Sunday 27 September 2020

Class 8 || SCIENCE || Lesson 2 || অনুজীৱঃ মিত্ৰ আৰু শত্ৰু || পাঠভিত্তিক সকলো প্ৰশ্নোত্তৰ

অনুজীৱঃ মিত্ৰ আৰু শত্ৰু

 ১। খালী ঠাই পূৰ কৰা।
ক। অনুজীৱবোৰ ___ সহায়ত দেখা পোৱা যায় ।
উত্তৰ:- অনুবীক্ষণ যন্ত্ৰ ।

খ। নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপতীয়াকৈ
____ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে।
উত্তৰ:- নাইট্ৰজেন ।

গ। ____ ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয় ।
উত্তৰ:- ইষ্ট ।

ঘ। ____ ৰ দ্বাৰা কলেৰা হয়।
উত্তৰ:- বেক্টেৰিয়া ।

২।শুদ্ধ উত্তৰত ✓ চিন দিয়া ।
ক। চেনি/সুৰা/হাইড্ৰক্লৰিক এচিড/ অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়।
উত্তৰ:- সুৰা।

খ। ছডিয়াম বাই কাৰ্বনেট/ ষ্ট্ৰেপ্টমাইছিল /সুৰা ইষ্ট এবিধ এন্টিবায়টিক ।
উত্তৰ:- ষ্ট্ৰেপ্টমাইছিল ।

গ। মাইকী এনফিলিছ মহ/ পঁইতাচোৰা/ মাখি/ পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটজৱাৰ বাহক ।
উত্তৰ:- মাইকী এনফিলিছ মহ।

ঘ।পৰুৱা/ মাখি/ জিঞা/ মকৰা/ সংক্ৰামক ৰোগৰ বাহক ।
উত্তৰ:- মাখি।

ঙ। তাপ/গুড়ি কৰা/ ইষ্ট কোষৰ বৃদ্ধি/ ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লগা ওফন্দি উঠে।
উত্তৰ:- ইষ্ট কোষৰ বৃদ্ধি।

চ। শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত কৰা প্ৰক্ৰিয়াক নাইট্ৰজেন যৌগীকৰণ/ সাঁচ/ কিন্বণ/ সংক্ৰমণ বোলা হয় ।
উত্তৰ:- কিন্বণ।

৩। A অংশত থকা অনুজীৱ বোৰক B অংশৰ লগত মিলোৱা।
       A                                    B
 ক। বেক্টেৰিয়া।         ১। নাইট্ৰজেন যৌগীকৰণ
 খ। ৰাইজবিয়াম।       ২। দৈ প্ৰস্তুত কৰাত
 গ। লেক্টবেছিলাছ।    ৩। পাউৰুটি প্ৰস্তুত কৰণত
 ঘ। ইষ্ট।              ৪। মেলেৰিয়া ৰোগ সৃষ্টিত
 ঙ। প্ৰটজৱা         ৫। কলেৰা ৰোগৰ সৃষ্টিত
 চ। ভাইৰাছ।       ৬। এইডছ ৰোগ সৃষ্টিত
                           ৭। এন্ঢিবডি প্ৰস্তুত কৰাত
উত্তৰ:-
          ক আৰু ৫ ।
          খ আৰু ১ ।
          গ আৰু ২ ।
          ঘ আৰু ৩ ।
          ঙ আৰু ৪ ।
          চ আৰু ৬ ।
৪। অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায় নে? সিহতক কেনেকৈ দেখা পাব পাৰি।
উত্তৰ:- নাযায় । অনুজীৱবোৰক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়।

৫। অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি?
উত্তৰ:- বেক্টেৰিয়া, ভেঁকুৰ, প্ৰটজৱা কিছুমান শেলাই

৬। মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অনুজীৱসমূহৰ নাম লিখা।
উত্তৰ:- ৰাইজবিয়াম আৰু নীলা সেউজীয়া শেলাই ।

৭। আমাৰ জীৱনত অনুজীৱৰ উপকাৰীতাৰ ১০শাৰী লিখা ।
উত্তৰ:- আমাৰ জীৱনত অনুজীৱৰ এক উল্লেখযোগ্য ভূমিকা আছে। অণুজীৱসমূহক আমি বিভিন্ন সময়ত বিভিন্ন ধৰণত প্ৰয়োগ কৰো। আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ  হোৱা দৈ, পাউৰুটি,  কেক, আদি প্ৰস্তুত কাৰণত আমি বিভিন্ন অণুজীৱ ব্যৱহাৰ কৰো। উদাহৰণস্বৰূপে দৈ প্ৰস্ততিত লেক্টবেছিলাছ, বুলগেৰিয়াছ নামৰ অণুজীৱ পাউৰুটিত ইষ্ট নামৰ  অণুজীৱ বিধ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে জৈৱ বৰ্জিত পদাৰ্থ সমূহ বেক্টেৰিয়াৰ দ্বাৰা ব্যৱহাৰ উপযোগী ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিৱৰ্তিত কৰা হয়।

৮। অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:- অণুজীৱবোৰ বিভিন্ন ধৰণে অপকাৰী । কিছুমান অণুজীৱই মানুহ উদ্ভিদ, আৰু প্ৰাণীৰ ৰোগ সৃষ্টি কৰে। যক্ষ্মা, সৰু আই, বসন্ত, কলেৰা, মেলেৰিয়া, আদি মানুহৰ দেহত হোৱা বিভিন্ন ৰোগৰ কাৰণ কিছুমান অণুজীৱ।অণুজীৱৰ দ্বাৰা প্ৰাণীৰ দেহত ৰোগ হয়।
উদাহৰণস্বৰূপে বেক্টেৰিয়াৰ দ্বাৰা মানুহ‌ আৰু গৰু উভয়ৰে এনথ্ৰাক্স নামৰ ৰোগ হয়।

৯। এণ্টিবায়টিক কি? এণ্টিবায়টিক গ্ৰ্হণ কৰোতে কি কি সাৱধনতা অৱলম্বন কৰিব লাগে।
উত্তৰ:- যি বোৰ ৰাসায়নিক পদাৰ্থ প্ৰয়োগৰ ফলত জীৱৰ শৰীৰত এণ্টিবডি গঠন হয়। আৰু ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা গঢ়ি উঠে সেইবোৰক এণ্টিবায়টিক বোলে।
এণ্টিবায়টিক গ্ৰ্হণৰ আগতে বেমাৰৰ লক্ষণৰ ওপৰত ভিত্তি কৰি সঠিক এণ্টিবায়টিক নিৰ্বাচন কৰি ল'ব লাগে। এণ্টিবায়টিকৰ পৰিমাণ সঠিক হব লাগে।

No comments:

Post a Comment