Sunday 27 September 2020

Class 8 || SCIENCE || Lesson 10 || কৈশোৰ প্ৰাপ্তি || Full Exercise Solved in Assamese

কৈশোৰ প্ৰাপ্তি

১। অন্তঃস্ৰাৱী গ্ৰন্থীয়ে দেহৰ পৰিৱৰ্তনৰ বাবে নিসৰণ কৰা পদাৰ্থসমূহক কি নামেৰে নামাকৰণ কৰা হৈছে?
উত্তৰ:-
হৰমণ।

২। কৈশোৰ কালৰ সংজ্ঞা দিয়া।
উত্তৰ:-
জীৱনৰ যিটো কালত শাৰীৰিক পৰিৱৰ্তন হয় সেই কালছোৱাক কৈশোৰ কাল বোলে।

৩। মাহেকীয়া ঋতুচক্ৰ কি ? ব্যাখ্যা কৰা।
উত্তৰ:-
যদি ডিম্ব নিষেচিত নহয় তেতিয়া ডিম্বকৰ পৰা ওলোৱা ডিম্বানু জৰায়ুৰ ডাঠ আৱৰণ আৰু ৰক্তলিকাৰে সৈতে বাহিৰলৈ ওলাই আহে। ইয়াৰ ফলত মহিলাৰ ৰক্ত ক্ষৰণ হয় ইয়াকে মাহেকীয়া ঋতুচক্ৰ বোলে। প্ৰথম ঋতুচক্ৰ প্ৰাপ্তবয়স্ক প্ৰাপ্তিৰ পৰা আৰম্ভ কৰি ২৮ৰ পৰা ৩০ দিনৰ ভিতৰত মাহেকত এবাৰ ঋতুচক্ৰ হয়।

৪। যৌন প্ৰাপ্তিৰ সমযয়ত হোৱা দেহৰ পৰিৱৰ্তনসমূহ তালিকা কৰা।
উত্তৰ:-
ক। ল'ৰা-ছোৱালীয়ে প্ৰজননৰ ক্ষমতা লাভ কৰে।
খ। শাৰিৰীক উচ্চতা বৃদ্ধি পায়।
গ। শাৰীৰিক পৰিৱৰ্তন হয়।
ঘ।ল'ৰাৰ মাত গলগলীয়া হয়।
ঙ। যৌনাংগৰ বিকাশ হয়।

৬। যৌন হৰমণ কি ? সেইবোৰক কিয় এনে নাম দিয়া হয়।সেই হৰমণ বোৰৰ কাৰ্য বৰ্ণনা কৰা।
উত্তৰ:-
অন্ডকোষ আৰু ডিম্বকে ক্ষৰণ কৰা হৰমণক যৌন হৰমণ বোলে।
     পুৰুষৰ ক্ষেত্ৰত অন্ডকোষে টেষ্টোটেৰণ হৰমণ আৰু মহিলাৰ ক্ষেত্ৰত ডিম্বকে ষ্টোজেন হৰ্ণ নি:সৰণ কৰে। সেইবাবে ইহঁতক যৌন হৰমণ বোলা হয়।
     টেষ্টোটেৰণ হৰমণৰ বাবে ল'ৰাৰ মুখমণ্ডলত দাড়ি আৰু গোফ গজে কান্ধৰ আকাৰ ডাঙৰ হয়। বুকুত নুম গজে। ইষ্টোজেন হৰমণৰ বাবে ছোৱালীৰ স্তনৰ বিকাশ হ'বলৈ ধৰে স্তনৰ গাখীৰ নি:সৰণ গ্ৰন্থি বা স্তন গ্ৰন্থিৰ উদ্ভৱ হয়।

৭। উপযুক্ত উত্তৰ লিখা।
ক। কিশোৰ-কিশোৰীসকল আহাৰ সম্পৰ্কে সচেতন হোৱা উচিত।
উত্তৰ:-
কিয়নো শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰৰ প্ৰয়োজন।

খ। মহিলাৰ প্ৰজননৰ বয়স আৰম্ভ হয়।
উত্তৰ:-
তেতিয়া যেতিয়া মাহেকীয়া ঋতুচক্ৰ আৰম্ভ হয়।

গ। কিশোৰ-কিশোৰীৰ যথোপযুক্ত আহাৰ কি।
উত্তৰ:-
ৰুটি,দাইল, শাক-পাচলি।

৮।চমুটোকা লিখা।
ক। ডিঙিৰ ঘটিকা
উত্তৰ:-
প্ৰাপ্ত বয়স্ক প্ৰাপ্তিৰ সমযয়ত স্বৰ যন্ত্ৰৰ বৃদ্ধি হবলৈ ধৰে।লৰাৰ ক্ষেত্ৰত স্বৰ তন্ত্ৰবোৰ ডাঙৰ হয়। ল'ৰাৰ বৃদ্ধি হোৱা স্বৰ যন্ত্ৰ ডিঙিৰ বাঢ়ি অহা অংশ হিচাপে দেখা দিয়ে। এই অংশক ডিঙিৰ ঘটিকা বুলি কোৱা হয়।

খ। জন্ম পূৰ্বক লিংগ নিৰ্ণয়
উত্তৰ:-
নিষিক্ত ডিম্বানু যোজন কোষেই কেঁচুৱাটোৰ লিংগ কি হয় সেইবোৰ নিৰ্দেশনা দিয়ে। মানুহৰ দেহৰ প্ৰতিটো কোষৰ কোষকেন্দ্ৰত ২৩ যোৰ ক্ৰমজম থাকে। ইয়াৰ এযোৰ এযোৰ ক্ৰমজম থাকে যাক X আৰু Y বা যৌন ক্ৰমজম হিচাপে নামাকৰণ কৰা হয়।

No comments:

Post a Comment