Tuesday 11 August 2020

গতি আৰু দূৰত্বৰ জোখ-মাখ, Lesson 10, Class 6, Science, Assamese Medium, SCERT

গতি আৰু দূৰত্বৰ জোখ-মাখ
১। মাটি, পানী, বায়ুত ব্যৱহাৰ কৰা পৰিৱহণ ব্যৱস্থাৰ প্ৰতিবিধৰ দুটাকৈ উদাহৰণ দিয়া।
উত্তৰ:- মাটি- ৰেলগাড়ী, বাইচাইকেল ।
পানী - নাও, জাহাজ ।
বায়ু - উৰাজাহাজ, মহাকাশযান ।

২। খালী ঠাই পূৰ কৰা ।
ক।এক মিটাৰ মানে ___ চে.মি. ।
উত্তৰ:- ১০০ চে.মি. ।

খ। পাঁচ কিলোমিটাৰ মানে ___মি.।
উত্তৰ:- ৫০০০ মি. ।

গ।দোলনাত শিশু এটাই কৰা গতিটো হৈছে___।
উত্তৰ:- পৰ্যাবৃত্ত গতি ।

ঘ। চিলাই মেচিনৰ বেজীটোৰ গতিটো হৈছে___ ।
উত্তৰ:- পৰ্যাবৃত্ত গতি ।

ঙ। বাইচাইকেল চকাৰ গতিটো হৈছে____ ।
উত্তৰ:- বৃত্তীয় গতি ।

৩। ভৰিৰ খোজ বা পদচিহ্ন এটাক কিয় দৈৰ্ঘ্যৰ জোখৰ প্ৰকাশ একক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি ?
উত্তৰ:- কাৰণ সকলো মানুহৰে ভৰিৰ খোজ বা পদচিহ্ন সমান জোখ-মাখৰ নহয়।

৪। বৰ্দ্ধিত ক্ৰমত তলৰ দৈৰ্ঘ্যবোৰ সজোৱা ।
১মিটাৰ,১চেন্টিমিটাৰ, ১কিলোমিটাৰ, ১মিলিমিটাৰ ।
উত্তৰ-: ১মিলিমিটাৰ, ১চেন্টিমিটাৰ ,১মিটাৰ, ১কিলোমিটাৰ ।

৫। এজন মানুহৰ উচ্চতা ১.৬৫ মিটাৰ । ইয়াক চেন্টিমিটাৰ আৰু মিলিমিটাৰ প্ৰকাশ কৰা ।
উত্তৰ:- মানুহৰ উচ্চতা চেন্টিমিটাৰত ১.৬৫×১০০
= ১৬৫চে.মি. ।
মানুহৰ উচ্চতা মিলিমিটাৰত ১.৬৫×১০০×১০
= ১৬৫০ মি.মি.

৬। ৰাধাৰ ঘৰ আৰু স্কুলৰ মাজৰ দূৰত্ব ৩২৫০ মিটাৰ ইয়াক কিলোমিটাৰত প্ৰকাশ কৰা ।
উত্তৰ:- ৰাধাৰ ঘৰ আৰু স্কুলৰ মাজৰ দূৰত্ব-
৩২৫০÷১০০০
= ৩.২৫ কিলোমিটাৰ ।

৭। ঊণ গুঁঠা শলা এডালৰ দৈৰ্ঘ্য জোখোতে স্কেলডালৰ এটা মূৰৰ মান ৩.০ চে.মি. আৰু আনটো মূৰৰ মান ৩৩.১ চে.মি. পোৱা গ'ল । শলাডালৰ দৈৰ্ঘ্য কিমান ।
উত্তৰ:- শলাডালৰ দৈৰ্ঘ্য (৩৩.১-৩.০)
=৩০.১ চে.মি. ।

৮। পৰ্যাবৃত্ত গতিৰ দুটা উদাহৰণ দিয়া ।
উত্তৰ:- ঘড়ীৰ পেণ্ডুলাম আৰু ঝুলনা।

2 comments:

  1. কিতাপত থকা সকলো প্ৰশ্নৰ উত্তৰ দিব লাগে

    ReplyDelete
  2. পর্যাবৃত্ত গতি কি ? এই গতিৰ চাৰিটা উদাহৰণ দিয়া ।

    ReplyDelete