Wednesday 9 September 2020

ভৌতিক আৰু ৰাসায়নিক পৰিবৰ্তন || Class 7 || Lesson 6 || SCIENCE || Assamese Medium || SCERT

ভৌতিক আৰু ৰাসায়নিক পৰিবৰ্তন
১।তলৰ প্ৰক্ৰিয়াবোৰত জড়িত হোৱা পৰিৱৰ্তনবোৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হিচাপে শ্ৰেণীবিভাজন কৰা ।
ক। সালোকসংশ্লেষন
উত্তৰ:- ৰাসায়নিক পৰিৱৰ্তন ।

খ। পানীত চেনি দ্ৰৱীভূত কৰাটো
উত্তৰ:- ভৌতিক পৰিবৰ্তন ।

গ।কয়লাৰ দহন
উত্তৰ:- ৰাসায়নিক পৰিৱৰ্তন ।

ঘ। মমৰ গলন
উত্তৰ:- ৰাসায়নিক পৰিবৰ্তন ।

ঙ। এলুমিনিয়ামত ধাতু কোৱাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো ।
উত্তৰ:- ভৌতিক পৰিবৰ্তন ।

চ। খাদ্যৰ পাচন ক্ৰিয়া
উত্তৰ:- ৰাসায়নিক পৰিৱৰ্তন ।

২।তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা । যদি কোনো উক্তি মিছা হয় , শুদ্ধ উক্তিটো তোমাৰ বহীত লিখা ।
ক। কাঠ এডালৰ কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিৱৰ্তন ।
উত্তৰ:- মিছা ।

খ। ।পাতৰ পৰা সাৰ প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো এটা ভৌতিক পৰিবৰ্তন ।
উত্তৰ:- মিছা ।

গ। দস্তালোপিত লোৰ নলীত সহজে মামৰে নধৰে ।
উত্তৰ:- সঁচা ।

ঘ। লো আৰু মামৰ একেবিধ পদাৰ্থ ।
উত্তৰ:- মিছা ।

ঙ। জলীয় ভাপ ঘনীভূত হোৱাটো ৰাসায়নিক পৰিৱৰ্তন নহয় ।
উত্তৰ:- সঁচা ।

৩।তলত দিয়া উক্তিবোৰৰ খালি ঠাই পুৰ কৰা ।
ক। চূণ - পানীৰ মাজেদি কাৰ্বনডাই-অক্সাইড gas যাবলৈ দিলে ____ প্ৰস্তুত হোৱা বাবে ই গাখীৰৰ দৰে ঘোলা হয় ।
উত্তৰ:- কেলচিয়াম কাৰ্বনেট ।

খ। বেকিং ছাড়াৰ ৰাসায়নিক নাম হল ___ ।
উত্তৰ:- ছডিয়াম হাইড্ৰজেন কাৰ্বনেট ।

গ। লোত মামৰে ধৰাটো প্ৰতিৰোধ কৰিব পৰা দুটা পদ্ধতি হল___আৰু___।
উত্তৰ:- ৰংসনা আৰু দস্তালেপন ।

ঘ। যিবোৰ পৰিবৰ্তনত মাত্ৰ পদাৰ্থৰ ___ ধৰ্মৰে সলনি হয়, সেইবোৰক ভৌতিক পৰিবৰ্তন বোলে ।
উত্তৰ:- ভৌতিক ।

ঙ। যিবোৰ পৰিবৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয়, সেইবোৰক____ পৰিৱৰ্তন বোলে ।
উত্তৰ:- ৰাসায়নিক ।

৪। যেতিয়া বেকিং ছডাক নেমুৰ ৰসৰ সৈতে মিলোৱা হয়, তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে । এইটো কি প্ৰকাৰৰ পৰিৱৰ্তন ? ব্যাখ্যা কৰা ।
উত্তৰ:- কাৰ্বন ডাই অক্সাইড গেছ ওলাই আহে । এইটো ৰাসায়নিক পৰিৱৰ্তন ।

