Sunday 27 September 2020

Class 8 || SCIENCE || Lesson 6 || দহন আৰু শিখা || Textbook Questions and Answers

দহন আৰু শিখা

 ১।দহন সংগঠিত হোৱাৰ বাবে আৱশ্যকীয় চৰ্তবোৰৰ তালিকা প্ৰস্তুত কৰা।
উত্তৰ:-
দহন সংগঠিত হোৱাৰ বাবে তিনিটা অৱস্থাৰ প্ৰয়োজন। সেইকেইটা হ'ল- ইন্ধন,বায়ু আৰু তাপ।

২। খালী ঠাই পূৰ কৰা।
ক।কাঠ আৰু কয়লাৰ দহনৰ বায়ুৰ____ঘটায়।
উত্তৰ:- প্ৰদূষণ।
খ। ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হল ___।
উত্তৰ:- কেৰাচিন।
গ।দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ____ লৈ নিশ্চয়কৈ তপতাপ লাগে।
উত্তৰ:- জ্বলন-বিন্দুলৈ।
ঘ।তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক ____ ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি।
উত্তৰ:- পানীৰ।

৩।যান-বাহনৰ চি.এন.জি ৰ ব্যৱহাৰে আমাৰ নগৰত কিদৰে পট প্ৰদূষক কমাইছে ব্যাখ্যা কৰা।
উত্তৰ:-
চি.এন.জি ৰ দহনৰ ফলত অতি কম পৰিমাণ ক্ষতিকাৰক দ্ৰব্য উৎপন্ন হয়। ই এটা অধিক পৰিষ্কাৰ ইন্ধন। সেইবাবে ইয়াৰ প্ৰদূষণৰ মাত্ৰা কম হয়।

৪। ইন্ধন হিচাপে LPG আৰু কাঠৰ তুলনা কৰা।
উত্তৰ:-
কাঠ পোৱাৰ ফলত অধিক পৰিমাণৰ ধোঁৱা সৃষ্টি হয়।যি মানুহৰ বাবে ক্ষতিকাৰক। এই ধোঁৱাই উশাহ-নিশাহ কাৰ্যৰ লগত জড়িত অসুবিধাৰ সৃষ্টি কৰে।

৫। কাৰণ দৰ্শোৱা-
ক। বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়।
উত্তৰ:- কাৰণ পানীয়ে বিদ্যুত পৰিবহন কৰি জুইত পানী ঢালিবলৈ চেষ্টা কৰা সকলৰ বিপদ ঘটাব পাৰে।


খ। ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG ভাল।
উত্তৰ:- কাৰণ LPGৰ পৰিবহন কাঠতকৈ সহজ । LPG দহনৰ ফলত ধোঁৱাৰ পৰিমাণ কাঠতকৈ কম ।

গ।কাগজ এখনত সহজে জুই লাগে , এলুমিনিয়ামৰ পাইপত মেৰুৱা কাগজত সহজে নালাগে ।
উত্তৰ:- কাৰণ এই প্ৰক্ৰিয়াৰ দ্বাৰা তাপ এলুমিনিয়ামত স্থানান্তৰ হয়। ফলত এলুমিনিয়ামৰ উপস্থিতিত কাগজখনৰ জ্বলন উষ্ণতা সহজে ঢুকি নাযায়।

৬।মমবাতিৰ শিখা এটাৰ চিত্ৰ আঁকি চিহ্নিত কৰা।
উত্তৰ:-
কিতাপৰ সহায়ত কৰা।

৭। ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটোৰ নাম ?
উত্তৰ:-
কেজি বা কিলোগ্ৰাম।

৮। কাৰ্বন ডাইঅক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰে ব্যাখ্যা কৰা।
উত্তৰ:-
কাৰ্বন ডাইঅক্সাইডে অক্সিজেনকৈ গধূৰ হোৱা বাবে ই জুইকুৰা কম্বল দৰে ঢাকি দৰে। এনে হোৱাৰ ফলত যিহেতু ইন্ধন আৰু অক্সিজেনৰ সংস্পৰ্শ বিচ্ছিন্ন হয় । গতিকে জুইকুৰা নিয়ন্ত্ৰিত হয়। যেতিয়া কাৰ্বন-ডাই অক্সাইড চিলিন্ডাৰৰ পৰা ওলাই, ই আয়তন হিচাপত বহুল পৰিমাণে প্ৰসাৰিত হয় আৰু চেঁচা হৈ পৰে । গতিকে ইন্ধনৰ উষ্ণতা কমাই দিয়ে।

৯। কেঁচা পাতৰ দম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে ব্যাখ্যা কৰা।
উত্তৰ:-
কেঁচা পাতত পানী থাকে । পানী জুই নমাবলৈ ব্যৱহাৰ কৰা হয়। সেয়েহে কেঁচা পাতৰ দমত জুই নালাগে । শুকান পাতত পানী নাথাকে সেইবাবে ই সহজে জ্বলে।

১০। সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শীখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে ব্যাখ্যা কৰা।
উত্তৰ:-
দীপ্তিহীন মণ্ডল ব্যৱহাৰ কৰা হয়। কাৰণ এই অংশটো শীখাৰ সৰ্বাধিক তপত। আকৌ দীপ্তি মান মণ্ডলত জ্বলি নোযোৱা কাৰ্বন কণাৰ অবশেষ থাকে।

১১। মামৰ ধৰা প্ৰক্ৰিয়াক দহন বুলি কব পাৰিনে? আলোচনা কৰা।
উত্তৰ:-
নোৱাৰি। কাৰণ এই প্ৰক্ৰিয়াত শক্তিৰ লগতে তাপ আৰু লোহা উৎপন্ন নহয়। দহন হ'বলৈ হ'লে শক্তি ৰ লগতে তাপ আৰু পোহৰ উৎপন্ন হ'ব লাগিব।

১২। আহিলা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে মত বিকাৰত পানী তপতাপ লাগে। আবিদাই মমবাতি শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে। ৰমেশ শিখাটোৰ বাহিৰতম অংশত বিকাৰটো ৰাখিলে । কাৰ পানীখিনি সোনকালে তপত হ'ব?
উত্তৰ:-
বাহিৰতম অংশত পানী খিনি সোনকালে তপত হ'ব। কাৰণ এই অংশটোৰ উষ্ণতা আটাইতকৈ বেছি।

No comments:

Post a Comment