Sunday 9 August 2020

দেহৰ চলন, Lesson 8, Class 6, Science, Solutions in Assamese, SCERT

দেহৰ চলন
১। খালী ঠাই পূৰ কৰা ।
ক। হাড়ৰ সন্ধিয়ে দেহৰ ____ ত সহায় কৰে ।
উত্তৰ:- চলন ।

খ। হাড় বা অস্থি আৰু উপাস্থি একেলগে হৈ দেহৰ ___গঠন কৰে ।
উত্তৰ:- জঁকা ।

গ। কিলাকুটিৰ হাড় ___ সন্ধিৰ দ্বাৰা যোৰা লাগি আছে ।
উত্তৰ:- কব্জা ।

ঘ। ____ সংকোচনৰ বাবে হাড়ক চলনৰ সময়ত টানে ।
উত্তৰ:- পেশীয়ে ।

২। তলৰ বাক্যসমূহৰ মাজৰ পৰা সত্য আৰু অসত্য চিহ্নিত কৰা ।
ক। সকলো প্ৰাণীৰে চলাচল আৰু গমন প্ৰায় একে।
উত্তৰ:- অসত্য ।

খ। কোমলাস্থিবোৰ হাড়তকৈ টান ।
উত্তৰ:- অসত্য ।

৩। স্তম্ভ ১ৰ লগত স্তম্ভ ২ৰ এক বা অধিক কথাৰ লগল মিলোৱা ।
স্তম্ভ ১। স্তম্ভ২
ক।ঊৰ্দ্ধ হনু ১।শৰীৰত পাখি আছে
খ। মাছ ২।বহি:জঁকা আছে
গ। কামি হাড় ৩।বতাহত উৰিব পাৰে
ঘ।কুম জেলেকুৱা ৪।লৰচৰ কৰিব নোৱাৰা সন্ধি
ঙ।পঁইতাচোৰা। ৫।কলিজাক ৰক্ষণাবেক্ষণ দিয়ে
৬।ধীৰ গতিত চলন দেখায়
৭।ধাৰা অপ্ৰতিৰোধী শৰীৰ
উত্তৰ:- ক আৰু ৪ ।
খ আৰু ৭ ।
গ আৰু ৫ ।
ঘ আৰু ৬ ।
ঙ আৰু ১ ।

৪। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া ।
ক। বল আৰু চকেট সন্ধি কি?
উত্তৰ:- এডাল হাড়ৰ এটা ঘূৰণীয়া মূৰটো আন এডাল হাড়ৰগোলাকৃতিৰ গাতত সোমাই থাকে ।এনেকোৱা সন্ধিতহাড়ডাল চাৰিওফালে ঘুৰিব পাৰে। ইয়াকে বল বা চকেট সন্ধি বোলে ।

খ। লাওখোলাৰ কোনবোৰ হাড় লৰচৰ কৰে ?
উত্তৰ:- লাওখোলাৰ নিম্নহনু লৰচৰ কৰে ।

গ। আমাৰ কিলাকুটিবোৰ কিয় পিছফালে ঘূৰাব নোৱাৰোঁ ।
উত্তৰ:- কাৰণ আমাৰ কিলাকুটিত কব্জা সন্ধি থাকে।

No comments:

Post a Comment