Saturday 12 June 2021

সাগৰ-মহাসাগৰ || Chapter 5 || Social Science || Assamese Medium Questions & Answers || Class 8 SCERT

সাগৰ-মহাসাগৰ,Chapter 5, class 8, social science, scert, assamese medium

Class 8 Social Science in Assamese Medium

সাগৰ - মহাসাগৰ

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 5
অধ্যায়ঃ 5

Social Science Class 8 Lesson 5 Textual Questions and Answers in Assamese

১।তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা
ক। মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ কি কি?
উত্তৰ:-
পৃথিৱীৰ আৱৰ্তন গতি, নিয়ৰ, বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ ভাৰ সাম্যতাৰ বাবে মহাসাগৰীয় সোঁতৰ সৃষ্টি হয়।

খ।গৰম পানীৰ সোঁত বুলিলে কি বুজা?
উত্তৰ:-
উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰজল ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহৰূপে শীতলমণ্ডললৈ প্ৰৱাহিত হয়। ইয়াকে গৰম পানীৰ সোঁত বোলে।

গ। সাগৰীয়া জীৱবোৰ কেইপ্ৰকাৰৰ?কিহৰ ভিত্তিত এইবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে?
উত্তৰ:-
সাগৰীয় জীৱবোৰক তিনিটা ভাগত ভাগ কৰা হয়-
     ১। প্লেংকটন বা প্লাৱক
     ২। বেনথ'জ আৰু
     ৩। নেকটন।

ঘ। সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে?
উত্তৰ:-
সাগৰৰ যিবোৰ অংশত উদ্ভিদ প্লাৱকবোৰ প্ৰচুৰ পৰিমাণে থাকে, তাতেই মৎস্যক্ষেত্ৰ গঢ়ি উঠে।

২। কাৰণ দৰ্শোৱা-
ক। নাটনি জোৱাৰ বাসন্তী জাৱাৰৰ সমান শক্তিশালী নহয়।
উত্তৰ:-
নাটনি জোৱাৰ সময়ত অৰ্থাৎ সপ্তমী আৰু অষ্টমী তিথিত পৃথিৱী, চন্দ্ৰ আৰু সূৰ্যই সমকোণত অৱস্থান কৰে।এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰ আকৰ্ষণ প্ৰৱল নোহোৱাৰ বাবে জোৱাৰ ঢৌ সিমান ওপৰলৈ নুঠে আৰু শক্তিশালী নহয়।

খ। আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়।
উত্তৰ:-
সাগৰীয় মাছবোৰৰ চাহিদা পৃথিৱীৰ সকলো ঠাইতে আছে। তদুপৰি ধৰাৰ পিছত এইবোৰ শীতলীকৰণ ব্যৱস্থাৰে টিনৰ ভিতৰত সংৰক্ষণ কৰি দূৰ-দূৰণিৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰা হয়। সেয়েহে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়।

গ। জাপানত সঘনাই ছুনামি হয়।
উত্তৰ:-
মহাসাগৰৰ তলীত হোৱা ভূমিকম্প, আগ্নেয়গিৰী উদ্গীৰণৰ বাবে জাপানৰ উপকূলীয় অঞ্চলত প্ৰচণ্ড ঢৌ বা ছুনামিৰ সৃষ্টি হয়। ইয়াৰ লগতে প্ৰশান্ত মহাসাগৰত সঘনীয়া সৃষ্টি হোৱা সাগৰীয় ধুমুহাইও জাপানৰ উপকূলীয় পাৰ্শ্বৱৰ্তী অঞ্চলত ছুনামিৰ সৃষ্টি কৰে।

ঘ। বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট।
উত্তৰ:-
চাৰিওপিনে মুক্ত আৰু সমান বাবে স্থলপথত থকা বাধা কিছুমান জলপথত নাথাকে। তথাপি ঠাইভেদে জাহাজবোৰে কুঁৱলী, শৈলশিৰা, ধুমুহা, হিমপ্লাৱনৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট।

৩। শুদ্ধ উত্তৰটো লিখা।
১। সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয়-

ক। মেৰু অঞ্চলত।  
খ। নিৰক্ষীয় অঞ্চলত।
গ। এটাও নহয়।
উত্তৰ:- নিৰক্ষীয় অঞ্চল।

২। দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা- নমা কৰাকে-
ক। সাগৰীয় সোঁত।
খ। জোৱাৰ ভাটা।
গ। ঢৌ বোলে।
উত্তৰ:- জোৱাৰ ভাটা।

৩।ছুনামি শব্দৰ অৰ্থ হ'ল-
ক। ভূমিকম্প
খ। সাগৰৰ ঢৌ
গ। পোতাশ্ৰয়ৰ ঢৌ
উত্তৰ:-
পোতাশ্ৰয়ৰ ঢৌ।

৪। সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ-
ক। নেকটন
খ। বেনথ'জ
গ। প্লেংকটন শ্ৰেণীৰ
উত্তৰ:- নেকটন।

৪।সোঁফালৰ লগত বাওঁফাল মিলোৱা-

ক।ডায়েটম।            ক। উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে
খ।নিৰক্ষীয় অঞ্চলত।    খ।নাটনি জোৱাৰ হয়
গ। সাধাৰণ নিমখ।      গ। এবিধ উদ্ভিদ প্লেংকটন
ঘ। সপ্তমী আৰু অষ্টমী   ঘ। মহাসাগৰত পানী
   তিথিত।                       দ্ৰৱীভূত হৈ থাকে  
ঙ।মৎস্য ক্ষেত্ৰবোৰ।     ঙ। পানীৰ ঘনত্ব কম হয়

উত্তৰ:- ক আৰু গ।
       খ আৰু ঙ।
       গ আৰু ঘ।
       ঘ আৰু খ।
       ঙ আৰু ক।

Contributed by: Sagar Chetry

No comments:

Post a Comment