Wednesday 29 September 2021

বস্তু বিজ্ঞান অধ্যয়ন || পাঠ ৭ || Assamese Questions & Answers of Class 8 || SCERT

Class 8 Assamese Solutions

বস্তু বিজ্ঞান অধ্যয়ন

অষ্টম শ্ৰেণীৰ অসমীয়া সমাধান
Questions & Answers
বস্তু বিজ্ঞান অধ্যয়ন || পাঠ ৭ || Assamese Questions & Answers of Class 8 || SCERT


১। উত্তৰ দিয়া।
ক) বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল?
উত্তৰ:-
জ্ঞানৰ ভঁৰাল।

খ) বিজ্ঞানৰ ফলত মানুহে কেনেধৰণৰ কাম কৰিবলৈ ধৰিছে?
উত্তৰ:-
বিজ্ঞানৰ বলত মানুহে ৰেল, জাহাজ, টেলীগ্ৰাফ, ফটোগ্ৰাফ, অনুবীক্ষণ যন্ত্ৰ আৰু নানা ৰকমৰ চিকিৎসা প্ৰণালী আদি সাজি উলিয়াব পাৰিছে।

গ) বিজ্ঞান-চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে?
উত্তৰ:-
গুপ্ত তত্ব ভেদ কৰিব পাৰে।

ঘ) উদগতি পথত কিহে বাধা দিয়ে?
উত্তৰ:-
কু-সংস্কাৰে বাধা দিয়ে।

ঙ) ধনগুলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে?
উত্তৰ:-
প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে।

চ) হাতীয়ে গা লৰালে কি হয় বুলি ভাবে?
উত্তৰ:-
ভূমিকম্প হয় বুলি ভাবে।

ছ) বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়?
উত্তৰ:-
প্ৰকৃতিত ঘটি থকা ঘটনাবোৰৰ কাৰণসমূহ জনা যায়।

২। ধনগুলৈৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা।
উত্তৰ:-
ধন গুলৈক মানুহে প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে।

৩। প্ৰতিধ্বনি কেনেকৈ হয় চমুকৈ লিখা।
উত্তৰ:-
আমি বন্ধ, ডাঙৰ, খালী কোঠা এটাত চিঞৰিলে আমি কৰা শব্দটো শুনা পিছ মুহূৰ্ত্ততে আকৌ এবাৰ আমাৰ অনুৰূপ শব্দ এটা শুনা পাওঁ এয়াই হৈছে প্ৰতিধ্বনি। আমি কৰা শব্দটো  বন্ধ কোঠাৰ বেৰৰ কঠিন অংশত খুন্দা খাই প্ৰতিফলিত হৈ আমাৰ ওচৰলৈ পুনৰ ঘৈ আহে। তেনেদৰেই প্ৰতিধ্বনিৰ সৃষ্টি হয়।

৪। কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়?
উত্তৰ:-
যিবোৰ ঘটনা আমি দেখি আচৰিত হঁও বা আনন্দিত হঁও, এই সকলোবোৰ কথাৰে প্ৰকৃতিৰ গুপ্ত তত্ব ভেদ কৰি ইয়াৰ মূল কাৰণবোৰ জানিব পাৰি কেৱল বিজ্ঞান চৰ্চাৰ যোগেদি। সেয়েহে বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়।

৫। বিজ্ঞানবিদসকলে শব্দ-তত্ত্ব নিৰূপণ কৰি কি কি আৱিষ্কাৰ কৰিছে?
উত্তৰ:-
বিজ্ঞানবিদ সকলে শব্দৰ তত্ব নিৰূপণ কৰি টেলিফোনেৰে এঠাইৰ শব্দ আন এঠাইলৈ নিব পাৰিছে, শব্দক ধৰি ৰাখি, ফনোগ্ৰাফ, গ্ৰামোফোন, ৰেডিঅ আদি আৱিষ্কাৰ কৰিব পাৰে।

৬। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
ক) বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল।
উত্তৰ:-
বিশাল বিশ্বজগতৰ যিকোনো কথা বা যিকোনো ঘটনাৰ বিষয়ে জানিবলৈ হ'লে আমি বিজ্ঞানৰ চৰ্চা কৰিব লাগিব। যেনেকৈ মানুহে পথাৰৰ শস্য আনি ভঁৰালত সঞ্চিত কৰি থয়, তেনেকৈ বিজ্ঞান শাস্ত্ৰতো সকলোবোৰ জ্ঞান সাঁচি থোৱা হয়। মাত্ৰ আমি তাক অধ্যয়ন কৰিলেই সেই জ্ঞান লাভ কৰিব পাৰো।

খ) মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল।
উত্তৰ:-
আজিৰ মানুহৰ জীৱনৰ প্ৰতিটো খোজতে বিজ্ঞানৰ এই অৱদানসমূহৰ প্ৰয়োগ অপৰিহাৰ্য। সেয়া চিকিৎসা বিভাগ, প্ৰতিৰক্ষা বিভাগ, শিক্ষা, সংস্কৃতি বিভাগ,যাতায়ত,পৰিবহণ ব্যৱস্থা, কৃষি শিল্প, দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীক ধৰি সকলোবোৰতেই বিজ্ঞানে আগবঢ়োৱা আৱিষ্কাৰ সমূহৰ প্ৰয়োগ হয়। গতিকে লেখকে কোৱাৰ দৰে সমগ্ৰ মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল।

No comments:

Post a Comment