Thursday 10 September 2020

বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন || Class 7 || SCIENCE || Lesson 7 || SCERT || Assam

বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন
১।ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা।
উত্তৰ:- উষ্ণতা ,আদ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদি ।

২। দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায়?
উত্তৰ:- দিনটোৰ উচ্চতম উষ্ণতা সাধাৰণতে পিছবেলা আৰু নিম্নতম উষ্ণতা পুৱাৰ ভাগত হয় ।

৩। খালী ঠাই পূৰ কৰা।
ক। সুদীৰ্য সময় ধৰি লোৱা বতৰৰ গড়ক ____বোলে।
উত্তৰ:- জলবায়ু ।

খ। এখন ঠাই য'ত বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা গোটেই বছৰ ধৰি বেছি ,সেই ঠাইৰ জলবায়ু___আৰু___।
উত্তৰ:- গৰম আৰু শুকান ।

গ। জলবায়ুৰ চৰম অৱস্থাত থকা পৃথিৱীৰ দুটা অঞ্চল হ'ল ___আৰু___।
উত্তৰ:- মেৰু অঞ্চল আৰু বিষুৱ অঞ্চল ।

৪। তলৰ অঞ্চলবোৰৰ জলবায়ুৰ প্ৰকাৰ আভাস দিয়া-
ক। জম্মু আৰু কাশ্মীৰ____।
উত্তৰ:- মধ্যমীয়া গৰম আৰু সেমেকা ।

খ। কেৰেলা____।
উত্তৰ:- গৰম সেমেকা ।

গ। ৰাজস্থান____।
উত্তৰ:- গৰম আৰু শুকান ।

ঘ। উত্তৰ-পূৱ ভাৰত____।
উত্তৰ:- সেমেকা ।

৫। বতৰ আৰু জলবায়ু এই দুটাৰ কোনটো সঘনে সলনি হয়?
উত্তৰ:- বতৰ সঘনে সলনি হয় ।

৬। তলত উল্লেখ কৰাবোৰ প্ৰাণীৰ কিছুমান বৈশিষ্টঃ
ক।খাদ্য হিচাপে সৰহ সময় ফলৰ ওপপৰত নিৰ্ভৰশীল।
উত্তৰ:- গ্ৰীষ্মমন্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।

খ। বগা নোমযুক্ত ছাল।
উত্তৰ:- মেৰু অঞ্চলত।

গ। প্ৰব্ৰজন হ'ব বিচাৰে।
উত্তৰ:- মেৰু অঞ্চলত ।

ঘ। ডাঙৰ মাত।
উত্তৰ:- গ্ৰীষ্মমন্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

ঙ। ভৰিৰ পতাত আঠাজাতীয় আৱৰণ।
উত্তৰ:- গ্ৰীষ্মমন্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।

চ। ছালৰ তলত চৰ্বীৰ তৰপ।
উত্তৰ:- মেৰু অঞ্চলত।

ছ। বহল আৰু ডাঙৰ হাতোৰা।
উত্তৰ:- মেৰু অঞ্চলত ।

জ। উজ্বল ৰং।
উত্তৰ:- মেৰু অঞ্চলত ।

ঝ। শক্তিশালী নেজ।
উত্তৰ:- গ্ৰীষ্মমন্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

ঞ। দীঘল আৰু ডাঙৰ ঠোঁট।
উত্তৰ:- গ্ৰীষ্মমন্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

প্ৰত্যেকটো বৈশিষ্ট্যৰ বাবে সিহতৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে নে মেৰু অঞ্চলৰ বাবে তাক নিৰ্ণয় কৰা। তোমালোকে এই বৈশিষ্ট্যবোৰৰ কিছুমান দুয়োটা অঞ্চলৰ বাবে অভিযোজন হ'ব পাৰে বুলি ভাবানে?

৭। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায়। কিয় এনে হয় বাখ্যা কৰা।
উত্তৰ:-:গৰম আৰু বৰষুণৰ পৰিমান বেছি হোৱা বাবে এই অঞ্চলসমূহত বহুতো প্ৰাণীয়ে জীয়াই থকাৰ সুবিধা লাভ কৰে । সেয়েহে এই অঞ্চলত বিশেষ সংখ্যক প্ৰাণী পোৱা যায় ।

৮। কিয় আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পাওঁ। উদাহৰণসহ বৰ্ণনা কৰা।
উত্তৰ:- অনুকূল‌ জলবায়ুৰ বাবে বৃহৎ সংখ্যক উদ্ভিদ
জলবায়ু অঞ্চলত পাওঁ ।

৯। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে কেনেদৰে নিজকে অভ্যস্ত কৰে?
উত্তৰ:- বৰ্ষাৰণ্য অঞ্চলত হাতীয়ে খাদ্য আৰু আশ্ৰয়ৰ
প্ৰতিযোগিতা প্ৰতিহত কৰাৰ বাবে বিভিন্ন প্ৰকাৰৰ খাদ্য গ্ৰহণ কৰাত অভ্যস্ত হয় ।

১০। শৰীৰত আচ টনা মাংস হাৰী প্ৰাণী এটাই যেতিয়া খাদ্যৰ বাবে চিকাৰ কৰে তেতিয়া বৰ খৰকৈ
গতি কৰে । ইয়াক পোৱা যায়।
ক। মেৰু অঞ্চলত ।
খ। মৰুভূমিত ।
গ। সাগৰত।
ঘ।গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।
উত্তৰ:- গ্ৰীষ্মমন্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।

১১। বগা ভালুকে অত্যন্ত ঠাণ্ডা জলবায়ুত বাস‌ কৰিব ৰ বাবে কি বৈশিষ্ট্যৰে অভ্যস্ত হয়?
ক। বগা নোমাল ছাল ,ছালৰ তলৰ চৰ্বী, তীক্ষ্ণ ঘ্ৰাণ শক্তি।
খ। পাতল ছাল, ডাঙৰ চকু, বগা নোমাল ছাল।
গ। এডাল দীঘল নেজ, তীক্ষ্ণ আকোৰা নখ ,বগা ডাঙৰ হাতোৰা।
ঘ। বগা শৰীৰ , সাতুৰিবলৈ হাতোৰা , উশাহ-নিশাহৰ ফুল।
উত্তৰ:- বগা নোমাল ছাল, ছালৰ তলৰ চৰ্বী , তীক্ষ্ণ ঘ্ৰাণ শক্তি ।

১২। গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণনা দিবৰ বাবে আটাইতকৈ কোনটো ভাল?
ক। গৰম আৰু আৰ্দ্ৰ।
খ। মধ্যমীয়া উঞ্চতা , প্ৰচুৰ বৃষ্টিপাত ।
গ। ঠাণ্ডা, আৰু আৰ্দ্ৰ।
ঘ। গৰম আৰু শুকান।
উত্তৰ:- গৰম আৰু আৰ্দ্ৰ ।

No comments:

Post a Comment