Sunday 9 August 2020

উদ্ভিদৰ বিষয়ে জানো আহা, Lesson 7, Class 6, Science, Assamese Solutions, SCERT

উদ্ভিদৰ বিষয়ে জানো আহা
১।তলৰ বাক্যবোৰত থকা ভুল তথ্য শুদ্ধ কৰা আৰু পুনৰ তোমাৰ টোকা বহীত লিখা।

ক। কাণ্ডই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰে।
উত্তৰ:- কাণ্ডই শিপাৰ পৰা পানী পাতলৈ পৰিৱহণ কৰে আৰু পাতৰ পৰা খাদ্য উদ্ভিদজোপাৰ আন অংশবোৰলৈ যায় ।

খ। পাতে গছক থিয় কৰি ৰাখে ।
উত্তৰ:- পাতে প্ৰচ্ছেদন প্ৰক্ৰিয়াৰ জৰিয়তে পানী বাষ্প আকাৰত উলিয়াই দিয়ে ।

গ। শিপাই পাতলৈ পানী পৰিবহণ কৰে ।
উত্তৰ:- শিপাই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰি গছজোপাক মাটিত খামুচি ধৰি ৰখাত সহায় কৰে ।

ঘ। এপাহ ফুলত সদায় সমান সংখ্যক বেটুপাত আৰু পাহি থাকে ।
উত্তৰ:- এপাহ ফুলৰ অংশবোৰ হৈছে পাহি, পুংকেশৰ আৰু গৰ্ভকেশৰ ।

ঙ। যদি এটা ফুলৰ বেটুপাত সংলগ্ন তেতিয়া হ'লে পাহিবোৰো সংলগ্ন হৈ থাকে ।
উত্তৰ:- ফুলৰ ভিতৰ অংশ লক্ষ্য কৰিবৰ বাবে পাহি সংলগ্ন ফুল পাহি খাটিব লাগে ।

চ। যদি এপাহ ফুলৰ পাহিবোৰ সংলগ্ন তেতিয়াই গৰ্ভকেশৰো পাহিৰ লগত সংলগ্ন হৈ থাকে ।
উত্তৰ:- ফুলৰ একেবাৰে ভিতৰ অংশটোক গৰ্ভকেশৰ বুলি কোৱা হয় । যদি ইয়াক সম্পূৰ্ণ ৰূপে নেদেখে তেতিয়া হ'লে পুংকেশৰবোৰ আতৰাই ইয়াক দেখা পোৱা যায় ।

২। তালিকা ৭.৩ ত অধ্যয়ন কৰা অনুসৰি অংকন কৰা-
ক। এখিলা পাত
উত্তৰ:- চিত্ৰ ৭.৮ ত চোৱা ।

খ। এথোপা মুখ্যমূল
উত্তৰ:- চিত্ৰ ৭.১৭ ত চোৱা ।

গ। এপাহ ফুল
উত্তৰ:- চিত্ৰ ৭.২২ চোৱা ।

৩। তোমালোকে ঘৰত বা ঘৰৰ ওচৰে-পাজৰে দীঘল কিন্তু দুৰ্বল কান্ড থকা উদ্ভিদ দেখা পাইছানে? ইয়াৰ নাম লিখা । তোমালোকে ইয়াক কোন শ্ৰেণীত অন্তৰ্ভুক্ত কৰিবা -
উত্তৰ:- পাইছো । ইয়াৰ নাম হৈছে আকাশীলতা, ভেদাইলতা। ইয়াক মই লতাজাতীয় উদ্ভিদত ভাগ কৰিম ।

৪। উদ্ভিদৰ কাণ্ডৰ নাম কি ?
উত্তৰ:- দুইমুখীয়া ৰাস্তা ।

৫।তলৰ কোনবোৰ পাতত জাল হিৰাবিন্যাক দেখিবলৈ পোৱা যায় ।
ঘেহু, তুলসী, গোমধান,ঘাহঁ, ধুনীয়া,জৱাফুল
উত্তৰ:- তুলসী, ধনীয়া ।

৬। যদি এজোপা উদ্ভিদৰ শিপাবোৰ শুচ্ছমূলযুক্ত হয়,তেতিয়াহলে তুমি এই উদ্ভিদজোপাৰ পাতত কেনেকুৱা হিৰাবিন্যাস দেখিবলৈ পাবা ।
উত্তৰ:- ছিয়া - চিয়ীৰ নিচিনা ।

৭। যদি এজোপা উদ্ভিদৰ পাত জাল হিৰাবিন্যাখযুক্ত হয় তেতিয়া হলে ইয়াৰ শিপা কোন প্ৰকাৰৰ হব ।
উত্তৰ:- ইয়াৰ শুচ্চমূল প্ৰকাৰ হ'ব ।

৮।এখিলা কাগজত থকা পাতৰ সাঁচ চাই গছজোপাত মুখ্যমূল আছেনে গুচ্ছমূল আছে কোৱাটো তোমাৰ পক্ষে সম্ভৱপৰ হবনে ।
উত্তৰ:- নহয় । কাৰণ ইয়াক এনেদৰে চাব নোৱাৰি ।

৯। ফুলৰ বিভিন্ন অংশৰ নাম লিখা ।
উত্তৰ:-চুপহি,পুংকেশৰ,পৰাগধানী,গৰ্ভাশয়,গৰ্ভকেশৰ,পৰাগৰেণু,গৰ্ভমুন্ড ।

১০। তলত দিয়া কোনবোৰ উদ্ভিদ তোমালোকে দেখিছা ? তাৰ ভিতৰত কোনবোৰত ফুল আছে ?
ঘাহঁ,গোমধান,ঘেহু,জলকীয়া,বিলাহী,তুলসী,বট,শিশু,আঁহত,আম,জামু,মধুৰিআম,ডালিম,অমিতা,কল,নেমুটেঙা, কুঁহিয়াৰ,আলু,বাদাম ।
উত্তৰ:- ওপৰৰ উদ্ভিদবোৰৰভিতৰতমইঘাঁহ,গোমধান, জলকীয়া, বিলাহী, তুলসী,বট,আহঁত,আম,জামু, মধুৰিআম, অমিতা, কল, নেমুটেঙা, কুঁহিয়াৰ, আলু, দেখিছোঁ । ইয়াৰ ভিতৰতজলকীয়া,তুলসী,মধুৰিয়াম,
অমিতা,নেমুটেঙা, কুঁহিয়াৰ,আলুত ফুল দেখিবলৈ পোৱা যায় ।

১১। উদ্ভিদৰ কোন অংশই খাদ্য প্ৰস্তুত কৰে ?
উত্তৰ:- উদ্ভিদৰ পাতে খাদ্য প্ৰস্তুত কৰে ।

১২। ফুলৰ কোন অংশত তোমালোকে গৰ্ভাশয় দেখা পোৱা ।
উত্তৰ:- ফুলৰ একেবাৰে মাজত গৰ্ভাশয় পোৱা যায় ।

১৩। বেটুপাত সংলগ্ন আৰু পৃথককৈ থকা দুবিধ ফুলৰ নাম লিখা ।
উত্তৰ:- ধতুৰা আৰু গোলাপ।

No comments:

Post a Comment