Sunday 9 August 2020

আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ, Lesson 6, Class 6, Science, All Solutions in Assamese, SCERT

আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ
১। পানী আবদ্ধ হৈ থকা ঠাই এটুকুৰাৰ মাজেৰে খোজ কাঢ়িবলৈ তোমালোকে সাধাৰণতে তোমালোকৰ পোচাক কোচাই চুটি কৰি লোৱা এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে?
উত্তৰ:-এই পৰিৱৰ্তনক আমি বিপৰীতমুখী কৰিব পাৰিম। কাৰণ আমি পানীৰ পৰা উঠাৰ পিছত পোছাকযোৰ পুনৰ আগৰ দৰে ফিট কৰি ল'ব পাৰিম।

২। তোমালোকে হঠাতে তোমালোকৰ প্ৰিয় পুতলাটো পেলাই ভাঙিলা । এই পৰিৱৰ্তনটো তোমালোকে বিচৰা নাছিলা। এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে ?
উত্তৰ:- ভঙা পুতলাটো কেতিয়াও আগৰ অৱস্থালৈ ঘূৰাই অনা সম্ভৱ নহয। অৱশ্যে কিছুমান আঠাৰ সহায়ত যোৰা লগাব পৰা যায় যদিও ই সম্পূৰ্ণ আগৰ ৰূপ নাপায়।

৩। তলৰ তালিকাত কিছুমান পৰিৱৰ্তন দিয়া হৈছে। প্ৰতিটো পৰিৱৰ্তনৰ কাৰণে খালী স্তম্ভত পৰিৱৰ্তনটো বিপৰীতমুখী হ'ব পাৰে নে নোৱাৰে লিখা ।
উত্তৰ:-
ক্ৰমিক। পৰিৱৰ্তন বিপৰীতমুখী হ'ব পাৰে
নং ( হয়/নহয়)
১। কাঠ এটুকুৰা ফলা - নহয়
২। বৰফ এটুকুৰা গলা - হয়
৩। পানীত চেনি দ্ৰৱীভূত হোৱা - হয়
৪। খাদ্য ৰন্ধা - নহয়
৫। আম এটা পকি যোৱা - নহয়
৬। গাখীৰ দৈ হোৱা - নহয়

৪। কাগজ এখনত ছবি আঁকিলে কাগজখনৰ পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে?
উত্তৰ:- পাৰিম । কাৰণ ৰবৰ এডালে তাক মচি দি বিপৰীতমুখী কৰিব পাৰি । কিন্তু যদি আমি ৰং তুলিকা, কলম আদিৰ সহায়ত ছবি আঁকো, তাক কেতিয়াও বিপৰীতমুখী কৰিব নোৱাৰো।

৬। ভঙা হাড়ৰ বেণ্ডেজৰ ওপৰত প্লাষ্টাৰ অব পেৰিছৰ এটা ডাঠ প্ৰলেপ দিয়া হয় । ই শুকাই কঠিন হৈ পৰে আৰু ভঙা হায়ডালক লৰচৰ কৰিব নোৱাৰাকৈ ৰাখে প্লাষ্টাৰ অব পেৰিছত হোৱা পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে?
উত্তৰ:- নোৱাৰি । কাৰণ ই এক ৰাসায়নিক পৰিৱৰ্তন।

৭। বাহিৰত পৰি থকা এক বস্তা চিমেণ্ট ৰাতি বৰষুণ হোৱা বাবে তিতিলে । পিছদিনাখন ভালদৰে ৰ'দ ওলাল । তোমালোকে বাৰু ভাবানে চিমেণ্টৰ যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তন বিপৰীতমুখী কৰিব পাৰি ।
উত্তৰ:- নোৱাৰি । কাৰণ চিমেণ্ট বস্তা ভাল ভালকৈ শুকালেও চিমেণ্ট বস্তা আকৌ আগৰ দৰে ভাল হৈ নাথাকে ।

No comments:

Post a Comment