Saturday 25 April 2020

প্ৰাণীৰ পৰিপুষ্টি | Class 7 | Science | Chapter 2 | Questions | Answers | Assamese medium

প্ৰাণীৰ পৰিপুষ্টি | Class 7 | Science | Chapter 2 | Questions | Answers | Assamese medium

chapter 2, nutrition iin plant, প্ৰাণীৰ পৰিপুষ্টি

প্ৰাণীৰ পৰিপুষ্টি | Questions | Answers

১. খালী ঠাই পূৰ কৰা-
(ক) মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল - খাদ্য গ্ৰহণ, পাচন, শোষণ, আত্মীকৰণ আৰু নিৰ্গমন
(খ) মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি হ'ল - যকৃৎ
(গ) পাকস্থলীয়ে হাইড্ৰ'ক্লৰিক এছিড আৰু পাচক ৰস নিসৰণ কৰে যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে ।
(ঘ) ক্ষুদ্ৰান্তৰ বেৰৰ পৰা ওলোৱা আঙুলিৰ দৰে প্ৰবন্ধবোৰক ভিলি বোলা হয়।
(ঙ) এমিবাই তাৰ খাদ্য খাদ্য ৰসধানীত পাচন ঘটায় ।



২. যদি বাক্যবোৰ শুদ্ধ হয় তেন্তে 'শু' চিন দিবা আৰু মিছা হ'লে 'অ' চিন দিবা-(ক) পেটত পাচন আৰম্ভ হয়।
উত্তৰ: মিছা ।
(খ) জিভাই লালটিৰ লগত খাদ্য মিহলি কৰাত সহায় কৰে।
উত্তৰ: সঁচা।
(গ) পিত্তাশয়ে পিত্তৰস সাময়িক ভাৱে জমা কৰি ৰাখে।
উত্তৰ: সঁচা।
(ঘ) ৰোমন্হকে (পাগুলি খোৱা জন্তুবোৰে) গিলি থোৱা ঘাঁহবোৰ উগাৰি আনে আৰু কিছুসময় পাগুলি থাকে।
উত্তৰ: সঁচা।

৩.শুদ্ধ উত্তৰটো বাছি উলিওৱা --
(ক) স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয়।
উত্তৰ: ক্ষুদ্ৰান্ত্ৰত।
(খ) পাচন নোহোৱা আহাৰৰ পৰা পানীৰ প্ৰধানকৈ শোষণ হয়।
উত্তৰ: বৃহদান্ত্ৰ।

৪. স্তম্ভ-1ৰ লগত স্তম্ভ-2 মিলোৱা।
উত্তৰ: স্তম্ভ-1 - স্তম্ভ-2
ক) কাৰ্বহাইড্ৰেট - চেনী
খ) প্ৰʼটিন - এমিন'এচিড
গ) স্নেহ পদাৰ্থ - ফেটিএছিড আৰু গ্লিচাৰল।

৫. ভিলাই কি ? সেইবোৰৰ অৱস্থিতি আৰু কাৰ্য কি  ?
উঃ ক্ষুদ্ৰান্ত্ৰৰ ভিতৰৰ বেৰত হাজাৰ হাজাৰ আঙুলি সদৃশ বাহিৰলৈ ওলোৱা অংশ থাকে এইবোৰক ভিলাই বুলি কোৱা হয়।
        ইয়াৰ ক্ষুদ্ৰান্ত্ৰৰ বেৰৰ অত্নৰ্ভাগত পোৱা যায়। ভিলাইবোৰৰ পচন আদ্যৰ শোষ্ঠৰ কালি বৃদ্ধি কৰে ভিলাইৰ পৃষ্ঠ ভাগে পাচন খাদ্য বস্তুবোৰ শোষণ কৰে   

৬. পিত্তৰস ক'ত উৎপন্ন হয় । খাদ্যৰ কোনটো উপাদানক ই হজম কৰায় ।
উঃ পিত্তৰস যকৃতত উৎপন্ন হয় । চবী বা স্নেহ পদাৰ্থ হজম কৰাত পিত্তৰসে সহায় কৰে।

৭. ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্ব- হাইড্ৰেট টোৰ নাম লিখা  । ইয়াৰ কাৰণ কি লিখা।
উঃ ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্ত মানুহে হজম কৰিব নোৱাৰা কাৰ্বহাইড্ৰেটটোৰ নাম হ'ল ছেলুলʼজ । ইয়াৰ কাৰণ হ'ল ৰোমন্থক প্ৰাণীবোৰৰ ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰৰ মাজত অণ্ধাণ্ত্ৰ বা ছিকাম নামেৰে এটা ডাঙৰ মোণা অদ্শ অংগ থাকে। ইয়াত খাদ্যৰ চেলুলজবোৰ নিদিচ্ছ

