Sunday 27 September 2020

Class 8 || SCIENCE || Lesson 9 || প্ৰাণীৰ প্ৰজনন || Textbook Questions Solved Fully in Assamese

প্ৰাণীৰ প্ৰজনন

 ১। জীৱৰ প্ৰজননৰ গুৰুত্ব ব্যাখ্যা কৰা।
উত্তৰ:-
জাতি এটাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ প্ৰজনন অতি আৱশ্যক। প্ৰজননৰ ফলত   পুৰুষানুক্ৰমে একধৰণৰ জীৱৰ সৃষ্টি হয়।

২। মানুহৰ নিষেচন প্ৰক্ৰিয়া বৰ্ণনা কৰা।
উত্তৰ:-
প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম পদক্ষেপ হৈছে এটা শুক্ৰাণু আৰু এটা ডিম্বানুৰ মিলন। যেতিয়া এটা ডিম্বানু কণী শুক্ৰাণুবোৰৰ সংস্পৰ্শ আহে,  তেতিয়া এটা শুক্ৰাণু ডিম্বানুৰ সৈতে মিলন হ'ব পাৰে। এনেধৰণৰ ডিম্বানু আৰু শুক্ৰাণুৰ মিলনক নিষেচন বোলে।

৩।উপযুক্ত উত্তৰটো লিখা।
ক।অন্তনিষেচন কাৰ দেহত ঘটে।
উত্তৰ:-
স্ত্ৰীৰ দেহত।

খ।লালুকী এটা পুৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো কি?
উত্তৰ:-
ৰূপান্তৰ।

গ।এটা যোজন কোষত কেইটা কোষকেন্দ্ৰ থাকে।
উত্তৰ:-
এটা।

৪। নিম্নলিখিত উত্তৰবোৰত শুদ্ধ হ'লে শু আৰু অশুদ্ধ হ'লে অ লিখিবা।
ক। ডিম্বজ প্ৰাণীয়ে পোৱালী জগায়।
উত্তৰ:-
অ।
খ। প্ৰতিটো শুক্ৰাণু এককোষীয়।
উত্তৰ:-
শু।
গ। ভেকুলীৰ বহিনিষেচন হয়।
উত্তৰ:-
শু।
ঘ। এটা জনন কোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয়।
উত্তৰ:-
অ।
ঙ। নিষেচনৰ পিছত পৰা এটা কণী এককোষযুক্ত হয়।
উত্তৰ:-
শু।
চ। এমিবাই মুকুলনৰ‌পৰা বংশ বৃদ্ধি কৰে।
উত্তৰ:-
অ।
ছ। অযৌন প্ৰজননতো নিষেচনৰ আৱশ্যক।
উত্তৰ:-
অ।
জ। দ্বৈত বিভাজন এটি অযৌন প্ৰজনন পদ্ধতি।
উত্তৰ:-
শু।
ঝ। নিষেচনৰ ফলত এটি যোযন কোষৰ সৃষ্টি হয়।
উত্তৰ:-
শু।
ঞ। এটা ভ্ৰণ এটা একক কোষেৰে গঠিত।
উত্তৰ:-
শু।


৫। এটা যোজন আৰু গৰ্ভভ্ৰণৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰ:-
১।যোজন কোষ এককোষী। কিন্তু গৰ্ভভ্ৰণ বহুকোষী।
২।এটা শুক্ৰাণু আৰু ডিম্বানুৰ মিলনৰ ফলত এটা যোযন কোষ সৃষ্টি হয়। কিন্তু গৰ্ভভ্ৰণৰ বাবে বাৰেভিক্ত ই জ্বণৰ সৃষ্টি কৰে আৰু জ্বণৰ পৰা গৰ্ভস্থ সন্তানৰ সৃষ্টি কৰা হয়।

৬। অযৌন প্ৰজননৰ সংজ্ঞা দিয়া। প্ৰাণীৰ অযৌন প্ৰজননৰ দুটা পদ্ধতি বৰ্ণনা কৰা।
উত্তৰ:-
যি প্ৰজননত মাত্ৰ এজন পিতৃ বা মাতৃ জড়িত হয় তাক অযৌন প্ৰজনন বোলে।
পদ্ধতি দুটা হ'ল-
১।মুকুলন।
২। দ্বৈতবিভাজন।

৭।স্ত্ৰী প্ৰজনন অংগৰ কোনটো অংশত ভ্ৰণটো লাগি ধৰে।
উত্তৰ:-
জৰায়ুত।

৮। ৰূপান্তৰ কি? উদাহৰণ দিয়া।
উত্তৰ:-
বহূতো পৰিৱৰ্তনৰ মাজেৰে পলুৰ পৰা পুৰ্ণাংগলৈ সলনি হোৱাকে ৰূপান্তৰ বোলে।
উদাহৰণ-ভেকুলী,পাতপলু, মৌ-মাখি আদি কিছুমান।

৯।অন্ত: নিষেচন আৰু বহি:নিষেচনৰ পাৰ্থক্য লিখা।
উত্তৰ:-
১।অন্ত: নিষেচন স্ত্ৰী দেহৰ ভিতৰত হয়। কিন্তু বহি: নিষেচন স্ত্ৰী দেহৰ বাহিৰত হয়।
২।অন্ত: নিষেচনত স্ত্ৰীসমূহে নিষেচন হোৱা কণী পাৰে নাইবা সম্পূৰ্ণ সন্তান জন্ম দিয়ে। কিন্তু বহি: নিষেচনত স্ত্ৰীসমূহে নিষেচন নোহোৱা কণী পাৰে।

No comments:

Post a Comment