Sunday 13 September 2020

মাটি || Class 7 || SCIENCE || Lesson 9 || SCERT || Assamese Version

মাটি
প্ৰশ্ন ১ আৰু ২ ৰ অতি উপযোগী উত্তৰত চিন দিয়া
১। শিলৰ টুকুৰাৰ ওপৰি, মাটিত থাকে ।
ক। বায়ু আৰু পানী
খ। পানী আৰু উদ্ভিদ
গ। খনিজ লৱন, জৈৱিক পদাৰ্থ, বায়ু আৰু পানী।
ঘ। পানী, বায়ু আৰু উদ্ভিদ ।
উত্তৰ:- খনিজ লৱন,জৈৱিক পদাৰ্থ, বায়ু আৰু পানী।

২। পানী ধাৰণা ক্ষমতা সৰ্বাধিক হ'ল
ক। বালীচহীয়া মাটি
খ। আলতীয়া মাটি
গ। দোমোজা মাটি
ঘ। বালি আৰু জৈৱিক সাৰ থকা মাটিৰ
উত্তৰ:- আলতীয়া মাটি ।

৩। স্তম্ভ ১ৰ লগত স্তম্ভ ২ মিলোৱা ।
স্তম্ভ স্তম্ভ২
ক।জীৱৰ বাসস্থান হল ১।ডাঙৰ কণিকা
খ। মাটিৰ উপৰিভাগ ২।সকলো প্ৰকাৰৰ মাটি
গ।বালীচহীয়া মাটি ৩।ডাঠ ৰঙৰ
ঘ।মাটিৰ মধ্য তৰপ ৪।সৰু কণিকা আৰু টানকৈ
ৰন্ধা
ঙ। আলতীয়া মাটি ৫।কম পৰিমাণৰ হিউমাছ
উত্তৰ:- ক আৰু ২।
খ আৰু ৩ ।
গ আৰু ১ ।
ঘ আৰু ৫।
ঙ আৰু ৪ ।

৪। মাটিৰ গঠন কিদৰে হয় বৰ্ণনা কৰা ।
উত্তৰ:- অতীতৰ পৰা হাজাৰ কোটি বছৰ ধৰি বতাহ, পানী আৰু জলবায়ুৰ ক্ৰিয়াৰ ফলত শিল ভাঙি চূৰ্ণ-
বিচূৰ্ণ হৈ সৰু সৰু কণিকাৰ পৰিণত হয় ইয়াৰেই মাটি বুলি কোৱা হয় ।

৫। আলতীয়া মাটি শস্যৰ বাবে কি কাৰণে উপযোগী ?
উত্তৰ:- ১। আলতীয়া মাটিয়ে যথেষ্ট পৰিমাণে পানী ধৰি ৰাখিব পাৰে ।
২। আলতীয়া মাটিত যথেষ্ট পৰিমাণে জৈৱিক পদাৰ্থ পোৱা যায় ।

৬। বালীচহীয়া মাটি আৰু বালীচহীয়া মাটিৰ মাজৰ পাৰ্থক্যবোৰৰ তালিকা এখন কৰা ।
উত্তৰ:- ১। আলতীয়া মাটিৰ কণিকাবোৰ সৰু কিন্তু
বালীচহীয়া মাটিৰ কণিকাবোৰ ডাঙৰ ।
২।আলতীয়া মাটি গধুৰ কিন্তু বালীচহীয়া মাটি আলতীয়া মাটিৰ তুলনাত পাতল ।

৭। মাটিৰ পাৰ্শ্ব-চিত্ৰ আঁকা আৰু বিভিন্ন স্তৰবোৰ চিহ্নিত কৰা ।
উত্তৰ:- চিত্ৰ ৯.৩ চোৱা ।

৮। ৰাজিয়াই পানীৰ অন্তঃস্ৰৱণ ওপৰত এটা পৰীক্ষা কৰিছিল। তাই লক্ষ্য কৰিছিল যে মাটিৰ নমুনাটোৰ মাজেৰে ২০০মি.লি. পানী অন্তঃস্ৰৱণ হ'বলৈ ৪০মিনিট সময় লাগিছিল। পানীৰ অন্তঃস্ৰৱণৰ হাৰ নিৰ্ণয় কৰা।
সমাধানঃ দিয়া আছে, পানীৰ পৰিমাণ = ২০০ মি.লি.,  সময় = ৪০ মিনিট
∴ পানীৰ অন্তঃস্ৰৱণৰ হাৰ = পানীৰ পৰিমাণ/সময়
                                    = ২০০/৪০
                                    = ৫ মি.লি./মিনিট

1 comment: