Thursday 10 June 2021

জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ || Chapter 2 || Social Science Class 8 || Assamese Medium || SCERT

lesson 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ Class 8 social science

Class 8 Social Science in Assamese Medium


অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 2
অধ্যায়ঃ 2

১। শুদ্ধ উত্তৰটো লিখা-
ক) কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি-

১। নিৰক্ষীয় অঞ্চল,
২। উত্তৰ মেৰু,
৩। পূব এছিয়া,
৪। আফ্ৰিকাৰ চাহাৰা মৰুভূমি।
উত্তৰ:- ৩। পূব এছিয়া।

খ) কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক-
১। ইউৰোপ,
 ২। আফ্ৰিকা,
 ৩। এছিয়া,
 ৪। অষ্ট্ৰেলিয়া
 উত্তৰ:- ৩। এছিয়া।
 
গ) ২০১১ চনত অসমৰ জনসংখ্যা আছিল-
১। ২.২৪ কোটি,
২। ৩.১২ কোটি,
৩। ২.৩৫ কোটি,
৪। ২.৪৬ কোটি
উত্তৰ:- ২। ৩.১২ কোটি।
 
ঘ) তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই-
১। এছিয়া,
২। দক্ষিণ আমেৰিকা,
৩। কুমেৰু বা এন্টাৰ্কটিকা,
৪। ইউৰোপ
উত্তৰ:- ৩। কুমেৰু বা এন্টাৰ্কটিকা।

২। খালী ঠাই পূৰ কৰা-
ক) জনসংখ্যা বৃদ্ধি শব্দটোৱে জন সংখ্যাৰ___ বৃদ্ধিক বুজায়।
উত্তৰ:- সংখ্যাগত।

খ) পৃথিৱীৰ বেছি ভাগ মানুহে __গোলাৰ্ধত বসতি কৰে।
উত্তৰ:- উত্তৰ।

গ) প্ৰতি বৰ্গকিলোমিটাৰত এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জন সংখ্যৰ ___।
উত্তৰ:- ঘনত্ব।

ঘ) এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল'লে নতুন ঠাইখনক প্ৰব্ৰজনৰ___বোলে।
উত্তৰ:- লক্ষ্যস্থান।

৩।চমু টোকা লিখা-
ক) মানৱ সম্পদৰ উন্নয়ন
উত্তৰ:-
সমাজ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক, মানসিকভাৱে অৰিহণা আগবঢ়াব পৰা
মানুহখিনিকেই মানৱ সম্পদ বুলি বিবেচনা কৰা হয়। আনহাতে যিকোনো মানুহৰৰ তেনে দক্ষতাৰ অভাৱ তেনে মানুহক প্ৰকৃত অৰ্থত মানৱ সম্পদ
বুলি কব নোৱাৰি।

খ) জনসংখ্যাৰ থূপীকৰণ
উত্তৰ:-
ঠাই বিশেষে জনসংখ্যাৰ বিতৰণ ঘন মজলীয়া আৰু পাতল হোৱা দেখা যায়। অতীজত পৃথিৱীৰ বহুতো অঞ্চলত নদী উপত্যকা কেন্দ্ৰিক সভ্যতাৰ বিকাশ ঘটিছিল। এনে অঞ্চলবোৰত জনবসতি কেন্দ্ৰিভূত হৈছিল। সাধাৰণতে নদী উপত্যকা আৰু উপকূলীয় সমভূমি অঞ্চলৰ মাটি কৃষি কাৰ্যৰ বাবে  উপযোগী।

গ) জন সংখ্যাৰ বিস্ফোৰণ
উত্তৰ:-
পৃথিৱীত মানুহৰ সৃষ্টিৰ সময়ৰে পৰা জনসংখ্যা ক্ৰমশঃ বাঢ়ি আহি বৰ্তমানৰ অৱস্থা পাইছে। বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ , মহামাৰী আদিৰ ফলত ব্যাপক সংখ্যক মানুহৰ জীৱন হানি ঘটিলেও মানুহৰ বৃদ্ধিৰ গতি স্তব্ধ হোৱা নাই। এসময়ৰ মুকলি ঠাইবোৰ এতিয়া মানুহেৰে ভৰি পৰিছে।

