Friday 7 August 2020

খাদ্যঃআমি কʼৰ পৰা পাওঁ Class 6, Science, Lesson 1, SCERT Assam



১। সকলো জীৱৰ বাবেই একেধৰণৰ খাদ্যৰ প্ৰয়োজন বুলি তুমি ভাবানে ?
উত্তৰ: নাভাবো। কাৰণ সকলো প্ৰাণীয়ে ভিন ভিন খাদ্য খায় । তদুপৰি শৰীৰৰ গঠন, পৰিৱেশৰ ওপৰত ভিত্তি কৰি প্ৰাণীৰ পৰিপুষ্টিৰ প্ৰয়োজনীয়তা ভিন ভিন।

২। আমি খোৱা ৫বিধ উদ্ভিদ আৰু সিহঁতৰ অংগবোৰৰ নাম উল্লেখ কৰা ।
উত্তৰ: ১।লাই - পাতৰ অংশ ।
২। ফুলকবি - ফুলৰ অংশ ।
৩।আলু - মূলৰ অংশ ।
৪। বিলাহী - ফলৰ অংশ ।
৫।পালেং - পাতৰ অংশ ।

৩।ক স্তম্ভ ৰ লগত খ স্তম্ভ মিলোৱা ।
ক।
১।গাখীৰ,দৈ, গাখীৰৰ জানা
২।পালেং,শাক, ফুলকবি, গাজৰ
৩।সিংহ আৰু বাঘে।
৪। তৃণভোজী প্ৰাণীয়ে।
খ। 
ক।আন প্ৰাণীয়ে খায়।
খ। উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায়।
গ। শাক-পাচলি
ঘ।প্ৰাণীজাত সামগ্ৰী

উত্তৰ: 
১ আৰু ঘ।
২ আৰু গ।
৩ আৰু ক।
৪ আৰু ক।

৪।তলত দিয়া শব্দবোৰৰ পৰা খালী ঠাই পূৰ কৰা।
তৃণভোজী, উদ্ভিদ জাত, গাখীৰ, কুঁহিয়াৰ, মাংসভোজী।
ক।বাঘ এবিধ___প্ৰাণী কাৰণ ই কেৱল মাংস খায়।
উত্তৰ:-মাংসভোজী ।
খ।হৰিণে কেৱল উদ্ভিদ জাতীয সামগ্ৰী খায় আৰু সেয়েহে ইয়াক___বুলি কোৱা হয়।
উত্তৰ:-তৃণভোজী ।
গ।ভাটৌয়ে কেৱল__ সামগ্ৰী খায়।
উত্তৰ:-উদ্ভিদজাত ।
ঘ।___ এবিধ পানীয়, যি গৰু,মহ আৰু ছাগলীৰ পৰা পোৱা এবিধ প্ৰাণীজাত সামগ্ৰী।
উত্তৰ:- গাখীৰ ।
ঘ।___ পৰা আমি চেনি পাওঁ।
উত্তৰ:-কুঁহিয়াৰ ।

No comments:

Post a Comment