Thursday 10 September 2020

বতাহ, ধুমুহা আৰু ঘূৰ্ণীবতাহ || Class 7 || SCIENCE || Lesson 8 || SCERT || Assamese Medium

.
বতাহ, ধুমুহা আৰু ঘূৰ্ণীবতাহ
১। তলৰ উক্তিবোৰত থকা ঠাই পূৰ্ণ কৰা ।
ক। বতাহ হ'ল বায়ুৰ___অৱস্থা ।
উত্তৰ:- গতীশীল ।

খ। ভূ-পৃষ্ঠত উত্তাপৰ ___ বাবে বতাহৰ উৎপত্তি হয় ।
উত্তৰ:- তাৰতম্যৰ ।

গ। ভূ-পৃষ্ঠৰ ওচৰৰ ঠাইবোৰত ___ বায়ু ঊৰ্দ্ধমুখী হয় আৰু___ বায়ু অধোগামী হয় ।
উত্তৰ:- গৰম আৰু ঠান্ডা ।

ঘ। বায়ু ___ চাপ অঞ্চলৰ পৰা ____ চাপ
অঞ্চললৈ হয় ।
উত্তৰ:- উচ্চ আৰু নিম্ন ।

২। কোনো এখন ঠাইৰ বতাহৰ দিখ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতিৰ নাম লিখা ।
উত্তৰ:- ১।গছৰ শুকান পাত সৰি পৰাদিশ চাই বতাহৰ দিশ নিৰ্ণয় কৰিব পাৰি ।
২। ধোঁৱা উৰুৱাই ।

৩। তোমাৰ দুটা অভিজ্ঞতা উল্লেখ কৰা য'ত বায়ুৰ চাপৰ প্ৰমাণ পোৱা গৈছিল ।( পাঠ্যপুথিত দিয়াৰ বাহিৰে)
উত্তৰ:- ১। বেলুন এটা ফুলাই গৈ থাকিলে এসময়ত বেলুনটো ফাটি যায় ।
২। বতাহৰ দিশত চাইকেল চলাবলৈ সহজ কিন্তু বতাহৰ বিপৰীত দিশত চাইকেল চলাবলৈ অসুবিধা হয় ।

৪। তুমি এটা ঘৰ কিনিব বিচাৰিছা। খিৰকী থকা কিন্তু ভেন্টিলেটাৰ নথকা ঘৰ কিনিব বিচাৰিবানে ? তোমাৰ উত্তৰৰ ব্যাখ্যা আগবঢ়োৱা ।
উত্তৰ:- নিবিচাৰোঁ ।কাৰণ গৰম বায়ু পাতল আৰু ঊৰ্ধ্বগামী হয়। যদি ঘৰটোত ভেন্টলিটাৰ নাথাকে সেই গৰম বায়ু ওলাই যাব নোৱাৰিব ।ফলত ঘৰটো গৰম হৈ থাকিব । ‌‌

৫। ওলমি থকা বেনাৰ বা হৰ্ডিঙত ফুটা ৰখাৰ কাৰণ দৰ্শোৱা ।
উত্তৰ:- ওলমি থকা বেনাৰ বা হৰ্ডিঙ বায়ুৰ চাপৰ পৰা ভাঙি যাব পাৰে । সেয়েহে ফুটা কৰা হয় ফলত ইয়াৰ মাজৰে বায়ু সৰকি যাব পাৰে । সেয়েহে ওলমি থকা বেনাৰত ফুটা ৰখাৰ হয় ।

৬। তোমাৰ গাঁও বা চহৰত ঘূৰ্ণিবতাহ আহিলে ওচৰ চুবুৰীয়াক কি দৰে সহায় কৰিবা ?
উত্তৰ:- ক। চৰকাৰী বিভাগৰ পৰা দিয়া ঘূৰ্ণীবতাহৰ
আগজাননী বিষয়ে অৱগত কৰিম ।
খ।ঘূৰ্ণীবতাহ প্ৰৱন অঞ্চলৰ বাবে আশ্ৰয়স্থলী নিৰ্মাণৰ অৱস্থা কৰিম ।

৭।ঘূৰ্ণিবতাহে সৃষ্টি কৰা অৱস্থাৰ পৰা মোকাবিলা কৰিবলৈ কেনেধৰণৰ আগতীয়া পৰিকল্পনাৰ আৱশ্যক ?
উত্তৰ:- ১।খোৱা পানী খাদ্য মজুত ৰাখিব লাগিব ।
২।প্ৰয়োজন অনুসৰি নিৰাপত্তা ঠাইলৈ যাব লাগে ।

৮। তলৰ কোনখন ঠাই ঘূৰ্ণিবতাহৰ কোপত পৰাৰ
সম্ভাৱনা নাই-
ক। চেন্নাই
খ। মাংগালুৰু(মাংগালোৰ)
গ। অমৃতসৰ
ঘ। পুৰী
উত্তৰ:- অমৃতসৰ ।

৯। তলত উল্লেখ কৰা উক্তিবোৰৰ কোনবোৰ শুদ্ধ ?
ক। শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়।
উত্তৰ:- শুদ্ধ ।

খ। গ্ৰীষ্মকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়।
উত্তৰ:- অশুদ্ধ ।

গ। এটা উচ্চচাপ অঞ্চল আৰু তাৰ চাৰিওফালে তীব্ৰ গতিৰে ঘূৰি থকা বায়ুস্ৰোতে ঘূৰ্ণি বতাহ সৃষ্টি কৰে।
উত্তৰ:- অশুদ্ধ ।

ঘ। ভাৰতৰ উপকূলবোৰ ঘূৰ্ণিবতাহ প্ৰৱণ নহয়।
উত্তৰ:- অশুদ্ধ ।

No comments:

Post a Comment