৪।জন প্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জন প্ৰব্ৰজনৰ ফলাফলবোৰ কেনেধৰণৰ?
উত্তৰ:-
মানুহে কৰ্মসূত্ৰে বা আন কোনো  কাৰণত নিজৰ স্থান ত্যাগ কৰি অন্য এখন নতুন স্থানত গৈ স্থায়ী বা সাময়িক ভাৱে বসতি কৰা কাৰ্যকে জনপ্ৰব্ৰজন বোলে।
ইয়াৰ কাৰণ বোৰ হ'ল- যুদ্ধ -বিগ্ৰহ , প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী ,গৰাখহনীয়া , খাদ্য, সংকট, ৰাজনৈতিক সংকট আদি কাৰণত মানুহে কোনো ঠাই ত্যাগ কৰি অন্য স্থানলৈ প্ৰব্ৰজন বাঢ়ে।
জন প্ৰব্ৰজনৰ ফলাফলবোৰ হ'ল-জনপ্ৰব্ৰজনৰ অধিক হ'লে লক্ষ্য স্থানত হঠাতে জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পায়।ইয়ে ঠাই খনত ভূমি আৰু অন্যান্য সম্পদৰ জনমূৰি পৰিমাণ হ্ৰাস কৰে। ইয়াৰ ওপৰিও কেতিয়াবা কোনো কোনো প্ৰব্ৰজন লক্ষ্য স্থানত ৰাজনৈতিক ভাষা-সংস্কৃতিৰ সংকটে দেখা দিব পাৰে।


জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ পাঠটিৰ শিকিবলগীয়া কথা:-

  • জনসংখ্যা বৃদ্ধি আৰু বিকাশ সম্পৰ্কে ধাৰণা লাভ কৰা: ২০০৮ চনত পৃথিৱীৰ জনসংখ্যা আছিল ৬৬৮ কোটি, তাৰ বিপৰীতে আজি ২০২১ চনত এই জনসংখ্যা ৭৮৭ কোটি। প্ৰতি বছৰে প্ৰায় ১.০৫% হাৰত (প্ৰায়৮.১ কোটি প্ৰতি বছৰ) হিচাপত জনসংখ্যাৰ বৃদ্ধি ঘটিছে।
  • জনসংখ্যাৰ বিতৰণ সম্পৰ্কে জনা: জনসংখ্যাৰ বৃদ্ধি দ্ৰুত যদিও পৃথিৱীৰ সকলো অংশতে পৃথিৱীৰ জনসংখ্যা সমানে বিতৰিত হৈ থকা নাই। উত্তৰ গোলাৰ্ধত পৃথিৱীৰ অধিক জনসংখ্যা বাস কৰে। আনহাতে এন্টাৰ্কটিকা মহাদেশ জনশূণ্য।
  • জনসংখ্যাৰ বিষয়ে জ্ঞান লাভ কৰা: জনসংখ্যা বৃদ্ধিৰ বহুতো কাৰণ আছে। জনসংখ্যাৰ বৃদ্ধি নিয়ন্ত্ৰিত কৰাৰ প্ৰয়োজনীয়তা আছে।
  • জনসংখ্যাৰ বিস্ফোৰণ সম্বন্ধে ধাৰণা লাভ কৰা: দ্ৰুতগতিত বৃদ্ধি হোৱা জনসংখ্যা পৃথিৱীৰ বাবে জটিল সমস্যা সৃষ্টি কৰাৰ সম্ভাৱনা আছে। এক পূৰ্বানুমান অনুসৰি, পৃথিৱীৰ জনসংখ্যা ২০৫৭ চনত ১০০০ কোটি হোৱাৰ সম্ভাৱনা আছে। বৰ্ধিত জনসংখ্যাই পৃথিৱীৰ সম্পদৰ ওপৰত অনাৱশ্যকীয় হেঁচাৰ সৃষ্টি কৰে।
  • মানৱ সম্পদৰ বিষয়ে ধাৰণা লাভ কৰা: মানৱ সম্পদ মানে জ্ঞান, কৌশল তথা অন্য লাভকাৰী গুণ থকা এজন ব্যক্তি। মানৱ সম্পদ সমাজৰ সম্পদ।
Contributed by: Sagar Chetry

1 comment: