Sunday 27 September 2020

Class 8 || SCIENCE || Lesson 7 || উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ || সকলো পাঠভিত্তিক প্ৰশ্নোত্তৰৰ অসমীয়া সমাধান

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

১। খালী ঠাই পূৰ কৰা।
ক। প্ৰাণীসমূহক সিহতৰ প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইকে___বুলি কোৱা হয়।
উত্তৰ:- অভয়াৰণ্য।

খ। এটা নিৰ্দিষ্ট অঞ্চলত হোৱা প্ৰজাতিক ___ বুলি জনা যায়।
উত্তৰ:- স্থানিক প্ৰজাতি।

গ। ___ৰ পৰিবৰ্তনৰ বাবে পৰিভ্ৰমী চৰাইবোৰে বহু দূৰলৈ উৰি যায়।
উত্তৰ:- জলবায়ু।

২। এটাৰ পৰা আনটোক পৃথক কৰা।
ক। বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল।
উত্তৰ:- বন্যপ্ৰাণী সমূহ আৰু সিহঁতৰ আৱাসস্থলী কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সংৰক্ষিত কৰা অঞ্চলসমূহক অভয়াৰণ্য বোলে। জীৱ মণ্ডল সংৰক্ষিত অঞ্চল হ'ল-‌বন্যজীৱ,প্ৰাণীজাত সম্পদ আৰু উদ্ভিদ।

খ। চিৰিয়াখানা আৰু অভয়াৰণ্য
উত্তৰ:- চিৰিয়াখানা এনে এখন ঠাই য'ত বন্যপ্ৰাণী সমূহ সংৰক্ষণ কৰা হয়। আনহাতে বন্যপ্ৰাণী অভয়াৰণ্য সমূহ হল বন্যপ্ৰাণী সমূহ কোনো ক্ষতিসাধন নকৰাকৈ সংৰক্ষিত কৰা অঞ্চল।

গ। বিপন্ন আৰু বিলুপ্ত প্ৰজাতি।
উত্তৰ:- বিপন্ন প্ৰজাতি সেইবোৰ যিবোৰৰ বিপদগ্ৰস্থ হৈ বিলুপ্ত ঘটে। আনহাতে যিবোৰ প্ৰজাতিৰ প্ৰাণী ইতিমধ্যে প্ৰাকৃতিৰ পৰা নোহোৱা হৈছে সেইসমূহ প্ৰজাতিক বিলুপ্ত প্ৰজাতি বোলে।

ঘ। উদ্ভিদকুল আৰু প্ৰাণীকুল
উত্তৰ:- নিৰ্দিষ্ট অঞ্চলত পোৱা উদ্ভিদসমূহক সেই অঞ্চলৰ উদ্ভিদকুল বোলে। আনহাতে নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰাণীসমূহক সেই অঞ্চলৰ প্ৰাণীকুল বোলে।

৩।বনাঞ্চল ধ্বংসৰ প্ৰভাৱ তলত দিয়াবোৰত কেনেদৰে পৰে আলোচনা কৰা।
ক। বন্যপ্ৰাণী
উত্তৰ:- নিৰ্বনানী কৰণৰ ফলত পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণ বাঢ়ি গৈ আছে। প্ৰাকৃতিৰ ভাৰসাম্য নষ্ট হৈ আছে।নিৰ্বনানীকৰণৰ ফলত বানপানী আৰু খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগ হোৱাৰ সম্ভাৱনা প্ৰৱল। বানপানীৰ ফলত বন্যপ্ৰাণীসমূহ আশ্ৰয় স্থল নোহোৱা হয়।

খ। গাঁও
উত্তৰ:- নিৰ্বনানীকৰণৰ ফলত গাওঁসমূহৰ সৌন্দৰ্য হানি হয়। গাঁওৰ নিৰ্মল পৰিৱেশ বিঘ্নিত হয়।মুক্ত বায়ুসেৱণৰ যি বৈশিষ্ট্যতা সেইসমূহ নোহোৱা হয়। বৰষুণৰ পৰিমাণ কমি যোৱাৰ ফলত নৈৰ-বিল, খাল আদিৰ পানীৰ পৰিমাণ কমি যায়।

গ। পৃথিৱী
উত্তৰ:- নিৰ্বনানীকৰণৰ ফলত এটা সময়ত প্ৰাকৃতিক ভাৰসাম্যতা নোহোৱা হ'ব।ফলত উদ্ভিদ আৰু প্ৰাণী উভয়েই জীয়াই থকাটো সম্ভৱ নহব। উদ্ভিদ আৰু প্ৰাণী নাথাকিলে পৃথিৱীৰ অস্তিত্ব নোহোৱা হব।

৪। কি হ'ব পাৰে
ক।আমি গছ কাটি গৈ থাকো।
উত্তৰ:- আমি গছ কাটি গৈ থাকিলে বানপানী আৰু খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হ'ব পাৰে।ফলত প্ৰাণী আৰু উদ্ভিদসমূহ বিলুপ্তিৰ পথত আগবাঢ়িব।

