১। তলত দিয়া তালিকাৰ পৰা শুদ্ধ উত্তৰটো বেছি উলিওৱা আৰু খালি ঠাই পুৰ কৰা ।
উপঙি ,পানী, শস্য ,পোষক, দ্ৰব্য।
ক। একেবিধ উদ্ভিদ এখনৰ ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ____বুলি কোৱা হয় ।
উত্তৰ:- শস্য ।
খ। শস্য সিচাঁৰ আগতে মাটিৰ ডৰা___হয়।
উত্তৰ:- চহোৱা ।
গ। নষ্ট হোৱা বীজবোৰ পানীত___ থাকে।
উত্তৰ:- ওপঙি ।
ঘ।শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা ____আৰু প্ৰয়োজন ।
উত্তৰ:- পোষক দ্ৰব্য আৰু পানীৰ প্ৰয়োজন ।
২। স্তম্ভ কৰ লগত স্তম্ভ খ মিলোৱা ।
ক খ
১। খৰিফ শস্য ক। গৰুৰ খাদ্য
২। ৰবি শস্য খ। ইউৰিয়া আৰু ফছফেট
৩। ৰাসায়নিক সাৰ গ। প্ৰাণীৰবৰ্জীত দ্ৰব্য গৰুৰ গোৱৰ গো-মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য ।
৪। জৈৱিক সাৰ ঘ। ঘেঁহু,বুট,মটৰ মাহ
ঙ।ধান আৰু যৱ
উত্তৰ:-
১ আৰু ঙ ।
২ আৰু ঘ ।
৩ আৰু খ ।
৪ আৰু গ ।
৩। প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া ।
ক। খৰিফ শস্য
উত্তৰ:- ধান আৰু বাদাম।
খ। ৰবি শস্য
উত্তৰ:- ঘেঁহু আৰু বুট।
৪। তলত দিয়াসমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা ।
ক। মাটি চহোৱা
উত্তৰ:- মাটি চহোৱা শস্য উৎপাদানৰ প্ৰথম কাম।কৃষি কাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হল মাটিডৰা ঢিলা কৰা ।ঢিলা মাটিত উদ্ভিদৰ শিপা তললৈ যাব পাৰে।
খ। বীজসিঁচা
উত্তৰ:- বীজসিঁচা হ'ল শস্য উৎপাদানৰ প্ৰয়োজনীয় কাম । ভাল উৎপাদন পাবলৈ হলে বীজসমূহ উপযুক্ত গভীৰতা আৰু দূৰত্বত সিচিব লাগে ।
গ। বনবাত নিৰোৱা
উত্তৰ:- অপতৃণ আতৰোৱাকে বনাবাত নিৰোৱা বোলে ।যিহেতু অপতৃণৰো শস্যৰ পানী পোষক দ্ৰব্য আৰু পোহৰৰ আৱশ্যক হয় । সেইবাবে আপতৃণ নিৰোৱা প্ৰয়োজন ।
ঘ। মৰণা মৰা
উত্তৰ:- চপোৱা শস্যৰ বীজবোৰ আৰু গা- গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বোলে। গৰু,মহ, ট্ৰেকটৰৰ দ্বাৰা মৰণা মৰা।
৫। জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ পাৰ্থক্য কি? বৰ্ণনা কৰা।
উত্তৰ:- ১। ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয় কিন্তু জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি ।
২। ৰাসায়নিক সাৰে মাটিত হিউমাছৰ যোগান ধৰিব নোৱাৰে কিন্তু জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছৰ যোগান ধৰিব পাৰে ।
৬।জলসিঞ্চন কি? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ পদ্ধতি দুটা নিৰ্ণয় কৰা ।
উত্তৰ:- সময়ত বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানীৰ যোগান ধৰাকে জলসিঞ্চন বোলে।
পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ পদ্ধতি দুটা হ'ল -
১। পানী ছটিওৱা ব্যৱস্থা আৰু
২।পানী নিৰোৱা ব্যৱস্থা ।
৭। বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব ? আলোচনা কৰা।
উত্তৰ:- ঘেঁহু হ'ল শীতকালত কৰা ৰবি শস্য । ৰবি শস্যৰ বাবে পানীৰ আৱশ্যক কম। আনহাতে বাৰিষা কালত খাৰিফ শস্য কৰা হয়। বাৰিষাত যথেষ্ট পৰিমাণৰ বৰষুণ হয়। ঘেঁহু শস্যৰ বাবে যথেষ্ট পৰিমানৰ পানীৰ প্ৰয়োজন নহয় । পানী থকা ঠাইত ঘেঁহু খেতি কৰা নাযায় সেয়েহে বৰ্ষা ঋতুত ঘেঁহু খেতি কৰিব পৰা নাযায়।
৮। একে লেথাৰিয়ে শস্য উৎপাদন কৰিলে মাটি ডৰাত কেনে প্ৰভাৱ পৰে, বৰ্ণনা কৰা।
উত্তৰ:- মাটিয়ে উদ্ভিদক খনিজ পৰিপোষক দ্ৰৱ্যৰ যোগান ধৰে। উদ্ভিদৰ বৃদ্ধিৰ বাবে এইবোৰ পৰিপোষকৰ অতি প্ৰয়োজন একেদৰা মাটিত একে লেঠাৰিয়ে শস্যৰ উৎপাদন কৰি থাকিলে মাটি ডৰাৰ পৰিপোষক কমি যায়। ফলত শস্য উৎপাদনত বাধা জন্মে।
৯।অপতৃণ কি? সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি।
উত্তৰ:- খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিক ভাৱে অপ্ৰয়োজনীয় উদ্ভিদ গজে এই অনাৱশ্যকীয় উদ্ভিদ সমূহকে অপতৃণ বোলে।
অপতৃণ নিয়ন্ত্ৰণৰ উপায়। :
১। শস্যৰ বীজ সিচাৰ আগতে অপতৃণসমূহক উভালি পেলাব লাগে।
২। অপতৃণ নিয়ন্ত্ৰক কৰিবলৈ অপতৃণনাশক দ্ৰৱ্য ব্যৱহাৰ কৰা প্ৰয়োজন।
No comments:
Post a Comment