Monday 28 September 2020

Class 8 || SCIENCE || Lesson 11 || বল আৰু চাপ || সম্পূৰ্ণ অনুশীলনীৰ প্ৰশ্নোত্তৰ

বল আৰু চাপ

Class 8 Social Science in Assamese Medium

বল আৰু চাপ

অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 11
অধ্যায়ঃ ১১

১। বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া।
উত্তৰ:-
ক।টেবুলৰ ওপৰত থোৱা কিতাপ লৰচৰ কৰা।
খ।বেটছমেন এজনে ক্ৰিকেট বল কোবোৱা।

২। বস্তুৰ আকৃতিৰ পৰিবৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া।
উত্তৰ:-
ক।আটাৰ লাৰ পৰা ৰুটি প্ৰস্তুত কৰা হয়।
খ।হাঁকোটাত ওলোমাই ৰখাৰ বৰ এচটাত গধুৰ বস্তু ওলোমাই দিয়া।

৩।তলৰ উক্তিবোৰৰ খালী ঠাই পূৰ কৰা।
ক।কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল __ লাগে।
উত্তৰ:- টানিব লাগে।
খ।এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে ___কৰে।
উত্তৰ:- আকৰ্ষণ।
গ। বোজাই কৰা ট্ৰলিগাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ___লাগিব।
উত্তৰ:- ঠেলিব বা টানিব।
ঘ। এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক ____ কৰে।
উত্তৰ:- বিকৰ্ষণ।

৪। এজন ধনুধাৰীয়ে তেওঁৰ ধনুখন লক্ষ্যলৈ টোৱাঁই টানি ধৰে। তেওঁ নিক্ষেপ কৰা কাডপাত লক্ষ্যলৈ ধাৱমান হয়। এই কথাখিনিৰ আধাৰৰ তলত লিখা শব্দসমূহ ব্যৱহাৰ কৰি তলৰ উক্তিসমূহৰ ঠাইসমূহ পূৰ কৰা।
পেশীয়,স্পৰ্শ,অস্পৰ্শ, মধ্যাকৰ্ষণ, ঘৰ্ষণ, আকৃতি, আকৰ্ষণ।
ক।ধনুখন টানিবলৈ ধনুৰ্ধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াৰ___পৰিৱৰ্তন ঘটায়।
উত্তৰ:- আকৃতি।
খ।ধনুখন টানিবলৈ ধনুৰ্ধাৰীয়ে বল প্ৰয়োগ কৰা ____বলৰ উদাহৰণ।
উত্তৰ:- পেশীয়।
গ।কাঁড়ডালৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ হৈছে___বলৰ উদাহৰণ।
উত্তৰ:- অস্পৰ্শ।
ঘ।কাঁড়ডাল লক্ষ্যৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলবোৰ হৈছে___আৰু বায়ুৰ বাবে হোৱা____।
উত্তৰ:- মাধ্যাকৰ্ষণ।

৫।কমাৰে উত্তপ্ত লোৰ এটুকুৰা হাতুৰিৰে পিটি সঁজুলি তৈয়াৰ কৰে।হাতুৰিৰে মৰিয়াওতে বলে কেনেকৈ লোৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে?
উত্তৰ:-
হাতুৰীৰে মৰিয়াওতে বলে লো টুকুৰাৰ আকৃতিৰ পৰিবৰ্তন ঘটায়।

৭।ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘঁহিড লৈ,বেৰত হেচিঁ ধৰা হ'ল দেখা গ'ল যে বেলুনটো বেৰত লাগি ধৰিছে। বেলুন আৰু বেৰখনৰ মাজত আকৰ্ষণত কি বলে ভূমিকা লৈছে?
উত্তৰ:-
স্থিৰ বিদ্যুৎ বলে।

৮। মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানীপূৰ্ণ বাল্টি এটাত ক্ৰিয়াশীল বলবোৰ চিনাক্ত কৰা। বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা বলসমূহে কিয় ইয়াৰ গতি অৱস্থাৰ পৰিৱৰ্তন ঘটাব পৰা নাই আলোচনা কৰা।
উত্তৰ:-
স্পৰ্শ বল , মধ্যাকৰ্ষণীক বল আৰু উৰ্ধমুখী বল।
       বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা মধ্যাকৰ্ষণীক বলে তলফালে আৰু উৰ্ধমুখী বলে ওপৰফালে ক্ৰিয়া কৰে। মধ্যাকৰ্ষণীক বল আৰু উৰ্ধমুখী বলৰ পৰিমাণ সমানে হোৱা বাবে প্ৰয়োগ বলৰ মান শূণ্য হয়। ফলত বাল্টিটোৰ ওপৰত কোনো বলে ক্ৰিয়া নকৰে আৰু ইয়াৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন নহয় ।

 ৯। কক্ষপথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে। নিক্ষেপ স্থলী এৰাৰ পাছমূহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখা।
 উত্তৰ:-
ক। মধ্যাকৰ্ষণীক বল।
       খ। উৰ্ধমুখী বল।

১০। ড্ৰপাৰ এটাৰ খোলা মূৰটো পানীত ডুবাই ৰাখি ইয়াৰ বাল্বটো চেপি ধৰিলে বায়ু খিনি বুদবুদ আকাৰে ওলাই যোৱা দেখা যায়। আনহাতে বাল্বৰ ওপৰৰ চাপ নাইকিয়া কৰিলে ভিতৰলৈ পানী সোমাই আহে। ড্ৰপাৰৰ ভিতৰলৈ পানী সোমাই যোৱাৰ কাৰণ কি?
উত্তৰ:-
পানীৰ চাপ।

No comments:

Post a Comment