খ। প্ৰাণীৰ আৱাসস্থলী বিঘ্নিত হয়।
উত্তৰ:- প্ৰাণীৰ আৱাসস্থল বিঘ্নিত হ'লে ই বিলুপ্তিৰ পথলৈ গতি কৰিব।

গ। মাটিৰ ওপৰত স্তৰ মুকলিকৈ থাকে।
উত্তৰ:- মাটিৰ স্তৰ মুকলিকৈ থাকিলে মাটিৰ খহনীয়া বৃদ্ধি হয়। ফলত তলৰ কঠিন আৰু শিলাময় স্থৰটো ওলাই পৰে।

৫। উত্তৰ দিয়া।
ক। জীৱ বৈচিত্ৰক আমি কিয় সংৰক্ষণ কৰি ৰাখিব লাগে।
উত্তৰ:- জীৱ বৈচিত্ৰক আমি সংৰক্ষণ কৰি ৰাখিব লাগে।কাৰণ জীৱ বৈচিত্ৰতাক সংৰক্ষণ কৰি ৰখা নহয় তেতিয়া হ'লে পৰিস্থিতি তন্ত্ৰ ধ্বংস হব আৰু উদ্ভিদ আৰু প্ৰাণীসমূহ বিলুপ্তিৰ পথত আগবাঢ়িব।

খ। সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয় কিয়?
উত্তৰ:- কাৰণ ওচৰে-পাজৰে বাস কৰা লোকসকলে সেইবোৰক বেদখল কৰি ধ্বংস কৰিব।

গ। বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি কি?
উত্তৰ:-
বনাঞ্চল ধ্বংসৰ কাৰণ হ'ল-
১।খেতি বাতিৰ বাবে মাটি সংগ্ৰহ কৰিবলৈ।
২।ঘৰ আৰু কাৰখানা নিৰ্মাণৰ বাবে।

ঘ। ৰেড ডাটা বুক কি?
উত্তৰ:- ৰেড ডাটা বুক হৈছে বিপন্ন প্ৰাণী আৰু উদ্ভিদৰ তথা থকা সমল পুথি।

ঙ। পৰিভ্ৰমণ বুলিলে কি বুজা?
উত্তৰ:- জলবায়ুৰ পৰিৱৰ্তন বিচাৰি বা বিভিন্ন কাৰণত আৱাসস্থলীৰ পৰিৱৰ্তন কৰাকে পৰিভ্ৰমণ বোলে।

৬। নিজৰ অঞ্চলৰ সেউজ সম্পদক প্ৰতিপালন কৰাৰ বাবে তোমালোকে কেনেধৰণৰ বৰঙণি আগবঢ়াবা? তোমালোকে গ্ৰহণ কৰা কাৰ্ষৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰ:-
সেউজ সম্পদসমূহৰ ভবিষ্যত বংশধৰৰ বাবে ধৰি ৰাখিবলৈ অধিক গছ ৰোপন কৰা আৱশ্যক। ইয়াৰ উপৰিও আমি প্ৰকৃতিৰ বনাঞ্চলক সংৰক্ষণ আৰু বিঘ্নিত নোহোৱাকৈ অটুট ৰাখিব লাগিব।

৭। বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে বুজাই লিখা।
উত্তৰ:-
উদ্ভিদক সালোকসংশ্লেষণ বাবে কাৰ্বনডাই অক্সাইডৰ প্ৰয়োজন কম। সংখ্যক উদ্ভিদে কম পৰিমাণে কাৰ্বনডাইঅক্সাইড গেছ ব্যৱহাৰ কৰাৰ ফলত বায়ুমণ্ডলত ইয়াৰ পৰিমাণ বৃদ্ধি হয়। পৃথিৱীৰ পৰা প্ৰতিফলিত কাৰ্বন ডাই অক্সাইডে ধৰি ৰাখে আৰু ইয়ে গোলকীয় উষ্ণতা সৃষ্টি কৰে। পৃথিৱীৰ ওপৰত বৃদ্ধি হোৱা উষ্ণতাই জলচক্ৰত বাধাৰ ‌সৃষ্টি কৰে আৰু ফলত বৰষুণৰ পৰিমাণ কমি যায়।

৮। কাগজ কিয় বচাব লাগে? কাগজ বচোৱাৰ বিভিন্ন উপায়ৰ তালিকা প্ৰস্তুত কৰা।
উত্তৰ:-
গছ, কাগজ প্ৰস্তুত কৰিবৰ বাবে প্ৰয়োজন হোৱা শক্তি পানী বচাবৰ বাবে কাগজ বচোৱা উচিত। কাগজৰ পুনৰ ব্যৱহাৰ আৰু পুনৰাৱৰ্তন কৰি কাগজ বচাব পাৰি।

No comments:

Post a Comment