Sunday 27 September 2020

Class 8 || SCIENCE || Lesson 5 || কয়লা আৰু পেট্ৰ'লিয়াম || SCERT Assamese Science Book Fully Solved

কয়লা আৰু পেট্ৰ'লিয়াম

 ১। চি.এন.জি. আৰু এল.পি.জি. ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ কি কি?
উত্তৰ:- চি.এন.জি ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধা-
ক।ইয়াক নলীৰ মাজেদি সহজতে পৰিবহন কৰিব পাৰি।
খ।ই কম বায়ু প্ৰদূষক ।
এৰ.পি.জি ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধা-
ক।চিলিন্ডাৰৰ সহায়ত ইয়াক এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ সুবিধা হয়।
খ।ইয়াৰ ব্যৱহাৰৰ ফলত কম নোৱাৰি সৃষ্টি হয়।
 
২।ৰাস্তা বনাওতে ওপৰত তৰপত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম কি?
উত্তৰ:-
বিটুমিন।

৩।মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা।
উত্তৰ:-
প্ৰায় ৩০০ বছৰৰ আগতে পৃথিৱীৰ নিম্ন ভূমিৰ জলাহসমূহত অটবা অৰণ্য আছিল। বানপানীৰ নিচিনা প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই অৰণ্যসমূহ পোত খাই গৈছিল।তাৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ গৈ থকাৰ ফলত হেঁৰ পাৰি এইবোৰ সংকোচিত হৈ যায়। এইবিলাক গভীৰতৰপৰা গভীৰতালৈ সোমাই যোৱাৰ ফলত মৃত উদ্ভিদসমূহৰ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হয়। এই প্ৰক্ৰিয়াটোৰ নাম অংগাৰীকৰণ।

৪। খালী ঠাই পূৰ কৰা।
ক।___,___, আৰু___হৈছে জীৱাশ্ম ইন্ধন।
উত্তৰ:- কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ।

খ। পেট্ৰলিয়ামৰ উৎপাদন সমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক ____বোলা হয়।
উত্তৰ:- শোধন।

গ। আটাইতকৈ কম প্ৰদূষিত কৰা যান বাহনৰ ইন্ধন হ'ল_____।
উত্তৰ:- CNG ।

৫।শুদ্ধ নে অশুদ্ধ লিখা ।
ক। পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিব পাৰি।
উত্তৰ:- অশুদ্ধ।

খ। পেট্ৰলিয়ামতকৈ চি.এন.জি বেছি প্ৰদূষক।
উত্তৰ:- অশুদ্ধ।

গ।কক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ।
উত্তৰ:- শুদ্ধ।

ঘ। আলকতৰা হৈছে বিভিন্ন উৎপাদনৰ এটা মিশ্ৰণ।
উত্তৰ:- শুদ্ধ।

ঙ। কেৰাচিন জীৱাশ্ম ইন্ধন নহয়।
উত্তৰ:- অশুদ্ধ।

৬। জীৱাশ্ম ইন্ধনসমূহ কিয় নিশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা।
উত্তৰ:-
কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি কিছুমান নিশেষীয় প্ৰাকৃতিক ইন্ধন । এইবোৰ মৃত জীৱৰ অৱশেষৰ পৰা সৃষ্টি হৈছিল। এইবোৰ সৃষ্টি হ'বলৈ লাখ লাখ বছৰৰ প্ৰয়োজন হৈছিল। ভূমিকম্প, বানপানী আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত এইবোৰ সৃষ্টি হৈছিল। প্ৰকৃতিত পোৱা এই সম্পদ সমূহৰ উৎস সীমিত।

৭। ককৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ বৰ্ণনা কৰা।
উত্তৰ:-
এবিধ কঠিন, ভেদ্য আৰু কলা বৰণীয়া পদাৰ্থ। ই কাৰ্বনৰ এটা প্ৰায় বিশুদ্ধ ৰূপ। তীখা উৎপাদন কৰিলে আৰু বহুতো ধাতু নিষ্কাৰণৰ ক্ষেত্ৰত কক ব্যৱহাৰ কৰা হয়।
 
৮। কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল ব্যাখ্যা কৰা।
উত্তৰ:-
সমূদ্ৰত বাস কৰা জীৱসমূহৰ পৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল। এই জীৱসমূহৰ মৃত্যু হোৱাত সিহতৰ দেহাৱশেষবোৰ সমূদ্ৰৰ তলিত সঞ্চিত হৈছিল আৰু বালিও বোকাত ঠাক খাই পোত গৈছিল। কালক্ৰমত বহু নিযুত বছয় ধৰি অক্সিজেনহীন পৰিৱেশ প্ৰচুৰ তাপ আৰু আধ্যাত্মিক চাপৰ প্ৰভাৱে মৃত জীৱসমূহক পেট্ৰলিয়ামলৈ ৰূপান্তৰিত কৰে।

No comments:

Post a Comment