠাইত মানুহৰ জীৱন-ধাৰণৰ বাবে প্ৰয়োজনীয় বস্ত্ৰ আৰু সা-সুবিধাবোৰ যদি একে ঠাইতে বা ওপৰে পাজেৰে পোৱা যায়, তেন্তে সেই এলেকাটোত মানুহৰ বসতি থূপ খাই থাকে।এনে বসতিক কেন্দ্ৰীভূত বসতি বোলে।


৫। পাৰ্থক্য লিখা-
ক। গ্ৰাম্য বসতি আৰু পৌৰ বসতি।
উত্তৰ:-
i গ্ৰাম্য বসতিৰ বাসিন্দাসকলৰ মূল বৃত্তি হ'ল-কৃষি আৰু পৌৰ বসতিৰ বাসিন্দাসকলৰ মূল বৃত্তি হ'ল বেপাৰ-বাণিজ্য।
ii) গ্ৰাম্য বসতিত যাতায়তৰ ব্যৱস্থা সুচল নহয় আৰু পৌৰ বসতিৰ যাতায়তৰ ব্যৱস্থা সুচল।

খ। ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতি।
উত্তৰ:-
i) ৰৈখিক বসতি মানুহৰ বসতি থূপ খাই নাথাকে আৰু কেন্দ্ৰীভূত বসতিত মানুহৰ বসতি থূপ খাই থাকে।
ii) ৰৈখিক বসতিত প্ৰয়োজনীয় সুবিধাবোৰ ওচৰে পাজৰে পোৱা নাযায় আৰু কেন্দ্ৰীভূত বসতিত প্ৰয়োজনীয় সুবিধাবোৰ ওচৰে পাজৰে পোৱা যায়।

গ। উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ।
উত্তৰ:-
i)উচ্চভূমিৰ মানুহে ঝুম খেতি কৰে আৰু নিম্নভূমিত এই খেতি কৰা নহয়।
ii) উচ্চভূমিত মানুহে চাংঘৰ সাজে জীৱ-জন্তু পোহিবলৈ আৰু নিম্নভূমিত মানুহে চাংঘৰ সাজে
পোহনীয়া জীৱ-জন্তু,সা-সামগ্ৰী আৰু নিজৰ সুৰক্ষাৰ বাবে।

 

Class 8 Social Science in Assamese Medium Chapter 3

Food, shelter, and clothes are three basic necessities. The lesson 3 of Class 8 Social Science explains about shelter of the mankind. From the primitive age to the modern age, human civilization has gone through tremendous changes in places and patterns of shelter or residence, one thing remaining intact that the mankind need some sort of shelter to protect themselves from many natural and other forms of challenges.

Contributed by: Sagar Chetry

No comments:

Post a Comment