Saturday 12 June 2021

গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন || Chapter 4 || Social Science of Class 8 in Assamese Medium || SCERT Text Book

গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন, Chapter 4, class 8, social science, assamese medium

Class 8 Social Science in Assamese Medium

গ্ৰাম্য আৰু নগৰীয়া জীৱন

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 4
অধ্যায়ঃ 4

Class 8 Social Science Textual  Questions and Answers in Assamese

১। উত্তৰ লিখা-
ক।বসতিক কেই ভাগত ভাগ কৰা হয়?
উত্তৰ:-
২টা ভাগত।

খ। গ্ৰামাঞ্চলৰ কিমান শতাংশ লোক কৃষি কাৰ্যৰ লগত জড়িত?
উত্তৰ:-
৭৫ শতাংশ লোক।

গ। নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্ষৰ লগত জড়িত?
উত্তৰ:-
ব্যৱসায় বাণিজ্যৰ ওপৰত জড়িত।

ঘ। উৎপত্তি কালৰ ভিত্তিত ভাৰতবৰ্ষৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে?
উত্তৰ:-
৩টা শ্ৰেণীত।

ঙ। লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতবৰ্ষৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ'ব লাগে?
উত্তৰ:-
৫,৫০০ জন।

চ। অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰ খনৰ নাম কি?
উত্তৰ:-
গুৱাহাটী।

২। শুদ্ধ/অশুদ্ধ লিখা।
ক। নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব অধিক।
উত্তৰ:-
অশুদ্ধ।

খ। গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত।
উত্তৰ:-
অশুদ্ধ।

গ। নতুন দিল্লী এখন প্ৰশাসনিক নগৰ।
উত্তৰ:-
শুদ্ধ।

ঘ। আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ।
উত্তৰ:-
শুদ্ধ।

ঙ। শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত।
উত্তৰ:-
শুদ্ধ।

৩। চমুকৈ উত্তৰ লিখা-
ক। গ্ৰাম্য অঞ্চলৰ বৃত্তি।
উত্তৰ:-
গ্ৰাম্য অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি হ'ল- কৃষি।গাৱৰ আৱসীসকলে ধান,মাহ,সৰিয়হ,মৰাপাট আৰু ঋতু অনুযায়ী বিভিন্ন শাক-পাচলিৰ খেতি কৰে।

খ। নগৰীয়া বসতিৰ সা-সুবিধা।
উত্তৰ:-
নগৰীয়া বসতি অঞ্চলত শিক্ষা, স্বাস্থ্য, যাতায়ত, কৰ্ম-সংস্থাপন আদি সকলো সা-সুবিধা পোৱা যায়। দেখা যায় নগৰবোৰত শিক্ষা গ্ৰহণৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান থাকে, পৰিকল্পিত ঘৰ দুৱাৰ, দোকান সজাৰ ব্যৱস্থা থাকে আৰু যাতায়তৰ সুবিধা থাকে।

গ। নগৰত বসতি ঘন হোৱাৰ কাৰণ কি?
উত্তৰ:-
নগৰত বসতি ঘন থাকে কাৰণ- নগৰত শিক্ষা গ্ৰহণৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান থাকে, পৰিকল্পিত ঘৰ দুৱাৰ, দোকান সজাৰ ব্যৱস্থা থাকে আৰু যাতায়তৰ ব্যৱস্থা থাকে।

ঘ। মেগাল'পলিছ কাক বোলে?
উত্তৰ:-
একোখন নগৰত কেন্দ্ৰ কৰিতাৰ উপকন্ঠ অঞ্চলত ভালেমান সৰু বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাকে মেগাল'পলিছ বোলে।

৫। ভূ-চিত্ৰাৱলী চাই অসমৰ দহখন নগৰৰ নাম লিখা আৰু সেইবোৰ কোন কোন জিলাত অৱস্থিত উল্লেখ কৰা।
উত্তৰ:-
১। তেজপুৰ-শোণিতপুৰ,
       ২। শিলচৰ- কাছাৰ,
       ৩। ডিফু-কাৰ্বি আংলং,
       ৪। হাফলং-উত্তৰ কাছাৰ,
       ৫। মংগলদৈ-দৰঙ,
       ৬। তিনিচুকীয়া-তিনিচুকীয়া,
       ৭। উত্তৰ লক্ষীমপুৰ-উত্তৰ লক্ষীমপুৰ,
       ৮। ডিব্ৰুগড়-ডিব্ৰুগড়,
       ৯। শিৱসাগৰ-শিৱসাগৰ আৰু
       ১০। ধেমাজি:-ধেমাজি।

Contributed by: Sagar Chetry

No comments:

Post a Comment