৮. আমি কিয় গ্লুক'জৰ পৰা ততালিকে শক্তি পাওঁ?
উত্তৰঃ গ্লুক'জ হৈছে সৰল চেনীৰ অণু, যি সহজতে ৰক্তকণিকাৰ সৈতে মিহলি হৈ পৰে। কিন্তু অন্য কাৰ্বহাইড্ৰেটৰ অণুবোৰ প্ৰথমতে গ্লুক'জলৈ বিভক্ত হয় তাৰ পিছতহে তেজৰ লগত মিহলি হয়। সেয়েহে গ্লুক'জৰ পৰা ততালিকে শক্তি পোৱা যায়।

৯. তলত দিয়াবোৰ খাদ্যনলীৰ কোনটো অংশৰ লগত জড়িত -
ক) খাদ্যৰ শোষণত - ক্ষুদ্ৰান্ত্ৰ
খ)  খাদ্য চোবোৱাত - মুখগহ্বৰ
গ) বেক্টেৰিয়া ধ্বংস কৰাত - পাকস্থলী
ঘ)  খাদ্য সম্পূৰ্ণ ৰূপে হজম হোৱাত - ক্ষুদ্ৰান্ত্ৰ
ঙ)  মল সৃষ্টি হোৱাত - বৃহদান্ত্ৰ

১০. এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য আৰু পাৰ্থক্য লিখা ।
উত্তৰঃ এমিবা আৰু মানুহৰ পাচন প্ৰক্ৰিয়া সম ধৰণৰ। এমিবাই পাচন ৰসৰ দ্বাৰা খাদ্যৰ জটিল অণুক সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে। একেদৰেই মানুহৰ পাকস্থলীয়ে পাচনৰস নিঃসৰণ কৰি খাদ্যক সৰল পদাৰ্থলৈ বিভক্ত কৰে।
     আনহাতে এমিবাৰ খাদ্যগ্ৰহণ আৰু বিসৰ্জন প্ৰক্ৰিয়া মানুহতকৈ পৃথক। মানুহৰ পাচন প্ৰক্ৰিয়া এমিবাতকৈ জটিল। এমিবাই অতি ক্ষুদ্ৰ অনুজীৱসমূহ অৱশোষণ কৰে, য'ত নেকি মানুহে মুখগহ্বৰৰ দ্বাৰা খাদ্য গ্ৰহণ কৰে।

১১. স্তম্ভ১ৰ বিষয় বোৰৰ লগত স্তম্ভ ২ৰ উপযুক্তবিষয় বোৰ মিলোৱা।
 স্তম্ভ ১                                                                 
ক) লালতী গ্ৰন্থী      
খ) পাকস্থলী 
গ) যকৃত 
ঘ) মলাশয়
ঙ) ক্ষুদ্ৰান্ত্ৰ   
চ) বৃহদান্ত্ৰ

স্তম্ভ ২                                                                
ক) পিত্তৰস নিঃসৰণ হয়
খ) পাচন নোহোৱা খাদ্যৰ সঞ্চয়
গ) লালটি নিঃসৰণ হয় 
ঘ)এছিদ বাহিৰ কৰে 
ঙ) পাচন সম্পূৰ্ণ হয় 
ছ) মল ত্যাগ কৰা। 
চ) পানীৰ শোষণ। 

Answer:
ক) লালতী গ্ৰন্থী - গ) লালটি নিঃ সৰণ হয়
খ) পাকস্থলী - ঘ)এছিদ বাহিৰ কৰে
গ) যকৃত - ক) পিত্তৰস নিঃসৰণ হয়
ঘ) মলাশয় - খ) পাচন নোহোৱা খাদ্যৰ সঞ্চয়
ঙ) ক্ষুদ্ৰান্ত্ৰ - ঙ) পাচন সম্পূৰ্ণ হয়
চ) বৃহদান্ত্ৰ - চ) পানীৰ শোষণ।


 সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ অন্যান্য অধ্যায়সমূহ 
উদ্ভিদৰ পৰিপুষ্টি | Science | Lesson 1 | Class 7 | Questions | Answers | Assamese Mediumchapter 2, nutrition iin plant, প্ৰাণীৰ পৰিপুষ্টি
উদ্ভিদৰ পৰিপুষ্টিপ্ৰাণীৰ পৰিপুষ্টি
aanhor pora kapurloi, আঁহৰ পৰা কাপোৰলৈতাপ | Lesson 4 | Science | Class 7 | In Assamese Medium
আঁহৰ পৰা কাপোৰলৈতাপ

2 comments: