Monday 10 August 2020

জীৱ আৰু ইয়াৰ চৌপাশ, Lesson 9, Class 6, Science, All Answers Solved in Assamese Medium, SCERT

জীৱ আৰু ইয়াৰ চৌপাশ
১।আৱাসস্থলী কি ?
উত্তৰ:- জীৱবিলাকে বাস কৰা চৌপাশকে আৱাসস্থলী বা বাসস্থান বোলে।

২। মৰুভূমিত জীয়াই থাকিবলৈ কেকটাছে কেনেকৈ অভিযোজন কৰে?
উত্তৰ:- কেকটাছৰ ক্ষেত্ৰত দেখা পাতৰ আকৃতিবোৰ আচলতে উদ্ভিদ জোপাৰ পাতৰ অংশহে । ইয়াৰ দ্বাৰা কেকটাছে সালোক সংশ্লেষণ কৰে ।কান্ড অংশ মমজাতীয় ডাঠ আৱৰণেৰে ঢকা পানী ধৰি ৰখাত সহায় কৰে । মৰুভূমিত থকা আন উদ্ভিদৰ দৰে কেকটাছৰ শিপাও পানী শোষণ কৰিবলৈ মাটিৰ তললৈ সোমাই যায় ।

৩। খালী ঠাই পূৰ কৰা।
ক। যি বিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিয়ে উদ্ভিদ বা প্ৰাণীক কোনো এটা আৱাসস্থলীত বাছি থাকিবলৈ উপযুক্ত কৰি তোলে, তাক____বোলে।
উত্তৰ:- অভিযোজন ।

খ। উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আৱাসস্থলীক _____আৱাসস্থলী বোলে।
উত্তৰ:- স্থলজ ।

গ। পানীত বাস কৰা উদ্ভিদ আৰু প্ৰাণীৰ আৱাসস্থলীক___আৱাসস্থলী বোলে।
উত্তৰ:- জলজ ।

ঘ।মাটি,পানী আৰু বায়ু আৱাসস্থলীৰ_____ কাৰক ।
উত্তৰ:- অজৈৱিক ।

ঙ।চোপাশৰ পৰিৱৰ্তনৰ প্ৰতিসঁহাৰি জনোৱাটোকে __।
উত্তৰ:- উদ্দীপক ।

৪। তলৰ তালিকাত কোনবিলাক জড়?
নাঙল, কাঠফুলা,চিলাই মেচিন, ৰেডিও,নাও, পানী মেটেকা, কেঁচু।
উত্তৰ:- নাঙল,চিলাই মেচিন, ৰেডিঅ', নাও ।

৫। জীৱৰ যিকোনো দুটা বৈশিষ্ট্য দেখুওৱা এবিধ জড় পদাৰ্থৰ নাম লিখা।
উত্তৰ:- ১।জীৱক খাদ্যৰ প্ৰয়োজন হয় ।
২।জীৱই শ্বসন আৰু ৰেচন কাৰ্য কৰে ।
এবিধ জড় পদাৰ্থৰ নাম শিল।

৬। তলৰ তালিকাৰ কোনবোৰ জড় পদাৰ্থ এটা সময়ত জীৱৰ অংশ আছিল?
মাখন, চামৰা,মাটি, ঊণ, বৈদ্যুতিক বাল্ব, ৰন্ধন তেল, নিমখ, আপেল, ৰবৰ।
উত্তৰ:- মাখন, চামৰা, ঊণ, ৰন্ধন তেল, আপেল, ৰবৰ।

৭। জীৱৰ সাধাৰণ বৈশিষ্ট্যসমূহ তালিকাভুক্ত কৰা।
উত্তৰ:- জীৱৰ সাধাৰণ বৈশিষ্ট -
১। জীৱক খাদ্যৰ প্ৰয়োজন হয় ।
২।জীৱই শ্বসন আৰু ৰেচন কাৰ্য কৰে ।
৩। জীৱই প্ৰজনন কৰে ।
৪।সঞ্চালন দেখুৱাই ।
৫। জীৱৰ মৃত্যু আৰু বৃদ্ধি হয় ।

No comments:

Post a Comment