Monday 28 September 2020

Class 8 || SCIENCE || Lesson 12 || ঘৰ্ষণ || সম্পূৰ্ণ অনুশীলনীৰ প্ৰশ্নোত্তৰ অসমীয়া মাধ্যমত

ঘৰ্ষণ

১। খালী ঠাই পূৰ কৰা।
ক।পৰস্পৰ সম্পৰ্কত থকা দুখন পৃষ্ঠৰ মাজৰ ____ঘৰ্ষণে বাধা দিয়ে।
উত্তৰ:- আপেক্ষিক গতিত।
খ। পৃষ্ঠাৰ ____ ৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰশীল।
উত্তৰ:- মসৃণতাৰ।
গ।ঘৰ্ষণে ___ উৎপন্ন কৰে।
উত্তৰ:- তাপ।
ঘ।কেৰম বৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে ঘৰ্ষণ ____।
উত্তৰ:- কমে।
ঙ।স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণৰ মান___।
উত্তৰ:- কম।

২। চাৰিজন ছাত্ৰক ঘূৰ্ণি,স্থিতি আৰু পিছল ঘৰ্ষণ বলৰ মান অধ ক্ৰমত সজাবলৈ কোৱা হল। উত্তৰ লিখা।
উত্তৰ:-
স্থিতি,পিছল,ঘূৰ্ণি।

৩।ৰবিয়াই তাইৰ পুতলা গাড়ী খন মাৰ্বলৰ শুকান মজীয়া , মাৰ্বলৰ তিতা মজিয়া , মজিয়াত পাৰি ধোঁৱা বাতৰি কাকত আৰু টাৱেলৰ ওপৰেৰে চলাইছে। বিভিন্ন পৃষ্ঠত গাড়ীখনৰ ওপৰত ক্ৰিয়া কৰা ঘৰ্ষণ বলৰ মান উৰ্দ্ধক্ৰমত  লিখিলে শুদ্ধ উত্তৰ হ'ল ___
উত্তৰ:-
মাৰ্বলৰ তিতা মজিয়া , মাৰ্বলৰ শুকান মজিয়া , বাতৰি কাকত আৰু টাৱেল।

৪। ধৰা হ'ল তোমাৰ লিখা ডেস্ক খন কিছু পৰিমাণে হেলনীয়া । ইয়াৰ ওপৰত ৰখা কিতাপ এখন পিছলিবলৈ আৰম্ভ কৰিছে। কিতাপ এখনৰ ওপৰত প্ৰয়োগ হোৱা ঘৰ্ষণ বলৰ দিশ দেখুওৱা।
উত্তৰ:-
ঘৰ্ষণ বলৰ দিশ উৰ্ধমুখী হ'ব । অৰ্থাৎ পিছলিবলৈ আৰম্ভ কৰা কিতাপ খনৰ বিপৰীত দিশ।

৫। দুৰ্ঘটনা বশত : মাৰ্বলৰ মজিয়াত তুমি এবাল্টি চাবোন পানী পেলালে । ইয়াৰ বাবে মজিয়া এখনত খোজ কাঢ়িব সহজ হ'বনে টান হ'ব ? কাৰণ দৰ্শোৱা।
উত্তৰ:-
কঠিন হ'ব । কাৰণ চাবোন পানীৰ পৰাৰ ফলত মজিয়াৰ ঘৰ্ষণ বলৰ পৰিমাণ একেবাৰে কমি যায় আৰু পিছল হয়।

৬। খেলুৱৈ সকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে ব্যাখ্যা কৰা।
উত্তৰ:-
গজাল থকা জোতা পিন্ধাৰ ফলত মাটিত খোপতি পুতিবলৈ সহজ হয়।

৭।ইকবালে পাতল বাকছ এটা আৰু সীমাই একে ধৰণৰ কিন্তু গধূৰ বাকচ এটা একেখন মজিয়াৰে ঠেলিব লগা হৈছে। কোনে বেছি বল প্ৰয়োগ কৰিব লগীয়া হ'ব আৰু কিয়?
উত্তৰ:-
গধূৰ বাকচটো ঠেলিবলৈ বেছি বল প্ৰয়োজন হ'ব।আমি জানো যে পৃষ্ঠদুখনৰ মাজত হেচাৰ পৰিমাণ বেছি হ'লে ঘৰ্ষণ বলৰ বেছি হয়। গধুৰ বাকচ টোৰ মজিয়া খনৰ ওপৰত বেছি হেচাৰ সৃষ্টি কৰে ফলত ঘৰ্ষণ বল বাঢ়ি যায়। ঘৰ্ষণ বল বঢ়াৰ ফলত বাকচটো ঠেলিবলৈ বেছি বল প্ৰয়োজন হয়।

৮। স্থিৰ ঘৰ্ষণতকৈ পিছল ঘৰ্ষণ কিয় কম? ব্যাখ্যা কৰা।
উত্তৰ:-
স্থিৰ ঘৰ্ষণত বস্তুটোৰ পৃষ্ঠৰ স্পৰ্শ বিন্দুসমূহে আনখন পৃষ্ঠৰ স্পৰ্শ বিন্দুসমূহৰ সৈতে লগ লাগিবলৈ যথেষ্ট সময় পায়।ফলত ঘৰ্ষণৰ পৰিমাণ বৃদ্ধি হয়। আনহাতে পিছল ঘৰ্ষণৰ বস্তুটোৰ পৃষ্ঠৰ স্পৰ্শবিন্দু সমূহে আনখন পৃষ্ঠৰ স্পৰ্শ‌বিন্দুৰ সৈতে লগ লাগিবলৈ সময় কম পায়।

৯। তৰলত গতি কৰা বস্তুসমূহৰ কিয় বিশেষ বিশেষ আকৃতি থাকে ব্যাখ্যা কৰা।
উত্তৰ:-
যেতিয়া তৰলৰ মাজেৰে কোনো বস্তু অগ্ৰসৰ হয় তেতিয়া বস্তুসমূহেইয়াৰ ওপৰত ক্ৰিয়া কৰা ঘৰ্ষণ অতিক্ৰম কৰিব লগা হয়। এই প্ৰক্ৰিয়াত ইহঁতে শক্তি ক্ষয় কৰিব লগা হয়। সেইকাৰণে ঘৰ্ষণ কমোৱাৰ বাবে বস্তুবোৰক বিশেষ আকৃতি দিয়া হয়।

No comments:

Post a Comment