Saturday 8 August 2020

খাদ্যৰ উপাদান, Lesson 2, Class 6, Science, Assamese medium, SCERT

খাদ্যৰ উপাদান
১। আমাৰ খাদ্যৰ প্ৰধান পৰিপোষকসমূহৰ নাম উল্লেখ কৰা।
উত্তৰ:- কাৰ্বহাইড্ৰেট, স্নেহ পদাৰ্থ, প্ৰ'টিন, খনিজ লৱন, ভিটামিন,কেলছিয়াম,আহঁজাতীয় খাদ্য আৰু পানী ।

২।তলত দিয়াবোৰৰ নাম উল্লেখ কৰা ।
ক। আমাৰ শৰীৰত শক্তি যোগান ধৰা প্ৰধান পৰিপোষকসমূহ ।
উত্তৰ:- কাৰ্বহাইড্ৰেট আৰু স্নেহপদাৰ্থ ।

খ। আমাৰ শৰীৰত বৃদ্ধি আৰু ইয়াৰ পুনৰ গঠনৰ বাবে প্ৰয়োজন হোৱা পৰিপোষকসমূহ ।
উত্তৰ:- প্ৰ'টিন আৰু খনিজ লৱন ।

গ। দৃষ্টি শক্তি ভালে ৰাখিবলৈ প্ৰয়োজন হোৱা ভিটামিনবিধ ।
উত্তৰ:- A ভিটামিন ।

ঘ। হাড় সুস্থ ৰাখিবলৈ প্ৰয়োজন হোৱা খনিজ পদাৰ্থ বিধ ।
উত্তৰ:- কেলছিয়াম ।

৩। তলত দিয়া উৎপাদন সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰ দুটাকৈ নাম উল্লেখ কৰা ।
ক। স্নেহপদাৰ্থ
উত্তৰ:- ঘিউ আৰু তেল ।

খ। শ্বেতসাৰ
উত্তৰ:- ৰুটি আৰু ভাত ।

গ। আহঁজাতীয় খাদ্য
উত্তৰ:- শাক-পাচলি আৰু ফল-ফুল ।

ঘ। প্ৰ'টিন
উত্তৰ:- বুট আৰু মগু ।

৪। শুদ্ধ নে অশুদ্ধ বাছি উলিওৱা ।
ক। কেৱল ভাত খালেই আমাৰ দেহৰ পৰিপুষ্ট পুৰণ হয় ।
উত্তৰ:-অশুদ্ধ ।

খ।সুষম আহাৰে অভাৱজনিত ৰোগ বোৰক বাধা দিব পাৰে ।
উত্তৰ:- শুদ্ধ ।

গ। শৰীৰৰ বাবে লগা সুষম আহাৰত বিভিন্ন ধৰণৰ খাদ্য বস্তু থাকিব লাগে ।
উত্তৰ:- শুদ্ধ ।

ঘ। কেৱল মাংসই শৰীৰৰ বাবে লগা সকলো প্ৰয়োজনীয় পৰিপোষক যোগান ধৰিবলৈ যথেষ্ট ।
উত্তৰ:- অশুদ্ধ ।

৫। খালী ঠাই পূৰ কৰা।
ক। ভিটামিন Dৰ অভাৱত__ বেমাৰ হয় ।
উত্তৰ:- ৰিকেট ।

খ।____ৰ অভাৱত বেৰিবেৰি নামৰ এবিধ বেমাৰ হয় ।
উত্তৰ:-B ভিটামিন ।

গ। ভিটামিন Cৰ অভাৱত এটা বেমাৰ হয় যাক ___ বুলি কোৱা হয় ।
উত্তৰ:- স্কাৰ্ভি ।

ঘ। আমাৰ খাদ্যত ___ ৰ অভাৱৰ বাবে কুকুৰীকণা ৰোগ হয় ।
উত্তৰ:- A ভিটামিন ।

2 comments:

  1. ৫ নম্বৰ খ টো ভুলকে দিছে

    ReplyDelete
    Replies
    1. Noted and Corrected. Since the question is rectified, your comment shall be deleted after 24 hours.

      Delete