Sunday 27 September 2020

Class 8 || SCIENCE || Lesson 3 || সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক || Questions and Answers in Assamese Medium

সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক

 ১। কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয় ?
উত্তৰ:-
কপাহ,ঊণ,পাঠ আদিৰ নিচিনা আঁহবোৰক উদ্ভিদ বা প্ৰাণীৰ পৰা পোৱা যায়। অৰ্থাৎ এনেবোৰ আঁহ বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াৰ সংশ্লেষণৰ দ্বাৰা প্ৰস্তুত কৰা হয়। যেনে- নাইলন, কয়লা, পানী। সেইবাবে কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয়।

২।শুদ্ধ উত্তৰটোত ✓ চিন দিয়া।
সাংশ্লেষিক আঁহসমূহৰ পৰা ৰেয়ন বেলেগ কিয়নো
ক। ইয়াৰ এটা ৰেচম সদৃশ ৰূপ আছে ।
খ। ইয়াক কাঠৰ - মন্ডৰ পৰা পোৱা যায়।
গ। প্ৰাকৃতিক আঁহবোৰৰ দৰে ইয়াৰ আঁহবোৰ হ'ব পাৰি ।
উত্তৰ:- ইয়াক কাঠৰ-মন্ডৰ পৰা পোৱা যায়।

৩। উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা।
ক। সাংশ্লেষিক আংহবোৰৰ ___বা___ বুলি কোৱা হয়।
উত্তৰ:- য়েন বা লাইলন।

খ। সাংশ্লেষিক আঁহবোৰক ____নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়।
উত্তৰ:- পেট্ৰকেমিকেল।

গ। সাংশ্লেষিক আঁহবোৰৰ দৰে প্লাষ্টিকো এবিধ ___ ।
উত্তৰ:- বহুযোগী।

৪। নাইলনৰ আঁহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া।
উত্তৰ:-
লাইলনৰ আঁহবোৰ মজবুত আৰু স্থিস্তি স্থাপক। নাইলনৰ আঁহেৰে শিলাৰোহন কৰাৰ বাবে পেৰাচুট আৰু ৰচী বনোৱা হয়। এডাল লাইলনৰ সূতা এডাল তীখাৰ তাৰতকৈ বেছি শক্তিশালী । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাইলনৰ উৎপাদানৰ বেছি অংশকে পেৰাচুট বনাবলৈ ব্যৱহাৰ কৰা হৈছিল ।

৫। খাদ্য জমা কৰি ৰখাত প্লাষ্টিক পাত্ৰবোৰ ব্যৱহাৰ কৰা হয় কিয় ?
উত্তৰ:-
কাৰণ পাত্ৰৰ ওজন কম,কম,দাম, মজবুত আৰু ব্যৱহাৰ কৰিবলৈ সহজ। ধাতুৰ তুলনাত পাতল হোৱাৰ বাবে সহজে লৈ ফুৰিব পাৰি ।

৬। তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য লিখা ।
উত্তৰ:-
১। তাপ নমনীয় প্লাষ্টিকবোৰক তপতাই সহজে বিকৃত কৰে । কিন্তু তাপদৃঢ় প্লাষ্টিকৰ তপতাই কোমল নহয় বিকৃত কৰিব নোৱাৰি ।
২। তাপ নমনীয় প্লাষ্টিকবোৰক পুনৰাৱৰ্তন কৰিব পাৰি। কিন্তু তাপদৃঢ় প্লাষ্টিকক বেলেগ আকাৰলৈ নিব নোৱাৰি ।

৭। তলত দিয়াবোৰক কিয় তাপদৃঢ় প্লাষ্টিকৰে বনোৱা হয় ব্যাখ্যা কৰা।
ক।ছছপেনৰ নাল
উত্তৰ:-
ছছপেনৰ নালত তাপদৃঢ় প্লাষ্টিক ব্যৱহাৰ কৰা হয়। কাৰণ তাপ পালেও তাপদৃঢ় প্লাষ্টিক নগলে। সেইবাবে জুইৰ ওপৰত ছছপেন দিলেও ইয়াৰ নালডাল গলি নাযায় ।

খ। বিদ্যুতৰ প্লাগ/চুইচ/ প্লাগবৰ্ড
উত্তৰ:-
বেকেলাইট নামৰ তাপদৃঢ় প্লাষ্টিকৰে বিদ্যুত প্লাগ বনোৱা হয় । বেকেলাইটৰতাপ আৰু বিদ্যুতৰ কু-পৰিবাহী। তাপদৃঢ় প্লাষ্টিক ব্যৱহাৰৰ ফলত চুইচ বা প্লাগবৰ্ডে তাপ পালেও এইবোৰ গলি লাগি নধৰে ।

৮।তলত দিয়া সামগ্ৰীবোৰক পুনৰাৱৰ্তন কৰিব পৰা আৰু পুনৰাৱৰ্তন কৰিব নোৱাৰা হিচাপে শ্ৰেণীভূক্ত কৰা।
উত্তৰ:-
পুনৰাৱৰ্তন কৰিব পৰা-প্লাষ্টিকৰ খেলনা,কেৰিবেগ প্লাষ্টিকৰ বাটি, প্লাষ্টিক চকী আৰু বল পইন্ট পেন্ট ।
পুনৰাৱৰ্তন কৰিব নোৱাৰা- কুকাৰৰ নাল, বৈদ্যুতিকতাৰ প্লাষ্টিকৰ আৱৰণ আৰু বৈদ্যুতিক চুইচ।

৯। ৰাণাই গ্ৰীষ্মকালত ছাৰ্ট কিনিব খুজিছে । তেওঁ কপাহী ছাৰ্ট নে সাংশ্লেষিক ছাৰ্ট কিনাটো উচিত হ'ব।কাৰণ দৰ্শাই ৰাণাক উপদেশ দিয়া ।
উত্তৰ:-
কপাহী ছাৰ্ট কিনাটো উচিত হ'ব। কাৰণ কপাহী ছাৰ্ট সাংশ্লেষিক পদাৰ্থৰ বেছি সময় গাৰ ঘাম ধৰি ৰাখিব পাৰে। তেতিয়া ছাৰ্ট ঠান্ডা হৈ থাকে।

No comments:

Post a Comment