Monday 27 September 2021

প্ৰগতিৰ সোণালী বাট || পাঠ ৬ || Assamese Solutions for Class 8 || Lesson 6 || Textual Questions & Answers

Class 8 Assamese Solutions

প্ৰগতিৰ সোণালী বাট

অষ্টম শ্ৰেণীৰ অসমীয়া সমাধান
Questions & Answers
প্ৰগতিৰ সোণালী বাট

১। পাঠটো শুদ্ধ উচ্চাৰণেৰে কেইবাবাৰো পঢ়া।
২। উত্তৰ দিয়া।
ক) হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে-লোকাৰণ্য হোৱাৰ কাৰণ কি?
উত্তৰ:-
কাৰণ হ'ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল।

খ) প্ৰদৰ্শনীখন কোনে পাতিছিল?
উত্তৰ:-
অঞ্চলটোৰ মহিলাসকলে।

গ) মানুহে ভিৰ কৰা বিপণিখনত কি প্ৰদৰ্শন কৰা হৈছিল?
উত্তৰ:-
এড়ী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল।

ঘ) অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ কি উদ্যাগ গঢ়ি তুলিছে?
উত্তৰ:-
ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে।

ঙ) স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়?
উত্তৰ:-
আত্মসহায়ক গোট বুলি জনা যায়।

চ) এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীবোৰ কি কৰা হয়?
উত্তৰ:-
সুলভ মুল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰা হয়।

ছ) ২০০১ চনটো কি বৰ্য হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ:-
আন্তৰ্জাতিক নাৰী সৱলীকৰণৰ আৰু সমমৰ্যতাৰ বৰ্য হিচাপে ঘোষণা কৰা হৈছিল।

জ) উত্তৰ-পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি?
উত্তৰ:-
বয়ন শিল্প।

ঝ) প্ৰাক-স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল?
উত্তৰ:-
মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল।

৩। চমুকৈ বৰ্ণনা কৰা।
ক) আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে?
উত্তৰ:-
আত্মসহায়ক গোটবোৰে স্থানীয় সহজ লভ্য সম্পদবিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মুল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈ যে দুখীয়া পৰিয়ালৰ মহিলাসকলক আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়ে।

খ) পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:-
প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম হ'ল গাৰ্গী আৰু মৈত্ৰেয়ী।

গ। মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল?
উত্তৰ:-
মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ খাদী উদ্যোগ আছিল।

ঘ) মহাত্মা গান্ধীয়ে কাৰ কাৰ সহায়ত সৱৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল?
উত্তৰ:-
মহাত্মা গান্ধীয়ে গংগা বেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল।

৪। তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিয়াই লিখা।
উত্তৰ:-
শব্দ
অৰ্থ
বিপনি-দোকান।
ক্ৰেতা-কিনোতা।
সুপ্ত-লুকাই থকা।
অফুৰন্ত-যাৰ শেষ নাই।
টনকিয়াল-আৰ্থিকভাৱে সৱল।
সমমৰ্যাতা-সমান অধিকাৰ।
প্ৰদৰ্শন-দেখুওৱা কাৰ্য্য।
স্বাৱলম্বী-স্বনিৰ্ভৰশীল।
গঠনাত্মক-গঠনমূলক।
পদমৰ্যাদা-বিষয়-বাবৰ গৌৰৱ।
পদক্ষেপ-ব্যৱস্থা গ্ৰহণ।
আন্তৰ্জাতিক-বহু জাতিৰ মাজত থকা।

 

৫।‘অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে'-এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল?
উত্তৰ:-
‘অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে'-এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনী বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰে।

No comments:

Post a Comment