৫।মমবাতি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিবৰ্তনেই সংঘটিত হয় । এই পৰিবৰ্তনবোৰ চিনাক্ত কৰা। সচৰাচৰ দেখি থকা আন এটা উদাহৰণ দিয়া য'ত ভৌতিক আৰু ৰাসায়নিক দুয়োটা পৰিৱৰ্তনেই সংঘটিত হয় ।
উত্তৰ:- মমবাতি এডাল জ্বলালে হোৱা পৰিৱৰ্তন-
ভৌতিক পৰিবৰ্তন- গলি যোৱা মমখিনিৰ আকাৰ আৰু আকৃতিৰ পৰিবৰ্তন হৈছে ।
ৰাসায়নিক পৰিৱৰ্তন- মমডালৰ জ্বলনৰ ফলত কাৰ্বনডাই-অক্সাইড আৰু পোহৰ উৎপন্ন হয় ।
আন এটা উদাহৰণ হৈছে- তৰলীকৃত পেট্ৰোলিয়াম গেছ (LPG) দহন ।
ভৌতিক পৰিবৰ্তন- চিলিন্ডাৰৰ পৰা বাহিৰলৈ আহোতে জুলীয়াৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হৈছে । ইয়াত কেৱল অৱস্থাৰ পৰিৱৰ্তন হৈছে ।
ৰাসায়নিক পৰিৱৰ্তন- LPG দহনৰ ফলত নতুন পদাৰ্থৰ সৃষ্টি হয় , যাক পুনৰ আগৰ অৱস্থালৈ ঘুৰাই আনিব নোৱাৰি।

৬। তুমি কেনেকৈ দেখুৱাবা যে দৈ প্ৰস্তুত হোৱাটো ৰাসায়নিক পৰিৱৰ্তন ।
উত্তৰ:- কাৰণ ই এক স্থায়ী পৰিৱৰ্তন এবাৰ প্ৰস্তুত হোৱাৰ পিছত পুনৰ গাখীৰলৈ ঘুৰাই পাব নোৱাৰি ।
লগতে গাখীৰ আৰু দৈ দুয়োটাৰে ৰাসায়নিক ধৰ্ম বেলেগ বেলেগ ।

৭। কাঠৰ দহন আৰু কাঠক কাটি সৰু টুকুৰালৈ পৰিণত কৰাক দুটা বেলেগ প্ৰকাৰৰ পৰিৱৰ্তন বুলি ধৰা হয় কিয় ? ব্যাখ্যা কৰা ।
উত্তৰ:- কাঠৰ দহনৰ ফলত এঙাৰৰ সৃষ্টি হয় । সেয়েহে কাঠৰ দহন এক প্ৰকাৰৰ ৰাসায়নিক পৰিৱৰ্তন । আনহাতে কাঠ কাটি সৰু টুকুৰালৈ পৰিণত কৰাটো ভৌতিক পৰিবৰ্তন কাৰণ ইয়াত নতুন পদাৰ্থৰ সৃষ্টি হোৱা নাই , মাত্ৰ কাঠৰ আকাৰ আৰু আকৃতিৰ পৰিবৰ্তন হয় ।

৮। কপাৰ ছালফেটৰ স্ফটিক কেনেকৈ প্ৰস্তুত কৰা হয় বৰ্ণনা কৰা ।
উত্তৰ:- স্ফটিকীকৰণ পদ্ধতিৰে কপাৰ ছালফেটৰ স্ফটিক তৈয়াৰ কৰা হয় ।

৯। লোৰ গেট এখন ৰং কৰিলে ই কেনেকৈ মামৰে ধৰা প্ৰক্ৰিয়া ৰোধ কৰে,বুজাই লিখা ।
উত্তৰ:- লোৰ সামগ্ৰীবোৰ পানী,দলীয় বাষ্প আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে মামৰে ধৰে ।লোত
ৰং কৰিলে এই ৰঙে লোৰ ওপৰত প্ৰলেপ বা আৱৰণৰ দৰে কাম কৰে আৰু লোক পানী,জলীয় বাস্পৰ পৰা আতৰাই ৰাখে ফলত মামৰে নধৰে ।এনেদৰেই ৰং কৰি লোৰ গেট এখনত মামৰে ধৰাটো ৰোধ কৰিব পাৰি ।

১০। মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লোৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কিয় ? ব্যাখ্যা কৰা ।
উত্তৰ:- লোৰ সামগ্ৰীবোৰ পানী,জলীয়বাস্প আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে মামৰে ধৰে । মৰুভূমি অঞ্চলতকৈ সাগৰৰ উপকূলীয় অঞ্চলত আদ্ৰতা বেছি অৰ্থাৎ বায়ুত জলীয় বাষ্পৰ পৰিমাণ অধিক সেয়েহে লোৰ সামগ্ৰীবোৰত সোণকালে মামৰে ধৰে ।

No comments:

Post a Comment